< Jeremiasza 23 >

1 Biada pasterzom gubiącym i rozpraszającym trzodę pastwiska mego! mówi Pan.
“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
2 Przetoż tak mówi Pan, Bóg Izraelski, do pasterzy, którzy pasą lud mój: Wy rozpraszacie owce moje, owszem, rozganiacie je, a nie nawiedzacie ich; oto Ja nawiedzę was dla złości spraw waszych, mówi Pan.
এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
3 A ostatek owiec moich Ja zgromadzę ze wszystkich ziem, do którychem je rozegnał, i przywrócę je do obór ich, gdzie się rozpłodzą i rozmnożą.
আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
4 Nadto posanowię nad niemi pasterzy, którzyby je paśli, aby się więcej nie lękały, ani strachały, i żeby ich nie ubywało, mówi Pan.
যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
5 Oto idą dni, mówi Pan, których wzbudzę Dawidowi latorośl sprawiedliwą, i będzie królował król, a poszczęści mu się; sąd zaiste i sprawiedliwość będzie czynił na ziemi.
যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
6 Za dni jego Juda zbawiony będzie, a Izrael bezpiecznie mieszkać będzie; a toć jest imię jego, którem go zwać będą: Pan sprawiedliwość nasza.
তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
7 Przetoż oto przychodzą dni, mówi Pan, których nie rzeką więcej: Jako żyje Pan, który wywiódł synów Izraelskich z ziemi Egipskiej.
এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
8 Ale: Jako żyje Pan, który wywiódł, i który sprowadził nasienie domu Izraelskiego z ziemi północnej i ze wszystkich ziem, do którychem ich był rozegnał; gdyż będą mieszkać w ziemi swoiej.
কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
9 Dla proroków skruszyło się serce moje we mnie, poruszyły się wszystkie kości moje, stałem się jako człowiek pijany, a jako mąż, po którym się rozeszło wino, dla Pana i dla słów świętobliwości jego.
ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
10 Bo ta ziemia pełna jest cudzołożników, a dla krzywoprzysięstwa płacze ta ziemia, pastwiska na puszczy poschły; zaiste zły jest bieg ich, a moc ich nieprawa.
১০কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
11 Bo i prorok i kapłan są obłudnikami, a domu moim znajduje się złość ich, mówi Pan.
১১কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
12 Przetoż im będzie droga ich jako ślizgawica w ciemności, na którą wepchnieni będą i upadną, gdy przywiodę na nich biedę czasu nawiedzenia ich, mówi Pan.
১২এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
13 Także przy prorokach Samaryjskich widziałem głupstwo, prorokowali przez Baale, i zwodzili lud mój Izraelski.
১৩মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
14 Ale przy prorokach Jeruzalemskich widzę rzecz brzydką, że cudzołożąc i kłamliwie się obchodząc utwierdzają też ręce złośników, aby się nie nawracali żaden od złości swojej; stali się wszyscy przedemną jako Sodoma, a obywatele jego jako Gomora.
১৪মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
15 Dlategoż tak mówi Pan zastępów o tych prorokach: Oto Ja nakarmię ich piołunem, a napoję ich wodą gorzką; bo od proroków Jeruzalemskich wyszło splugawienie na tę wszystkę ziemię.
১৫এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
16 Tak mówi Pan zastępów: Nie słuchajcie słów tych proroków, którzy wam prorokują, i zwodzą was, widzenie serca swego opowiadają, a nie z ust Pańskich;
১৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
17 Ustawicznie mówią tym, którzy mną gardzą: Pan mówił, pokój mieć będziecie; i każdemu chodzącemu według uporu serca swego, mówią: Nie przyjdzie na was nic złego.
