< II Kronik 18 >
1 I Jehoszafat miał wiele bogactwa i wielką sławę, i spokrewnił się z Achabem.
১সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে।
2 Po [kilku] latach przybył do Achaba do Samarii. I Achab zabił dla niego i dla ludu, który z nim [był], wiele owiec i wołów i namówił go, aby wyruszył do Ramot-Gilead.
২কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে।
3 Achab, król Izraela, zapytał Jehoszafata, króla Judy: Czy wyruszysz ze mną do Ramot-Gilead? A on mu odpowiedział: Ja tak, jak i ty; mój lud, jak i twój lud, [będziemy] z tobą na wojnie.
৩ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।”
4 Jehoszafat powiedział jeszcze do króla Izraela: Zapytaj dziś, proszę, o słowo PANA.
৪যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
5 Zebrał więc król Izraela czterystu proroków i zapytał ich: Czy mamy wyruszyć na wojnę do Ramot-Gilead, czy mam [tego] zaniechać? A oni odpowiedzieli: Wyrusz, bo Bóg wyda [je] w ręce króla.
৫তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
6 Ale Jehoszafat zapytał: Czy nie ma tu jeszcze [jakiegoś] proroka PANA, abyśmy mogli go zapytać?
৬কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?”
7 Król Izraela odpowiedział Jehoszafatowi: [Jest] jeszcze jeden człowiek, przez którego moglibyśmy radzić się PANA, ale ja go nienawidzę, bo nie prorokuje mi nic dobrego, tylko zawsze to, co złe. Jest to Micheasz, syn Jimli. Jehoszafat powiedział: Niech król tak nie mówi.
৭তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”
8 Wtedy król Izraela zawołał pewnego dworzanina i polecił [mu]: Przyprowadź tu szybko Micheasza, syna Jimli.
৮তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক বেগাই আনাগৈ।”
9 Tymczasem król Izraela i Jehoszafat, król Judy, siedzieli na swoich tronach ubrani w [królewskie] szaty na placu przed wejściem do Samarii, u jej bramy, a przed nimi prorokowali wszyscy prorocy.
৯সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ যিহোচাফট ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
10 A Sedekiasz, syn Kenaany, sporządził sobie rogi żelazne i powiedział: Tak mówi PAN: Nimi będziesz bódł Syryjczyków, aż ich wytępisz.
১০কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”
11 Tak samo prorokowali wszyscy prorocy, mówiąc: Wyrusz do Ramot-Gilead, a poszczęści ci się. PAN bowiem wyda je w ręce króla.
১১তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”
12 Wtedy posłaniec, który poszedł, aby przywołać Micheasza, powiedział do niego: Oto słowa proroków jednomyślnie wypowiadają królowi to, co dobre. Niech twoje słowo, proszę, będzie jak słowo jednego z nich i mów [to, co] dobre.
১২পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”।
13 Micheasz odpowiedział: Jak żyje PAN, będę mówił to, co Bóg mi rozkaże.
১৩তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”
14 A gdy przyszedł do króla, król powiedział do niego: Micheaszu, czy mamy wyruszyć na wojnę przeciw Ramot-Gilead, czy tego zaniechać? Odpowiedział: Wyruszcie, a poszczęści się wam, i będą oddani w wasze ręce.
১৪যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল তেতিয়া ৰজাই তেওঁক সুধিলে, “হে মীখায়া, আমি যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাম নে? নে মই ক্ষান্ত হ’ম?” তাতে তেওঁ ক’লে, “যাওঁক, আৰু আপোনালোক জয়ী হওঁক! তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ’ব।”
15 I król powiedział do niego: Ile razy mam cię zaprzysięgać, abyś mi nie mówił nic innego, [jak tylko] prawdę w imieniu PANA?
১৫তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
16 Powiedział więc: Widziałem całego Izraela rozproszonego po górach jak owce niemające pasterza. A PAN powiedział: Oni nie mają pana. Niech każdy wraca do swego domu w pokoju.
