< Rodzaju 13 >
1 A tak wyszedł Abram z Egiptu, on i żona jego, i wszystko co miał, i Lot z nim, ku południowi.
১তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
2 A Abram był bardzo bogaty w bydło, w srebro, i w złoto.
২এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
3 I szedł gościńcami swemi, od południa, i aż do Betel, aż do onego miejsca, gdzie przedtem był namiot jego, między Betel i między Haj.
৩পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু আছিল।
4 Do miejsca onego ołtarza, który tam był przedtem uczynił; i wzywał tam Abram imienia Pańskiego.
৪এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
5 Także Lot, który chodził z Abramem, miał owce, i woły i namioty.
৫অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
6 I nie mogła ich znieść ona ziemia, żeby społem mieszkali, albowiem była majętność ich wielka, tak, że nie mogli mieszkać pospołu.
৬অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
7 I wszczął się poswarek między pasterzami trzody Abramowej, i między pasterzami trzody Lotowej. Chananejczyk i Ferezejczyk mieszkał na on czas w ziemi.
৭তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
8 Rzekł tedy Abram do Lota: Niech proszę nie będzie swaru między mną i między tobą, także między pasterzami moimi i między pasterzami twoimi, ponieważeśmy bracia.
৮তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
9 Izali nie wszystka ziemia jest przed obliczem twojem? odłącz się proszę ode mnie; jeźli w lewą pójdziesz ja pójdę w prawą, a jeźli ty w prawą, ja się udam w lewą.
৯গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
10 Tedy podniósłszy Lot oczy swe, obaczył wszystkę równinę nad Jordanem, iż wszystka wilgotna była przedtem, niż zatracił Pan Sodomę i Gomorrę, jako sąd Pański, i jako ziemia Egipska, idąc do Zoar.
১০তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
11 I obrał sobie Lot wszystkę onę równinę nad Jordanem, i odszedł Lot ku wschodu słońca, i rozłączyli się bracia jeden od drugiego.
১১তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।
12 Abram mieszkał w ziemi Chananejskiej, a Lot mieszkał w miejscach onej równiny, i rozbił namiot aż do Sodomy.
১২অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে।
13 Ale ludzie w Sodomie byli źli i wielcy grzesznicy przed Panem.
১৩চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
14 I rzekł Pan do Abrama, potem gdy się odłączył Lot od niego: Podnieś teraz oczy swe, a spojrzyj z miejsca, na któremeś teraz na północy, i na południe, i na wschód, i na zachód słońca.
১৪অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
15 Wszystkę bowiem ziemię, którą ty widzisz, dam tobie, i nasieniu twemu aż na wieki.
১৫যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
16 A rozmnożę nasienie twoje jako proch ziemi; bo jeźli kto będzie mógł zliczyć proch ziemi, tedy i nasienie twoje zliczone będzie.
১৬মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
17 Wstańże, schodź tę ziemię wzdłuż i wszerz, bo ją tobie dam.
১৭উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
18 Ruszywszy się tedy z namiotem Abram, przyszedł i mieszkał w równinach Mamre, które są w Hebron i zbudował tam ołtarz Panu.
১৮তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।