< Rzymian 15 >
1 A tak powinniśmy znosić, my, którzyśmy mocni, mdłości słabych, a nie podobać się samym sobie.
১কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
2 Przetoż każdy z nas niech się bliźniemu podoba ku dobremu dla zbudowania;
২আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।
3 Ponieważ i Chrystus nie podobał się samemu sobie, ale jako napisano: Urągania urągających tobie przypadły na mię.
৩কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল;
4 Bo cokolwiek przedtem napisano, ku naszej nauce napisano, abyśmy przez cierpliwość i przez pociechę Pism nadzieję mieli.
৪কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
5 A Bóg cierpliwości i pociechy niech wam da, abyście byli jednomyślni między sobą według Chrystusa Jezusa.
৫এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;
6 Abyście jednomyślnie jednemi usty wysławiali Boga, Ojca Pana naszego Jezusa Chrystusa.
৬এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
7 Przetoż przyjmujcie jedni drugich, jako i Chrystus przyjął nas do chwały Bożej.
৭এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক।
8 Bo powiadam, iż Jezus Chrystus był sługą obrzezki dla prawdy Bożej, aby potwierdził obietnice ojcom uczynione,
৮কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।
9 A poganie żeby za miłosierdzie chwalili Boga, jako napisano: Dlatego będę cię wysławiał między pogany i imieniowi twemu śpiewać będę.
৯আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, “এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
10 I zasię mówi: Weselcie się poganie z ludem jego.
১০আকৌ কৈছে, “হে অনা-ইহুদী সকল, তেওঁলোকৰ সৈতে আনন্দ কৰা।”
11 I zasię: Chwalcie Pana wszyscy poganie, a wysławiajcie go wszyscy ludzie.
১১আকৌ, “প্ৰভুৰ প্ৰশংসা কৰা, হে সকলো অনা-ইহুদী আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰক।”
12 I zasię Izajasz mówi: Będzie korzeń Jessego, a który powstanie, aby panował nad pogany, w nim poganie nadzieję pokładać będą.
১২আকৌ যিচয়ায়ো কৈছে, “যিচয়ৰ পৰা এনে এটি গজালি ওলাব, যি জনে অনা-ইহুদী সকলৰ ওপৰত শাসন কৰিবলৈ উঠিব, আৰু তেওঁত অনা-ইহুদী লোক সকলে ভাৰসা কৰিব।”
13 A Bóg nadziei niech was napełni wszelką radością i pokojem w wierze, abyście obfitowali w nadziei przez moc Ducha Świętego.
১৩এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
14 A pewienem, bracia moi! i ja sam o was, że jesteście i wy sami pełni dobroci, napełnieni wszelką znajomością, i możecie jedni drugich napominać.
১৪হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে।
15 A pisałem do was, bracia! poniekąd śmielej, jakoby was napominając przez łaskę, która mi jest dana od Boga.
১৫কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷
16 Na to, abym był sługą Jezusa Chrystusa między pogany, świętobliwie pracując w Ewangielii Bożej, aby ofiara pogan stała się przyjemna, poświęcona przez Ducha Świętego.
১৬অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
17 Mam się tedy czem chlubić w Chrystusie Jezusie, w rzeczach Bożych.
১৭এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে।
18 Albowiem nie śmiałbym mówić tego, czego by nie sprawował Chrystus przez mię w przywodzeniu ku posłuszeństwu pogan, przez słowo i przez uczynek,
১৮কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷
19 Przez moc znamion i cudów, przez moc Ducha Bożego, tak iżem od Jeruzalemu i okolicznych krain aż do Iliryku napełnił Ewangieliją Chrystusową;
১৯তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
20 A to tak usiłując kazać Ewangieliję, gdzie i mianowany nie był Chrystus, abym na cudzym fundamencie nie budował.
২০এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ৷
21 Ale jako napisano: Którym nie powiadano o nim, oglądają; a którzy o nim nie słyszeli, zrozumieją.
২১যেনেকৈ লিখা আছে, বোলে, “যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব, আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷”
22 Dlaczegom też często miewał przeszkody, żem do was przyjść nie mógł.
২২এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ;
23 Lecz teraz nie mam więcej miejsca w tych samych krainach, a mając chęć przyjść do was od wielu lat.
২৩কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷
24 Kiedykolwiek pójdę do Hiszpanii, przyjdę do was: bo się spodziewam, że tamtędy idąc ujrzę was, a że wy mię tam poprowadzicie, kiedy się pierwej z wami troszeczkę ucieszę.
২৪যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷
25 A teraz idę do Jeruzalemu, usługując świętym.
২৫কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ।
26 Albowiem się upodobało Macedonii i Achai, nieco spólnie złożyć na ubogich świętych, którzy są w Jeruzalemie.
২৬কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে।
27 Owa podobało się im i są ich dłużnikami; bo ponieważ dóbr ich duchownych poganie się uczestnikami stali, powinni im też są cielesnemi usługiwać.
২৭হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-ইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেনেহলে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ’ল।
28 Przetoż gdy to wykonam, a onym jako zapieczętowany ten pożytek oddam, pójdę przez was do Hiszpanii;
২৮এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম।
29 A wiem, iż gdy przyjdę do was, z hojnem błogosławieństwem Ewangielii Chrystusowej przyjdę.
২৯আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
30 A proszę was, bracia! przez Pana naszego Jezusa Chrystusa i przez miłość Ducha, abyście wespół ze mną pracowali w modlitwach za mię do Boga,
৩০হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;
31 Abym był wybawiony od tych, którzy są niewiernymi w ziemi Judzkiej, a iżby usługa moja, którą wykonywam przeciw Jeruzalemowi, przyjemna była świętym;
৩১যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷
32 Abym z radością przyszedł do was za wolą Bożą i z wami się wespół ucieszył.
৩২আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷
33 A Bóg pokoju niech będzie z wami wszystkimi. Amen.
৩৩শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।