< Hioba 4 >
1 Tedy odpowiedział Elifas Temańczyk, i rzekł:
১তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
2 Jeźli będziemy mówili z tobą, nie będzie ci to przykro? Ale któż się może od mówienia zatrzymać?
২কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
3 Otoś ich wiele uczył, i ręceś mdłe potwierdzał.
৩চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
4 Upadającego wspierały mowy twoje, a kolana zemdlone posilałeś.
৪তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
5 A teraz, gdy to na cię przyszło, niecierpliwie znosisz, a iż cię dotknęło, trwożysz sobą.
৫কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6 Azaż pobożność twoja nie była ufnością twoją, a uprzejmość spraw twoich oczekiwaniem twojem?
৬ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7 Wspomnij proszę, kto kiedy niewinny zginął? albo gdzieby ludzie szczerzy zniszczeli?
৭ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
8 Jakom widał, że ci, którzy orali złość, i rozsiewali przewrotność, toż też zasię żęli.
৮মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9 Bo tchnieniem Bożem giną, a od ducha gniewu jego niszczeją.
৯ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
10 Ryk lwi, i głos lwicy, i zęby lwiąt wytrącają.
১০সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11 Lew ginie, iż nie ma łupu, i szczenięta lwie rozproszone bywają.
১১আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
12 Nadto doszło mię słowo potajemnie, i pojęło ucho moje cokolwiek z niego.
১২এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
13 W rozmyślaniu widzenia nocnego, gdy przypada twardy sen na ludzi,
১৩ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
14 Zdjął mię strach i lękanie, które wszystkie kości moje przestraszyło.
১৪তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15 A duch szedł przed twarzą moją, tak, iż włosy wstały na ciele mojem.
১৫যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16 Stanął, a nie znałem twarzy jego, kształt tylko jakiś był przed oczyma memi; uciszyłem się, i słyszałem głos mówiący:
১৬সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17 Izali człowiek może być sprawiedliwszy niżeli Bóg; albo mąż czystszy niż Stworzyciel jego?
১৭“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
18 Oto w sługach jego niemasz doskonałości, a w Aniołach swoich znalazł niedostatek;
১৮চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
19 Daleko więcej w tych, co mieszkają w domach glinianych, których grunt jest na prochu, i starci bywają snadniej niżeli mól.
১৯তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
20 Od poranku aż do wieczora bywają starci; a iż tego nie uważają, na wieki zginą.
২০প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
21 Azaż zacność ich nie pomija z nimi? umierają, ale nie w mądrości.
২১সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”