১৭মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
18 Bo któż stanął w radzie Pańskiej, a widział i słyszał słowo jego? kto pilnował słowa jego, i słuchał go?
১৮কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
19 Oto wicher Pański z zapalczywością wyjdzie, a wicher trwały nad głową niepobożnych zostanie;
১৯সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
20 Nie odwróci się gniew Pański, aż uczyni i wykona myśli serca swego; w ostateczne dni to doskonale zrozumiecie.
২০যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
21 Nie posyłałem tych proroków, a wszakże bieżeli; nie mówiłem do nich, a wszakże oni prorokowali,
২১মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
22 Bo gdyby byli stali w radzie mojej, tedyby byli ogłaszali słowa moje ludowi memu, a byliby ich odwracali od drogi ich złej, i od złości spraw ich.
২২কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
23 Izalim Ja tylko Bogiem z bliska? mówi Pan, a nie jestem Bogiem i z daleka?
২৩যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
24 Izali się kto skryje w skrytości, abym go Ja nie widział? mówi Pan. Izali Ja nieba i ziemi nie napełniam? mówi Pan.
২৪যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
25 Słyszęć Ja, co mówią prorocy, którzy prorokują, kłamstwo w imieniu mojem, mówiąc: Śniło mi się, śniło mi się!
২৫‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
26 Długoż tego będzie? Izali w sercu tych proroków, którzy prorokują, niemasz kłamstwa? owszem, są prorokami zdrady serca swego;
২৬মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
27 Którzy myślą, jakoby z pamięci wywieść ludowi mojemu imię moje snami swemi, które powiadają każdy bliźniemu swemu, jako zapomnieli ojcowie ich na imię moje dla Baala.
২৭তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
28 Prorok, który ma sen, niech powiada sen: ale który ma słowo moje, niech mówi słowo moje w prawdzie. Cóż plewie do pszenicy? mówi Pan.
২৮সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
29 Izali słowo moje nie jest jako ogień? mówi Pan, i jako młot kruszący skałę?
২৯যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
30 Przetoż oto Ja powstaję przeciwko tym prorokom, mówi Pan, którzy kradną słowa moje, każdy przed bliźnim swoim.
৩০এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
31 Oto Ja powstaję przeciwko tym prorokom, mówi Pan, którzy używają języka swego, aby mówili: Mówi Pan.
৩১যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
32 Oto Ja powstaję, mówi Pan, przeciwko tym, którzy prorokują sny kłamliwe, a opowiadając je zwodzą lud mój kłamstwami swemi i plotkami swemi, chociażem Ja ich nie posłał, anim im rozkazał; skąd zgoła nic nie pomagają ludowi twemu, mówi Pan.
৩২যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
33 Przetoż gdyby się ciebie pytał lud ten, albo prorok, albo kapłan, mówiąc: Cóż jest za brzemię Pańskie? Tedy rzeczesz do nich które brzemię. To: Opuszczę was, mówi Pan.
৩৩“আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
34 Bo proroka i kapłana tego, i lud ten, któryby rzekł: Toć jest brzemię Pańskie, pewnie nawiedzę męża tego i dom jego.
৩৪যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
35 Ale tak mówcie każdy do bliźniego swego, i każdy do brata swego: Cóż odpowiedział Pan? albo: Cóż mówił Pan?
৩৫তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
36 A brzmienia Pańskiego nie wspominajcie więcej; bo brzmieniem będzie każdemu słowo jego, gdyżeście wy wywrócili słowa Boga żywego, Pana zastępów, Boga naszego.
৩৬“যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
37 Tak tedy rzeczesz do proroka: Cóż ci odpowiedział Pan? albo: Co mówił Pan?
৩৭তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
38 Ale ponieważ mówicie: Brzemię Pańskie, tedy tak mówi Pan: Ponieważ mówicie to słowo: Brzemię Pańskie, chociażem do was posyłał, mówiąc: Nie mówcie: Brzemię Pańskie;
৩৮কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
39 Przetoż oto i Ja was zapomnę do końca, i odrzucę was i to miasto, którem wam dał i ojcom waszym, od oblicza mego;
৩৯আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
40 I podam was na urąganie wieczne, i na hańbę wieczną, która nigdy nie przyjdzie w zapamiętanie.
৪০আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”

< Jeremiasza 23 >