< Mateusza 15 >
1 Tedy przystąpili do Jezusa z Jeruzalemu nauczeni w Piśmie i Faryzeuszowie, mówiąc:
১সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
2 Czemu uczniowie twoi przestępują ustawę starszych? albowiem nie umywają rąk swych, gdy mają jeść chleb.
২“আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
3 A on odpowiadając, rzekł im: Czemuż i wy przestępujecie przykazanie Boże dla ustawy waszej?
৩যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
4 Albowiem Bóg przykazał, mówiąc: Czcij ojca twego i matkę; i kto by złorzeczył ojcu albo matce, śmiercią niechaj umrze.
৪কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
5 Ale wy powiadacie: Kto by rzekł ojcu albo matce: Dar, którykolwiek jest ode mnie, tobie pożyteczny będzie; a nie uczciłby ojca swego albo matki swojej, bez winy będzie.
৫কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
6 I wzruszyliście przykazania Boże dla ustawy waszej.
৬তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
7 Obłudnicy! dobrze o was prorokował Izajasz, mówiąc:
৭আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
8 Lud ten przybliża się do mnie usty swemi, i wargami czci mię; ale serce ich daleko jest ode mnie.
৮“এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
9 Lecz próżno mię czczą, nauczając nauk, które są przykazania ludzkie.
৯তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
10 A zawoławszy do siebie ludu, rzekł im: Słuchajcie, a rozumiejcie.
১০তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
11 Nie to, co wchodzi w usta, pokala człowieka; ale co wychodzi z ust, to pokala człowieka.
১১মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
12 Tedy przystąpiwszy uczniowie jego, rzekli mu: Wiesz, iż Faryzeuszowie, usłyszawszy tę mowę, zgorszyli się?
১২তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
13 A on odpowiadając rzekł: Wszelki szczep, którego nie szczepił Ojciec mój niebieski, wykorzeniony będzie.
১৩যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
14 Zaniechajcie ich; ślepi są wodzowie ślepych, a ślepy jeźliby ślepego prowadził, obadwa w dół wpadną.
১৪তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
15 A odpowiadając Piotr, rzekł mu: Wyłóż nam to podobieństwo.
১৫তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
16 I rzekł Jezus: Jeszczeż i wy bezrozumni jesteście?
১৬তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
17 Jeszczeż nie rozumiecie, iż wszystko, co wchodzi w usta, w brzuch idzie, i do wychodu bywa wyrzucono?
১৭তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
18 Ale co z ust pochodzi, z serca wychodzi, a toć pokala człowieka.
১৮কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
19 Albowiem z serca wychodzą złe myśli, mężobójstwa, cudzołóstwa, wszeteczeństwa, złodziejstwa, fałszywe świadectwa, bluźnierstwa.
১৯কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
20 Toć jest, co pokala człowieka: ale jeść nieumytemi rękoma, toć nie pokala człowieka.
২০এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
21 A wyszedłszy Jezus stamtąd, ustąpił w strony Tyru i Sydonu.
২১তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
22 A oto niewiasta Chananejska z onych granic wyszedłszy, wołała, mówiąc do niego: Zmiłuj się nade mną Panie, synu Dawidowy! córka moja ciężko bywa od dyjabła dręczona.
২২সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
23 A on jej nie odpowiedział i słowa. Tedy przystąpiwszy uczniowie jego, prosili go, mówiąc: Odpraw ją, boć woła za nami.
২৩কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
24 A on odpowiadając rzekł: Nie jestem posłany, tylko do owiec, które zginęły z domu Izraelskiego.
২৪কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।”
25 Lecz ona przystąpiwszy, pokłoniła mu się, mówiąc: Panie, ratuj mię!
২৫তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
26 A on odpowiadając rzekł: Niedobra jest brać chleb dziecinny, a miotać szczeniętom.
২৬কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
27 A ona rzekła: Tak jest, Panie! a wszakże i szczenięta jedzą odrobiny, które padają z stołu panów ich.
২৭তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
28 Tedy odpowiadając Jezus rzekł jej: O niewiasto! wielka jest wiara twoja; niechaj ci się stanie, jako chcesz. I uzdrowiona jest córka jej od onejże godziny.
২৮তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
29 A Jezus poszedłszy stamtąd, przyszedł nad morze Galilejskie, a wstąpiwszy na górę, siedział tam.
২৯তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
30 I przyszedł do niego wielki lud, mając z sobą chrome, ślepe, nieme, ułomne i inszych wiele, i kładli je u nóg Jezusowych, i uzdrawiał je,
৩০তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
31 Tak iż się on lud dziwował, widząc, że niemi mówią, ułomni uzdrowieni są, chromi chodzą, a ślepi widzą; i wielbili Boga Izraelskiego.
৩১তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
32 Lecz Jezus zwoławszy uczniów swoich, rzekł: Żal mi tego ludu; albowiem już trzy dni przy mnie trwają, a nie mają, co by jedli, a nie chcę ich rozpuścić głodnych, by snać nie pomdleli na drodze.
৩২পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
33 Tedy mu rzekli uczniowie jego: Skądże byśmy wzięli tak wiele chleba na tej puszczy, abyśmy tak wielki lud nasycili?
৩৩তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
34 I rzekł im Jezus: Wieleż macie chlebów? A oni rzekli: Siedm, i trochę rybek.
৩৪যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
35 Tedy rozkazał ludowi, aby siedli na ziemi.
৩৫তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
36 A wziąwszy one siedm chlebów i one ryby, uczyniwszy dzięki, łamał i dał uczniom swoim, a uczniowie ludowi.
৩৬তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
37 I jedli wszyscy i nasyceni są, i zebrali, co zbyło ułomków, siedm koszów pełnych.
৩৭তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
38 A było tych, którzy jedli, cztery tysiące mężów, oprócz niewiast i dziatek.
৩৮যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
39 Tedy rozpuściwszy lud, wstąpił w łódź, i przyszedł na granice Magdalańskie.
৩৯তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।