< Psalmów 124 >
1 Pieśń stopni Dawidowa. Gdyby był Pan z nami nie był, ( powiedz teraz Izraelu!)
১ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
2 Gdyby był Pan z nami nie był, gdy ludzie powstawali przeciwko nam:
২শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
3 Tedyćby nas byli żywo pożarli w rozpaleniu gniewu swego przeciwko nam;
৩তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
4 Tedyćby nas były wody zabrały a strumień porwałby był duszę naszę;
৪তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;
5 Tedyćby były porwały duszę naszę one wody gwałtowne.
৫ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।
6 Błogosławiony Pan, który nas nie podał na łup zębom ich.
৬ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে।
7 Dusza nasza jako ptaszek uszła z sidła ptaszników; sidło się potargało, a myśmy uszli.
৭আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।
8 Wspomożenie nasze w imieniu Pańskiem, który stworzył niebo i ziemię.
৮যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।