< Rodzaju 11 >
1 A była wszystka ziemia jednego języka, i jednej mowy.
১সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল।
2 I stało się, gdy wyszli od wschodu słońca, znaleźli równinę w ziemi Senaar, i mieszkali tam.
২পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
3 I rzekł jeden do drugiego: Nuże naczyńmy cegły i wypalmy ją ogniem: i mieli cegłę miasto kamienia, a glinę iłowatą mieli miasto wapna.
৩তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
4 Potem rzekli: Nużeż, zbudujmy sobie miasto i wieżą, której by wierzch dosięgał do nieba, a uczyńmy sobie imię; byśmy się snać nie rozproszyli po obliczu wszystkiej ziemi.
৪তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
5 Tedy Pan zstąpił, aby oglądał miasto ono, i wieżą, którą budowali synowie ludzcy.
৫আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
6 I rzekł Pan: Oto lud jeden, i język jeden tych wszystkich; a toć jest zaczęcie dzieła ich, a teraz nie zabroni im nikt wszystkiego, co zamyślili uczynić.
৬যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব।
7 Przetoż zstąpmy, a pomieszajmy tam język ich, aby jeden drugiego języka nie zrozumiał.
৭গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
8 A tak rozproszył je Pan stamtąd po obliczu wszystkiej ziemi; i przestali budować miasta onego.
৮এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে।
9 Przetoż nazwał imię jego Babel; iż tam pomieszał Pan język wszystkiej ziemi; i stamtąd rozproszył je Pan po obliczu wszystkiej ziemi.
৯এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
10 Teć są rodzaje Semowe: Sem gdy miał sto lat, spłodził Arfachsada we dwa lata po potopie.
১০চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
11 I żył Sem po spłodzeniu Arfachsada pięć set lat, i spłodził syny i córki.
১১অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
12 Arfachsad też żył trzydzieści i pięć lat, i spłodził Selecha.
১২অৰ্ফকচদৰ পঁয়ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চেলহ জন্মিল;
13 I żył Arfachsad po spłodzeniu Selecha cztery sta lat, i trzy lata, i spłodził syny i córki.
১৩চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
14 Selech zaś żył trzydzieści lat, i spłodził Hebera.
১৪চেলহৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র এবৰ জন্মিল;
15 I żył Selech po spłodzeniu Hebera cztery sta lat, i trzy lata, i spłodził syny i córki.
১৫এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
16 I żył Heber trzydzieści lat i cztery, i spłodził Pelega.
১৬এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
17 Żył też Heber po spłodzeniu Pelega, cztery sta lat, i trzydzieści lat, i spłodził syny i córki.
১৭পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
18 Żył też Peleg trzydzieści lat, i spłodził Rehu.
১৮পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল।
19 I żył Peleg po spłodzeniu Rehu dwieście lat, i dziewięć lat, i spłodził syny i córki.
১৯ৰিয়ুৰ জন্মৰ পাছত পেলগ পুনৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
20 Także Rehu żył trzydzieści lat, i dwa, i spłodził Saruga.
২০ৰিয়ুৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চৰূগ জন্মিল।
21 I żył Rehu po spłodzeniu Saruga dwieście lat, i siedem lat, i spłodził syny i córki.
২১চৰূগৰ জন্মৰ পাছত ৰিয়ু পুনৰ দুশ সাত বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
22 Sarug zaś żył trzydzieści lat, i spłodził Nachora.
২২চৰূগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র নাহোৰ জন্মিল;
23 I żył Sarug po spłodzeniu Nachora dwieście lat, i spłodził syny i córki.
২৩নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
24 Także Nachor żył dwadzieścia i dziewięć lat, i spłodził Tarego.
২৪নাহোৰৰ উনত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র তেৰহ জন্মিল;
25 I żył Nachor po spłodzeniu Tarego sto lat i dziewiętnaście lat, i spłodził syny i córki.
২৫তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
26 I żył Tare siedemdziesiąt lat, i spłodził Abrama, Nachora i Harana.
২৬তেৰহৰ সত্তৰ বছৰ বয়সৰ পাছত তেওঁৰ পুত্র অব্ৰাম, নাহোৰ আৰু হাৰণ জন্মিল।
27 A teć są rodzaje Tarego: Tare spłodził Abrama, Nachora i Harana. Haran zaś spłodził Lota.
২৭তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
28 I umarł Haran przed obliczem Tarego ojca swego, w ziemi narodzenia swego, w Ur Chaldejskiem.
২৮পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।
29 I pojęli Abram i Nachor sobie żony: imię żony Abramowej było Saraj, a imię żony Nachorowej Melcha, córka Harana, ojca Melchy, i ojca Jeschy.
২৯অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
30 A była Saraj niepłodna, i nie miała dziatek.
৩০কিন্তু চাৰী বন্ধ্যা আছিল; তেওঁৰ কোনো সন্তান নাছিল।
31 Wziął tedy Tare Abrama syna swego, i Lota syna Haranowego, wnuka swego, i Saraj niewiastę swoję, żonę Abrama syna swego; i wyszli społu z Ur Chaldejskiego, aby szli do ziemi Chananejskiej; a przyszli aż do Haranu, i mieszkali tam.
৩১তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
32 I było dni Tarego dwieście lat, i pięć lat; i umarł Tare w Haranie.
৩২দুশ পাঁচ বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ’ল।