< Przysłów 26 >
1 Jako śnieg w lecie, i jako deszcz we żniwa; tak głupiemu nie przystoi chwała.
১গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়।
2 Jako się ptak tam i sam tuła, i jako jaskółka lata: tak przeklęstwo niezasłużone nie przyjdzie.
২যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।
3 Bicz na konia, ogłów na osła, a kij potrzebny jest na grzbiet głupiego.
৩ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।
4 Nie odpowiadaj głupiemu według głupstwa jego, abyś mu i ty nie był podobny.
৪অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; নহ’লে তুমি তেওঁৰ দৰেই হ’বা।
5 Odpowiedz głupiemu według głupstwa jego, aby się sobie nie zdał być mądrym.
৫অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।
6 Jakoby nogi obciął, tak się bezprawia dopuszcza, kto się głupiemu poselstwa powierza.
৬যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।
7 Jako nierówne są golenie u chromego: tak jest powieść w ustach głupich.
৭জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।
8 Jako kiedy kto przywiązuje kamień drogi do procy: tak czyni ten, który uczciwość głupiemu wyrządza.
৮ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে।
9 Jako ciernie, gdy się dostaną w rękę pijanego: tak przypowieść jest w ustach głupich.
৯মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।
10 Wielki Pan stworzył wszystko, a daje zapłatę głupiemu, daje także zapłatę przestępcom.
১০ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে।
11 Jako pies wraca się do zwrócenia swego: tak głupi powtarza głupstwo swoje.
১১কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।
12 Ujrzyszli człowieka, co się sobie zda być mądrym, nadzieja o głupim lepsza jest, niżeli o nim.
১২নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
13 Leniwy mówi: lew na drodze, lew na ulicach.
১৩এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।”
14 Jako się drzwi obracają na zawiasach swoich: tak leniwiec na łóżku swojem.
১৪দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।
15 Leniwiec rękę kryje do zanadrzy swych, a ciężko mu jej podnosić do ust swoich.
১৫এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।
16 Leniwiec zda się sobie być mędrszym, niżeli siedm odpowiadających z rozsądkiem.
১৬সাত জন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।
17 Jakoby też psa za uszy łapał, kto się mimo idąc w cudzą zwadę wdaje.
১৭কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।
18 Jako szalony wypuszcza iskry i strzały śmiertelne:
১৮জ্বলন্ত কাঁড় মৰা জন যেনে,
19 Tak jest każdy, który podchodzi przyjaciela swego, a mówi: Azam ja nie żartował?
১৯নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?”
20 Gdy niestaje drew, gaśnie ogień; tak gdy nie będzie klatecznika, ucichnie zwada.
২০যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়।
21 Jako węgiel martwy służy do rozniecenia, i drwa do ognia; tak człowiek swarliwy do rozniecenia zwady.
২১জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে।
22 Słowa obmówcy są jako słowa zranionych; a wszakże przenikają do wnętrzności żywota.
২২পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।
23 Wargi nieprzyjacielskie i serce złe są jako srebrna piana, którą polewają naczynie gliniane.
২৩জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।
24 Ten, co kogo nienawidzi, za inszego się udaje wargami swemi; ale w sercu swojem myśli o zdradzie.
২৪যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;
25 Gdyć się ochotnym mową swą ukazuje, nie wierz mu: bo siedmioraka obrzydliwość jest w sercu jego.
২৫তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
26 Nienawiść zdradliwie bywa pokryta; ale odkryta bywa złość jej w zgromadzeniu.
২৬যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।
27 Kto drugiemu dół kopie, wpada weń; a kto kamień toczy, na niego się obraca.
২৭যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।
28 Człowiek języka kłamliwego ma utrapienie w nienawiści, a usta łagodne przywodzą do upadku.
২৮মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।