< Wyjścia 7 >
1 I rzekł Pan do Mojżesza: Oto, postanowiłem cię za Boga Faraonowi, a Aaron, brat twój, będzie prorokiem twoim.
১তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।
2 Ty powiesz wszystko, coć rozkażę: ale Aaron, brat twój, będzie mówił do Faraona, aby wypuścił syny Izraelskie z ziemi swej.
২মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব।
3 A Ja zatwardzę serce Faraonowe, i rozmnożę znaki moje i cuda moje w ziemi Egipskiej.
৩কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
4 I nie usłucha was Farao; lecz Ja włożę rękę moję na Egipt, i wyprowadzę wojska moje, lud mój, syny Izraelskie, z ziemi Egipskiej w sądziech wielkich.
৪তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম।
5 A poznają Egipczanie, żem Ja Pan, gdy wyciągnę rękę moję na Egipt, i wywiodę syny Izraelskie z pośrodku ich.
৫মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
6 Uczynił tedy Mojżesz i Aaron, jako im przykazał Pan, tak uczynili.
৬মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে।
7 A Mojżesz miał osiemdziesiąt lat, a Aaron osiemdziesiąt i trzy lata, gdy mówili do Faraona.
৭তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।
8 Rzekł tedy Pan do Mojżesza, i do Aarona, mówiąc:
৮যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
9 Gdy wam rzecze Farao, mówiąc: Uczyńcie jaki cud, tedy rzeczesz do Aarona: Weźmij laskę twoję, a porzuć przed Faraonem, a obróci się w węża.
৯“যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”
10 I przyszedł Mojżesz z Aaronem do Faraona, i uczynili tak, jako rozkazał Pan; i porzucił Aaron laskę swoję przed Faraonem, i przed sługami jego, która się obróciła w węża.
১০তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।
11 Wezwał też Farao mędrców i czarowników, i uczynili i ci czarownicy Egipscy przez czary swe także.
১১তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে।
12 I porzucił każdy laskę swą, a obróciły się w węże; ale pożarła laska Aaronowa laski ich.
১২তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে।
13 I zatwardziało serce Faraonowe, i nie usłuchał ich, jako powiedział Pan.
১৩তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
14 Zatem rzekł Pan do Mojżesza: Ociężało serce Faraonowe; nie chce puścić ludu tego.
১৪যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে।
15 Idź do Faraona rano, oto, wynijdzie nad wodę, tedy staniesz przeciwko niemu nad brzegiem rzeki, a laskę, która się była obróciła w węża, weźmiesz w rękę twoję,
১৫ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।
16 I rzeczesz do niego: Pan Bóg Hebrejczyków posłał mię do ciebie, mówiąc: Wypuść lud mój, aby mi służyli na puszczy, a oto, nie usłuchałeś dotąd.
১৬তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।”
17 Przetoż tak mówi Pan: Po tem poznasz, żem ja Pan; oto, ja uderzę laską, która jest w ręce mojej, na wody, które są w rzece, a obrócą się w krew.
১৭যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
18 A ryby, które są w rzece, pozdychają, i zśmierdnie się rzeka, i spracują się Egipczanie, szukając dla napoju wód z rzeki.
১৮তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”
19 Tedy rzekł Pan do Mojżesza: Mów do Aarona: Weźmij laskę twoję, a wyciągnij rękę twą na wody Egipskie, na rzeki ich, na strugi ich, i na jeziora ich, i na wszelkie zgromadzenie wód ich; i obrócą się w krew, i będzie krew po wszystkiej ziemi Egipskiej, tak w naczyniach drewnianych, jako w kamiennych.
১৯তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”
20 I uczynili tak Mojżesz i Aaron, jako rozkazał Pan; i podniósłszy laskę uderzył wody, które były w rzece, przed oczyma Faraonowemi, i przed oczyma sług jego; i obróciły się wszystkie wody, które były w rzece, w krew.
২০তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।
21 A ryby, które były w rzece, pozdychały, i zśmierdła się rzeka, że nie mogli Egipczanie pić wody z rzeki; i była krew po wszystkiej ziemi Egipskiej.
২১নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।
22 I uczynili także czarownicy Egipscy czarami swemi; i zatwardziało serce Faraonowe, i nie usłuchał ich, jako był powiedział Pan.
২২কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
23 A odwróciwszy się Farao, poszedł do domu swego, a nie przyłożył serca swego i do tego.
২৩তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল।
24 I kopali wszyscy Egipczanie około rzeki, szukając wody, aby pili; bo nie mogli pić wody z rzeki.
২৪সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে।
25 I wypełniło się siedem dni, jako zaraził Pan rzekę.
২৫যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।