< Przysłów 17 >
1 Lepszy jest kęs suchego chleba a w pokoju, niżeli pełen dom nabitego bydła ze swarem.
১বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল।
2 Sługa roztropny będzie panował nad synem, który jest ku hańbie; a między braćmi będzie dzielił dziedzictwo.
২এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব।
3 Tygiel srebra a piec złota doświadcza; ale Pan serc dośwadcza.
৩ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
4 Zły pilnuje warg złośliwych, a kłamca słucha języka przewrotnego.
৪যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।
5 Kto się naśmiewa z ubogiego, uwłacza stworzycielowi jego; a kto się raduje z upadku czyjego, nie ujdzie pomsty.
৫দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।
6 Korona starców są synowie synów ich, a ozdoba synów są ojcowie ich.
৬বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ।
7 Nie przystoi mowa poważna głupiemu, dopieroż księciu usta kłamliwe.
৭বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়; তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঁঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়।
8 Jako kamień drogi, tak bywa dar wdzięczny temu, który go bierze; do czegokolwiek zmierzy, zdarzy mu się.
৮দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়।
9 Kto pokrywa przestępstwo, szuka łaski; ale kto wznawia rzeczy, rozłącza przyjaciół.
৯যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
10 Więcej waży gromienie u roztropnego, niżeli sto plag u głupiego.
১০যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে, সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়।
11 Uporny tylko złego szuka, dla tego poseł okrutny będzie nań zesłany.
১১দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব।
12 Lepiej jest człowiekowi spotkać się z niedźwiedzicą osierociałą, niżeli z głupim w głupstwie jego.
১২নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।
13 Kto oddaje złem za dobre, nie wynijdzie złe z domu jego.
১৩যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
14 Kto zaczyna zwadę, jest jako ten, co przekopuje wodę; przetoż niż się zwada rozsili, zaniechaj go.
১৪বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।
15 Kto usprawiedliwia niezbożnego, a winnym czyni sprawiedliwego, oba jednako są obrzydliwością Panu.
১৫যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।
16 Cóż po dostatku w ręku głupiego, ponieważ do nabycia mądrości rozumu nie ma?
১৬যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
17 Wszelkiego czasu miłuje przyjaciel, a w ucisku stawia się jako brat.
১৭বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
18 Człowiek głupi daje rękę, czyniąc rękojemstwo przed twarzą przyjaciela swego.
১৮জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়।
19 Kto miłuje zwadę, miłuje grzech; a kto wynosi usta swe, szuka upadku.
১৯যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে।
20 Przewrotny w sercu nie znajduje dobrego; a kto jest przewrotnego języka, wpadnie we złe.
২০কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছা কথা কয়, তেওঁ বিপদত পৰে।
21 Kto spłodził głupiego, na smutek swój spłodził go, ani się rozweseli ojciec niemądrego.
২১যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে।
22 Serce wesołe oczerstwia jako lekarstwo; ale duch sfrasowany wysusza kości.
২২আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
23 Niezbożny potajemnie dar bierze, aby podwrócił ścieszki sądu.
২৩ন্যায়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।
24 Na twarzy roztropnego znać mądrość; ale oczy głupiego aż na kraju ziemi.
২৪যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
25 Syn głupi żałością jest ojcu swemu, a gorzkością rodzicielce swojej.
২৫অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।
26 Zaiste nie dobra, winować sprawiedliwego, albo żeby przełożeni kogo dla cnoty bić mieli.
২৬ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়।
27 Kto zawściąga mowy swe, jest umiejętnym; drogiego ducha jest mąż rozumny.
২৭জ্ঞানী লোকে ক’ম কথা কয়; আৰু ধীৰ মনৰ লোক বিবেচক।
28 Gdy głupi milczy, za mądrego poczytany bywa; a który zatula wargi swoje, za rozumnego.
২৮এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়।