< Powtórzonego 2 >
1 Potem zawróciliśmy i wyruszyliśmy na pustynię, drogą w kierunku Morza Czerwonego, tak jak mi PAN powiedział, i przez wiele dni krążyliśmy dokoła góry Seir.
১যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
2 I PAN powiedział do mnie:
২তাৰ পাছত যিহোৱাই মোক কৈছিল,
3 Dosyć krążyliście dokoła tej góry. Skierujcie się na północ;
৩“তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা।
4 I rozkaż ludowi: Będziecie przechodzić przez granicę waszych braci, synów Ezawa, którzy mieszkają w Seirze. Oni będą się was bać, lecz wy strzeżcie się bardzo.
৪তুমি লোকসকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
5 Nie prowokujcie ich, gdyż nie dam wam ich ziemi nawet na szerokość stopy, bo Ezawowi dałem w posiadanie górę Seir.
৫তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।
6 Żywność będziecie kupowali od nich za pieniądze, abyście mieli co jeść; także wodę od nich będziecie kupować za pieniądze, abyście mieli co pić.
৬তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা।
7 Gdyż PAN, twój Bóg, błogosławił cię w każdym dziele twoich rąk i znał twoją drogę na tej wielkiej pustyni. Już przez czterdzieści lat PAN, twój Bóg, był z tobą, a niczego ci nie brakowało.
৭কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
8 Ominęliśmy więc naszych braci, synów Ezawa, mieszkających w Seirze, drogą równinną od Elat i od Esjon-Geber, po czym skręciliśmy i udaliśmy się w stronę pustyni Moabu.
৮সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
9 I PAN powiedział do mnie: Nie napadaj na Moabitów ani nie rozniecaj z nimi wojny, bo nie dam ci ich ziemi w posiadanie; Ar bowiem dałem w posiadanie synom Lota.
৯তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
10 Poprzednio mieszkali w niej Emici, lud potężny, liczny i wysoki jak Anakici;
১০পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
11 Uważano ich też za olbrzymów jak Anakitów, lecz Moabici nazywają ich Emitami.
১১অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়।
12 Przedtem w Seirze mieszkali również Choryci, ale synowie Ezawa wypędzili ich i wyniszczyli przed sobą, po czym zamieszkali na ich miejscu, jak uczynił Izrael w ziemi swego posiadania, którą dał im PAN.
১২চেয়ীৰতো পূর্বে হোৰীয়াসকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰসকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।
13 Wstańcie więc i przeprawcie się przez potok Zered. I przeprawiliśmy się przez potok Zered.
১৩পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ।
14 A czas, który upłynął od naszego wyjścia z Kadesz-Barnea aż do przeprawienia się przez potok Zered, wynosił trzydzieści osiem lat, aż wyginęło z obozu całe pokolenie wojowników, tak jak im to PAN poprzysiągł.
১৪কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
15 Ręka PANA bowiem zaciążyła nad nimi, aby wyniszczyć ich z obozu, aż wyginęli.
১৫ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
16 A gdy wszyscy wojownicy spośród ludu wyginęli i umarli;
১৬সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ’ল।
17 PAN przemówił do mnie:
১৭যিহোৱাই মোক কৈছিল,
18 Dziś przejdziesz przez Ar, granicę Moabu;
১৮“আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে।
19 I zbliżysz się do synów Ammona; nie napadaj na nich i nie rozniecaj z nimi wojny, bo nie dam ci w posiadanie ziemi synów Ammona, dałem ją bowiem w posiadanie synom Lota.
১৯তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
20 (Także i tę ziemię uważano za ziemię olbrzymów. Olbrzymi mieszkali w niej wcześniej, a Ammonici nazywają ich Zamzummitami;
২০সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়।
21 Lud potężny, liczny i wysoki jak Anakici; lecz PAN wygubił ich przed nimi, a [Ammonici] ich wypędzili i zamieszkali na ich miejscu;
২১এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।
22 Podobnie jak uczynił synom Ezawa mieszkającym w Seirze, przed którymi wytracił Chorytów; i wypędzili ich, i zamieszkali na ich miejscu aż do dziś.
২২যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোকসকলৰ সন্মুখৰ পৰা হোৰীয়াসকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।
23 Także Awwitów, którzy mieszkali w Chazerim aż do Gazy, wytracili Kaftoryci, którzy wyszli z Kaftor, i zamieszkali na ich miejscu).
২৩কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
24 Wstańcie więc, wyruszcie i przeprawcie się przez rzekę Arnon. Oto daję w twoje ręce Sichona, króla Cheszbonu, Amorytę, oraz jego ziemię. Zacznij ją zajmować i rozpocznij z nim wojnę.
২৪তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
25 Od dziś zacznę wzbudzać strach i lęk przed tobą wśród narodów, które są pod całym niebem; kiedy usłyszą wieść o tobie, będą drżeć i będą się ciebie lękać.
২৫আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
26 Wysłałem więc posłańców z pustyni Kedemot do Sichona, króla Cheszbonu, ze słowami pokoju:
২৬সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ,
27 Pozwól mi przejść przez twoją ziemię. Pójdę tylko drogą, nie zboczę ani na prawo, ani na lewo.
২৭“আপোনাৰ দেশৰ মাজেদি মোক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনোফালে নুঘূৰিম।
28 Sprzedasz mi za pieniądze żywność, abym mógł się pożywić; wody także za pieniądze mi dasz, abym pił. Tylko przejdę pieszo;
২৮আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক।
29 Jak mi to uczynili synowie Ezawa, którzy mieszkają w Seirze, i Moabici, którzy mieszkają w Ar, aż się przeprawię przez Jordan, do ziemi, którą daje nam PAN, nasz Bóg.
২৯চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”
30 Lecz Sichon, król Cheszbonu, nie pozwolił nam przejść przez swoją [ziemię], gdyż PAN, twój Bóg, zatwardził jego ducha i uczynił jego serce uparte, aby go wydać w twoje ręce, jak to dzisiaj widzisz.
৩০কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
31 Wtedy PAN powiedział do mnie: Oto zacząłem już wydawać ci Sichona i jego ziemię. Zacznij ją zajmować, abyś odziedziczył jego ziemię.
৩১পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।”
32 Wtedy Sichon wyruszył przeciwko nam, on i cały jego lud, aby zmierzyć się z nami w bitwie w Jahaz;
৩২তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।
33 Lecz PAN, nasz Bóg, wydał go nam i pobiliśmy go, jego synów i cały jego lud.
৩৩আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্রসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
34 I zdobyliśmy w tym czasie wszystkie jego miasta, i zniszczyliśmy doszczętnie we wszystkich miastach mężczyzn, kobiety i dzieci; nie pozostawiliśmy [spośród nich] nikogo.
৩৪সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
35 Tylko bydło zagarnęliśmy dla siebie i łupy z miast, które zdobyliśmy.
৩৫কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
36 Od Aroeru, leżącego nad brzegiem rzeki Arnon, i od miasta położonego w dolinie aż do Gileadu nie było miasta nie do zdobycia; wszystkie wydał nam PAN, nasz Bóg.
৩৬অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
37 Tylko do ziemi synów Ammona nie zbliżyłeś się, do żadnego miejsca na brzegu rzeki Jabbok ani do miast w górach, ani do żadnych miejsc, których PAN, nasz Bóg, nam zabronił.
৩৭কেৱল অম্মোনৰ বংশধৰসকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ আপোনালোক যোৱা নাই।