< Wyjścia 1 >
1 Oto imiona synów Izraela, którzy przybyli z Jakubem do Egiptu; każdy przybył ze swoją rodziną:
১যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
2 Ruben, Symeon, Lewi i Juda;
২ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
3 Issachar, Zebulon i Beniamin;
৩ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
4 Dan, Neftali, Gad i Aszer.
৪দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
5 A wszystkich dusz, które wyszły z bioder Jakuba, było siedemdziesiąt. Józef zaś [już] był w Egipcie.
৫যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
6 Potem umarli Józef, wszyscy jego bracia i całe to pokolenie.
৬তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
7 A synowie Izraela byli płodni, rozrodzili się, rozmnożyli i bardzo umacniali, a ziemia była ich pełna.
৭ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
8 Wówczas nastał nad Egiptem nowy król, który nie znał Józefa.
৮তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
9 I powiedział do swego ludu: Oto lud synów Izraela stał się liczniejszy i potężniejszy od nas.
৯তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
10 Postąpmy więc z nimi mądrze, by się nie rozmnożyli, bo gdyby przyszła wojna, mogliby przyłączyć się do naszych wrogów i walczyć przeciwko nam, i opuścić ziemię.
১০আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
11 Ustanowiono więc nad nimi nadzorców, aby ich gnębili ciężarami. I [lud Izraela] zbudował dla faraona miasta na składy: Pitom i Ramzes.
১১সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
12 Ale im bardziej ich gnębili, tym bardziej się rozmnażali i rośli, tak że zatrwożyli się z powodu synów Izraela.
১২কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
13 I Egipcjanie zmuszali synów Izraela do ciężkiej pracy.
১৩মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
14 I uprzykrzali [im] życie uciążliwą pracą przy glinie i przy cegłach, i przy każdej robocie na polu. Do wszelkiej pracy zmuszali ich bez litości.
১৪চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
15 I król Egiptu rozkazał hebrajskim położnym, z których jedna miała na imię Szifra, a druga Pua;
১৫তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
16 Powiedział: Gdy będziecie przy porodach hebrajskich [kobiet] i zobaczycie, że urodził się syn, zabijcie go, a jeśli córka, niech zostanie przy życiu.
১৬ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
17 Lecz położne bały się Boga i nie robiły tak, jak im rozkazał król Egiptu, ale pozostawiały chłopców przy życiu.
১৭কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
18 Wtedy król Egiptu wezwał położne i powiedział do nich: Dlaczego tak postąpiłyście, że pozostawiłyście chłopców przy życiu?
১৮মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
19 Położne odpowiedziały faraonowi: Hebrajskie kobiety nie [są] takie jak egipskie [kobiety]. Są bowiem żywotne, rodzą wcześniej, zanim przyjdzie do nich położna.
১৯তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
20 I Bóg dobrze czynił tym położnym, a lud się mnożył i bardzo się wzmocnił.
২০ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
21 A ponieważ położne bały się Boga, zbudował im domy.
২১ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
22 Wtedy faraon rozkazał całemu swemu ludowi: Każdego syna, który się urodzi, wrzućcie do rzeki, a każdą córkę pozostawcie przy życiu.
২২পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”