< Hioba 42 >
1 Tedy odpowiedział Ijob Panu, i rzekł:
১তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
2 Wiem, że wszystko możesz, i nie może być zahamowany zamysł twój.
২“মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
3 Któż jest ten, pytasz, który zaciemnia radę Bożą nieumiejętnie? Dlatego przyznaję, żem nie zrozumiał; dziwniejsze są te rzeczy, niżbym je mógł pojąć i zrozumieć.
৩তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
4 Wysłuchajże, proszę, gdybym mówił; a gdy się będę pytał, oznajmijże mi.
৪মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
5 Przedtem tylko ucho słyszało o tobie; ale teraz oko moje widzi cię.
৫পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
6 Przetoż żałuję i pokutuję w prochu i w popiele.
৬এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
7 A gdy odmówił Pan te słowa do Ijoba, rzekł Pan do Elifasa Tamańczyka: Rozpalił się gniew mój przeciw tobie, i przeciw dwom przyjaciołom twoim, żeście o mnie nie mówili tak przystojnie, jako Ijob, sługa mój.
৭যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
8 Przetoż teraz, weźmijcie sobie siedm cielców, i siedm baranów, a idźcie do sługi mego Ijoba, i ofiarujcie całopalenie za się; a Ijob, sługa mój, niech się modli za wami; bo oblicze jego przyjmę, abym nie uczynił z wami według głupstwa waszego; boście nie mówili tak przystojnie o mnie, jako Ijob, sługa mój.
৮এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
9 A tak odeszli Elifas Temańczyk, i Bildad Suhitczyk, i Sofar Naanatczyk, i uczynili, jako im rozkazał Pan; i przyjął Pan oblicze Ijobowe.
৯তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
10 Zatem Pan przywrócił to, co było pobrane Ijobowi, gdy się modlił za przyjaciół swoich; i rozmnożył Pan wszystko, cokolwiek miał Ijob, w dwójnasób.
১০যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
11 Zeszli się tedy do niego wszyscy bracia jego, i wszystki siostry jego, i inni wszyscy, którzy go przedtem znali, i jedli z nim chleb w domu jego, a żałując go cieszyli go z strony wszystkiego złego, które był Pan nań przywiódł; i dał mu każdy z nich upominek jeden, i każdy nausznicę złotą jedne.
১১পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
12 A tak Pan błogosławił ostatnim czasom Ijobowym, więcej niż początkom jego. Bo miał czternaście tysięcy owiec, i sześć tysięcy wielbłądów, i tysiąc jarzm wołów, i tysiąc oślic.
১২এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।
13 Miał też siedm synów, i trzy córki.
১৩তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।
14 I dał imię pierwszej Jemina, a imię drugiej Kietzyja, a imię trzeciej Kierenhappuch.
১৪তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
15 A nie znajdowały się niewiasty tak piękne, jako córki Ijobowe, we wszystkiej onej ziemi; i dał im ojciec ich dziedzictwo między braćmi ich.
১৫ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।
16 Potem Ijob żył sto i czterdzieści lat, i oglądał synów swych, i synów synów swoich, aż do czwartego pokolenia.
১৬ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।
17 A umarł Ijob, będąc starym i dni sytym.
১৭এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।