< Rodzaju 23 >
1 A Sara dożyła stu dwudziestu siedmiu lat. [Tyle było] lat życia Sary.
১চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল।
2 Sara umarła w mieście Kiriat-Arba, czyli w Hebronie, w ziemi Kanaan. I Abraham przyszedł, aby odbyć żałobę po Sarze i opłakiwać ją.
২কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।
3 Potem Abraham wstał od swej zmarłej i powiedział do synów Cheta:
৩পাছত অব্ৰাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তান সকলক ক’লে,
4 Jestem wśród was przybyszem i przychodniem. Dajcie mi na własność grób między wami, abym pogrzebał moją zmarłą sprzed mojego oblicza.
৪“মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক মৈদাম দিব পাৰোঁ।”
5 Synowie Cheta odpowiedzieli Abrahamowi:
৫তেতিয়া হেতৰ সন্তান সকলে অব্ৰাহামক উত্তৰ দি ক’লে,
6 Słuchaj nas, mój panie: [Jesteś] księciem Boga wśród nas. Pochowaj swoją zmarłą w naszych najlepszych grobach. Nikt z nas nie odmówi ci swego grobu, abyś pochował swoją zmarłą.
৬“হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।”
7 Wtedy Abraham wstał, pokłonił się ludowi tej ziemi, czyli synom Cheta;
৭তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে।
8 I powiedział do nich: Jeśli zgadzacie się, abym pochował moją zmarłą sprzed mojego oblicza, posłuchajcie mnie i wstawcie się za mną do Efrona, syna Sochara;
৮তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা।
9 Aby mi ustąpił swą jaskinię Makpela, która znajduje się na końcu jego pola. Niech mi ją odda za odpowiednią cenę jako grób na własność wśród was.
৯পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”
10 A Efron siedział wśród synów Cheta. Odpowiedział więc Efron Chetyta Abrahamowi w obecności synów Cheta i wszystkich, którzy wchodzili w bramę jego miasta:
১০তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে,
11 Nie, panie mój, posłuchaj mnie. Daję ci to pole i jaskinię, która na nim [jest]. Daję ją tobie w obecności synów mego ludu. Pochowaj swoją zmarłą.
১১“নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”
12 Wtedy Abraham pokłonił się przed ludem tej ziemi;
১২তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে।
13 I powiedział do Efrona w obecności ludu tej ziemi: Raczej jeśli [się da], proszę, posłuchaj mnie. Dam ci pieniądze za pole, weź [je] ode mnie, a pochowam tam moją zmarłą.
১৩আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”
14 Efron odpowiedział Abrahamowi:
১৪তেতিয়া ইফ্রোণে অব্ৰাহামক উত্তৰ দি ক’লে,
15 Mój panie, posłuchaj mnie. Ta ziemia jest warta czterysta syklów srebra, ale cóż to jest między mną a tobą? Pochowaj swoją zmarłą.
১৫“হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।”
16 I Abraham wysłuchał Efrona. Odważył więc Abraham Efronowi srebro, które ten wymienił w obecności synów Cheta: czterysta syklów srebra, jakie były w obiegu u kupców.
১৬পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।
17 Tak więc pole Efrona, które [jest] w Makpelu naprzeciw Mamre, pole i jaskinia, która na nim [jest], i wszystkie drzewa, które [były] na polu i wkoło na wszystkich jego granicach, przeszły;
১৭মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে,
18 Na własność Abrahama w obecności synów Cheta i wszystkich, którzy wchodzili w bramę tego miasta.
১৮হেতৰ সন্তান সকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল।
19 Potem Abraham pochował swoją żonę Sarę w jaskini pola w Makpelu naprzeciwko Mamre, czyli Hebronie, w ziemi Kanaan.
১৯পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে।
20 I zostały oddane Abrahamowi pole i jaskinia, która [była] na nim, jako grób na własność, przez synów Cheta.
২০এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।