< Powtórzonego 21 >
1 Jeśli w ziemi, którą PAN, twój Bóg, daje ci w posiadanie, zostanie znaleziony zabity człowiek leżący na polu, a nie wiadomo, kto go zabił;
১আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
2 Wtedy twoi starsi i sędziowie wyjdą i zmierzą odległość do miast [leżących] dokoła zabitego.
২তেতিয়া আপোনালোকৰ মাজৰ বয়জ্যেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।
3 A starsi tego miasta, które leży najbliżej zabitego, wezmą jałówkę, której jeszcze nie użyto do pracy i która jeszcze nie ciągnęła w jarzmie;
৩যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই।
4 I zaprowadzą starsi tego miasta jałówkę do kamienistej doliny, gdzie nigdy nie uprawiano ani nie zasiewano, i tam utną kark jałówki w tej dolinie.
৪পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
5 Potem przyjdą kapłani, synowie Lewiego, gdyż ich wybrał PAN, twój Bóg, aby mu służyli i aby błogosławili w imię PANA, a według ich uznania ma być rozstrzygnięty każdy spór i każde zranienie;
৫আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
6 I wszyscy starsi tego miasta, które leży najbliżej zabitego, umyją swoje ręce nad jałówką, którą ścięto w dolinie;
৬সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
7 I oświadczą: Nasze ręce nie wylały tej krwi i nasze oczy [tego] nie widziały.
৭আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
8 PANIE, przyjmij przebłaganie za twój lud Izraela, który odkupiłeś, a nie poczytaj twemu ludowi Izraela niewinnej krwi. I będą oczyszczeni od tej krwi.
৮হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
9 W ten sposób usuniesz niewinną krew spośród siebie, gdy uczynisz to, co jest prawe w oczach PANA.
৯এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
10 Gdy też wyruszysz na wojnę przeciwko swoim wrogom i PAN, twój Bóg, wyda ich w twoje ręce, i weźmiesz z nich jeńców;
১০যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।
11 I zobaczysz wśród jeńców piękną kobietę, którą sobie upodobasz, i chciałbyś pojąć ją za żonę;
১১আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে,
12 Wtedy przyprowadzisz ją do swego domu, a ona ogoli swoją głowę i obetnie sobie paznokcie;
১২তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
13 I złoży z siebie szatę, w której została pojmana, zostanie w twoim domu i będzie opłakiwać swego ojca i matkę przez cały miesiąc. Potem będziesz z nią obcował i będziesz jej mężem, a ona będzie twoją żoną.
১৩বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।
14 A jeśli nie będzie ci się podobać, wtedy pozwolisz jej odejść, dokąd zechce; żadną miarą nie sprzedasz jej za pieniądze i nie będziesz nią kupczyć, gdyż ją poniżyłeś.
১৪পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।
15 Gdyby mężczyzna miał dwie żony, jedną kochaną, a drugą znienawidzoną, i one urodzą mu synów – kochana i znienawidzona – a pierworodny będzie synem znienawidzonej;
১৫যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
16 To gdy będzie przydzielał dobra swoim synom w dziedzictwo, nie będzie mógł ustanowić pierworodnym syna kochanej przed pierworodnym synem znienawidzonej;
১৬তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
17 Ale za pierworodnego uzna syna znienawidzonej, dając mu podwójną część wszystkiego, co ma, gdyż on [jest] początkiem jego siły, jemu przysługuje prawo pierworództwa.
১৭কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
18 Jeśli ktoś ma syna upartego i krnąbrnego, który nie słucha ani głosu swojego ojca, ani głosu swojej matki, a choć go karcą, nie słucha ich;
১৮কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;
19 Wtedy jego ojciec i matka wezmą go i przyprowadzą do starszych swego miasta i do bramy jego miejscowości;
১৯সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
20 I powiedzą do starszych miasta: Ten nasz syn jest uparty i krnąbrny, nie słucha naszego głosu, [jest] żarłokiem i pijakiem;
২০নগৰৰ বয়জ্যেষ্ঠ লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”
21 Wtedy wszyscy mężczyźni tego miasta ukamienują go na śmierć; w ten sposób usuniesz zło spośród siebie, a cały Izrael usłyszy o tym i będzie się bać.
২১তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
22 A jeśli ktoś popełni grzech zasługujący na śmierć i poniesie śmierć, a powiesisz go na drzewie;
২২পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;
23 Jego trup nie pozostanie na drzewie przez noc, lecz musisz go pochować tego samego dnia, bo ten, kto wisi, [jest] przeklęty przez Boga. Nie będziesz plugawił twojej ziemi, którą PAN, twój Bóg, daje ci w dziedzictwo.
২৩কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।