< Izajasza 10 >
1 Biada tym, którzy stanowią prawa niesprawiedliwe! i pisarzom, którzy ucisk na innych spisują!
১অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
2 Aby odpychali ubogiego od sądu, a wydzierali sprawiedliwość ubogich ludu mego; aby wdowy były korzyścią ich, a sierotki łupem ich.
২তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
3 Cóż uczynicie w dzień nawiedzenia, i spustoszenia, które z daleka przyjdzie? do kogoż się ucieczecie o wspomożenie? a gdzie zostawicie sławę waszę?
৩বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
4 Aby się nie miała między więźniami uniżyć, i między pobitymi upaść. A wszakże w tem wszystkiem nie odwróci się zapalczywość jego; ale jeszcze ręką jego będzie wyciągniona.
৪একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
5 Biada Assurowi, rózdze gniewu mego! chociaż kij rozgniewania mego jest w ręku jego.
৫অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
6 Na naród obłudny poślę go, a o ludu zapalczywości mojej przykażę mu, aby brał łup i wydzierał korzyści a położył go na podeptanie, jako błoto na ulicach.
৬মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
7 Lecz on nie tak będzie mniemał, i serce jego nie tak będzie myślało, ponieważ w sercu swem ułożył, aby wytracił i wykorzenił niemało narodów.
৭কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
8 Albowiem rzecze: Izali książęta moi nie są też i królmi?
৮কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
9 Izali Chalmo nie jest jako Karchemis? Izali Arfat nie jest jako Emat? Izali Samaryja nie jest jako Damaszek?
৯কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
10 Jako ręka moja znalazła królestwa bałwańskie, chociaż bałwany ich większe były, niż w Jeruzalemie i w Samaryi.
১০যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
11 Izali Jeruzalemowi i bałwanom jego tak nie uczynię, jakom uczynił Samaryi i bałwanom jej?
১১যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
12 I stanie się, gdy Pan wykona wszystkę sprawę swoję na górze Syońskiej i w Jeruzalemie, że nawiedzę owoc wyniosłego serca króla Assyryjskiego, i pychę wysokich oczów jego;
১২যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
13 Bo rzecze: W mocy ręki mojej uczyniłem to, i w mądrości mojej; bom był mądry, i odjąłem granice narodów, a skarby ich zabrałem, i wytraciłem obywateli jako mocarz.
১৩কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
14 Owszem ręka moja znalazła majętność narodów jako gniazdo; a jako zbierają jajka, które są opuszczone, takiem ja wszystkę ziemię zebrał, a nie był ktoby skrzydłem ruszył, albo otworzył usta, i coby mruczał.
১৪মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
15 Izali się będzie przechwalała siekiera przeciw temu, który nią rąbie? Izali się będzie wynosiła piła przeciw temu, który nią trze? jakożby się wynosiła rózga przeciw temu, który ją podniósł? jakożby się przechwalał kij, że nie jest drewnem?
১৫কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
16 Przetoż Pan, Pan zastępów, pośle na tłustych jego suchoty, a pod sławą jego z prędka się zapali, jako gwałtowny ogień;
১৬এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17 Bo Światłość Izraelowa będzie ogniem, a Święty jego płomieniem, który spali i pożre ciernie jego i oset jego dnia jednego.
১৭যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18 Także wspaniałość lasu jego i urodzajnych pól jego, od duszy aż do ciała zniszczy, i stanie się jako chorąży od strachu uciekający.
১৮যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
19 A pozostałych drzew lasu jego mała liczba będzie, tak, że je i dziecię będzie popisać mogło.
১৯তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20 I stanie się dnia onego, że ostatki Izraelskie, i ci, którzy zostali z domu Jakóbowego, nie będą więcej spolegać na tym, co ich bije; ale prawdziwie spolegać będą na Panu, Świętym Izraelskim.
২০সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21 Ostatek nawróci się, ostatek Jakóbowy do Boga mocnego.
২১যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22 Bo choćby lud twój, o Izraelu! był jako piasek morski, ostatek tylko z niego nawróci się. Wytracenie naznaczone sprawi, że ziemia będzie opływała sprawiedliwością.
২২কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
23 Wytracenie mówię naznaczone uczyni Pan, Pan zastępów, w pośrodku tej wszystkiej ziemi.
২৩কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
24 Przetoż tak mówi Pan, Pan zastępów: Nie bój się Assyryjczyka, ludu mój! który mieszkasz w Syonie; rózgą ubije cię, a laskę swą podniesie na cię, jako na drodze Egipskiej.
২৪এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
25 Albowiem po maluczkim czasie skończy się gniew mój przeciwko tobie, a na wygładzenie ich zapalczywość moja powstanie.
২৫তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
26 Gdyż bicz nań wzbudzi Pan zastępów, jako porażkę Madyjańczyków na skale Horeb; a jako podniósł rózgę swoję na morze na drodze Egipskiej tak ją nań podniesie.
২৬ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
27 A dnia onego zdjęte będzie brzemię jego z ramienia twego, i jarzmo jego z szyi twojej; owszem, skażone będzie jarzmo od przytomności pomazanego.
২৭সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
28 Przyciągnie do Ajat, przejdzie przez Migron, w Machmas złoży oręż swój.
২৮শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
29 Przejdą bród, w Gieba jako w gospodzie nocować będą; ulęknie się Rama, Gabaa Saulowe uciecze.
২৯তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
30 Podnieś głos twój, córko Gallim! niech słyszą w Lais, o ubogie Anatot!
৩০হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
31 Ustąpi Madmena; obywatele Gabim zbiorą się do uciekania.
৩১মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
32 Jeszcze przez dzień zastanowiwszy się w Nobie, pogrozi ręką swą górze córki Syońskiej, i pagórkowi Jeruzalemskiemu.
৩২এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
33 Oto Pan, Pan zastępów, okrzesze wszystkę siłę latorośli, a te, którzy są wysokiego wzrostu, podetnie; i będą wysocy poniżeni.
৩৩চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
34 Gęstwiny także lasów siekiera wytnie, a Liban od wielmożnego upadnie.
৩৪যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।