< Liczb 12 >
1 Tedy mówiła Maryja i Aaron przeciw Mojżeszowi dla żony Murzyńskiej, którą pojął; bo żonę murzynkę był pojął;
১মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
2 I mówili: Izali tylko przez Mojżesza mówił Pan? azaż też nie mówił przez nas? a to usłyszał Pan.
২তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে।
3 A Mojżesz był mąż najpokorniejszy ze wszystkich ludzi, którzy mieszkali na ziemi.
৩পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।
4 A natychmiast rzekł Pan do Mojżesza, i do Aarona, i do Maryi: Wynijdźcie was troje przed namiot zgromadzenia; i wyszli samo troje.
৪পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
5 Zatem zstąpił Pan w słupie obłokowym, i stanął we drzwiach namiotu, i zawołał Aarona i Maryi, i przyszli oboje.
৫তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
6 I rzekł do nich: Słuchajcie teraz słów moich: Jeźli między wami będzie prorok, Ja Pan w widzeniu ukażę mu się we śnie będę mówił z nim;
৬যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
7 Ale nie taki jest sługa mój Mojżesz, który we wszystkim domu moim najwierniejszy jest.
৭মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
8 Usty do ust mawiam z nim: nie w widzeniu, ani w zagadaniu, ani w podobieństwach Pana widywa; czemużeście się nie bali, mówić przeciw słudze memu Mojżeszowi?
৮তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
9 A tak zapalił się gniewem przeciwko nim Pan, i odszedł.
৯তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
10 Obłok także odstąpił od namiotu, a oto, Maryja otrędowaciała, zbielawszy jako śnieg; a wejrzawszy Aaron na Maryję, ujrzał trędowatą.
১০পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
11 Potem rzekł Aaron do Mojżesza: Proszę panie mój, nie kładź teraz na nas grzechu tego, żeśmy głupio uczynili, a żeśmy zgrzeszyli.
১১তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
12 Niech proszę nie będzie jako martwy płód, który gdy wychodzi z żywota matki swej, połowa ciała jego zepsowana bywa.
১২মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
13 Tedy zawołał Mojżesz do Pana mówiąc: Boże, proszę uzdrów ją teraz.
১৩তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
14 I odpowiedział Pan Mojżeszowi: Gdyby ojciec jej plunął na twarz jej, azażby nie miała się wstydać przez siedem dni? niech będzie wyłączona przez siedem dni z obozu, a potem przyjęta będzie.
১৪পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
15 I wyłączona była Maryja z obozu przez siedem dni; a lud się nie ruszył, aż była Maryja przyjęta.
১৫তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।
16 Potem ruszył się lud z Haserotu, a położyli się obozem na puszczy Faran.
১৬পাছত লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।