১৬তেতিয়া তেওঁ ক’লে, “মই গোটেই ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘তেওঁলোকৰ গৰাকী নাই৷ প্ৰতি জনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওঁক’।”
17 Wtedy król Izraela powiedział do Jehoszafata: Czyż nie mówiłem ci, że nie będzie mi prorokować nic dobrego, tylko to, co złe?
১৭তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?”
18 Tamten powiedział: Słuchaj więc słowa PANA: Widziałem PANA siedzącego na swoim tronie, a wszystkie zastępy niebieskie stojące po jego prawicy i lewicy.
১৮তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
19 I PAN zapytał: Kto zwiedzie Achaba, króla Izraela, aby wyruszył do Ramot-Gilead i poległ [tam]? I jeden mówił tak, a drugi inaczej.
১৯তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে।
20 Wtedy wystąpił duch, stanął przed PANEM i powiedział: Ja go zwiodę. PAN zapytał go: Jak?
২০তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’
21 Odpowiedział: Wyjdę i będę duchem kłamliwym w ustach wszystkich jego proroków. [PAN] powiedział: Zwiedziesz [go], na pewno ci się uda: Idź i uczyń tak.
২১তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
22 Teraz więc oto PAN włożył ducha kłamliwego w usta tych twoich proroków, gdyż PAN zapowiedział ci nieszczęście.
২২এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।
23 Podbiegł wtedy Sedekiasz, syn Kenaany, i uderzył Micheasza w policzek, mówiąc: Którędy odszedł ode mnie Duch PANA, aby mówić z tobą?
২৩তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”
24 Micheasz odpowiedział: Oto ty sam zobaczysz tego dnia, kiedy wejdziesz do najskrytszej komnaty, aby się ukryć.
২৪তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।”
25 Król Izraela powiedział: Weźcie Micheasza i zaprowadźcie go do Amona, namiestnika miasta, i do Joasza, syna królewskiego;
২৫পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷
26 I powiecie: Tak mówi król: Wtrąćcie tego [człowieka do] więzienia i żywcie go chlebem utrapienia i wodą ucisku, aż wrócę w pokoju.
২৬আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷”
27 Ale Micheasz odpowiedział: Jeśli rzeczywiście wrócisz w pokoju, [to] PAN nie mówił przeze mnie. I dodał: Słuchajcie wszyscy ludzie.
২৭মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
28 Tak więc król Izraela i Jehoszafat, król Judy, wyruszyli do Ramot-Gilead.
২৮তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।
29 I król Izraela powiedział do Jehoszafata: Przebiorę się i pójdę na bitwę, ty zaś ubierz się w swoje szaty. Następnie król Izraela przebrał się i poszli na bitwę.
২৯ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত যাম কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ বস্ত্ৰ পিন্ধি থাকক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই অন্য বেশ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ’ল।
30 A król Syrii rozkazał swoim dowódcom rydwanów: Nie walczcie ani z małym, ani z wielkim, tylko z samym królem Izraela.
৩০কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷
31 A gdy dowódcy rydwanów zobaczyli Jehoszafata, powiedzieli: To jest król Izraela. I otoczyli go, aby [z nim] walczyć. Ale Jehoszafat zawołał i PAN go wspomógł. I Bóg odwrócił ich od niego.
৩১এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
32 Kiedy dowódcy rydwanów zobaczyli bowiem, że nie był to król Izraela, odwrócili się od niego.
৩২তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদি যাবলৈ এৰিলে।
33 A [pewien] mężczyzna na ślepo naciągnął łuk i ugodził króla Izraela między spojenia pancerza. A ten powiedział [swojemu] woźnicy: Zawróć i wywieź mnie z pola bitwy, bo jestem ranny.
৩৩কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো।
34 I bitwa wzmogła się tego dnia, a król Izraela stał w rydwanie naprzeciw Syryjczykom aż do wieczora. I umarł, gdy zachodziło słońce.
৩৪সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।