< Wyjścia 24 >
1 I rzekł do Mojżesza: Wstąp do Pana ty i Aaron, Nadab i Abiu, i siedmdziesiąt starszych Izraelskich, i pokłońcie się z daleka.
১যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
2 A sam tylko Mojżesz wstąpi do Pana; ale oni nie przybliżą się ani lud wstąpi z nim.
২কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
3 Przyszedł tedy Mojżesz, i opowiedział ludowi wszystkie słowa Pańskie, i wszystkie sądy. I odpowiedział wszystek lud głosem jednym, mówiąc: Wszystkie słowa, które rzekł Pan, uczynimy.
৩তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
4 I napisał Mojżesz wszystkie słowa Pańskie: a wstawszy rano zbudował ołtarz pod górą, i dwanaście słupów według dwanaście pokolenia Izraelskiego.
৪তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
5 I posłał młodzieńce z synów Izraelskich, którzy ofiarowali całopalenia; i ofiarowali za ofiary spokojne Panu, cielce.
৫তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
6 Zatem wziął Mojżesz połowę krwi i wlał w czaszę, a połowę drugą wylał na ołtarz.
৬মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
7 I wziąwszy księgi przymierza, czytał w uszach ludu; którzy rzekli: Cokolwiek mówił Pan, uczyńmy, i posłuszni będziemy.
৭তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
8 Wziął też Mojżesz krew, i pokropił lud i rzekł: Oto, krew przymierza, które Pan postanowił z wami, na wszystkie te słowa.
৮তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
9 I wstąpił Mojżesz, i Aaron, Nadab, i Abiu, i siedemdziesiąt starszych Izraelskich;
৯তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
10 I widzieli Boga Izraelskiego; a było pod nogami jego jako robota z kamienia szafirowego, a jako niebo gdy jest jasne.
১০তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
11 A na książęta synów Izraelskich nie ściągnął Pan ręki swej: choć widzieli Boga, przecię jedli i pili.
১১ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
12 Rzekł tedy Pan do Mojżesza: Wstąp do mnie na górę, i bądź tam a dam ci tablice kamienne, i zakon, i przykazanie którem napisał, abyś ich nauczał.
১২যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
13 Wstał tedy Mojżesz i Jozue sługa jego; i wstąpił Mojżesz na górę Bożą.
১৩তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
14 A do starszych rzekł: Zostańcie tu, aż się wrócimy do was. A oto Aaron i Chur będą z wami; kto by miał sprawę jaką, niech idzie do nich.
১৪মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
15 Tedy wstąpił Mojżesz na górę, a obłok zakrył górę.
১৫সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
16 I mieszkała chwała Pańska na górze Synaj, a okrył ją obłok przez sześć dni; potem zawołał na Mojżesza dnia siódmego z pośrodku obłoku.
১৬সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
17 A pozór chwały Pańskiej był jako ogień pożerający na wierzchu góry przed oczyma synów Izraelskich.
১৭ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
18 I wszedł Mojżesz w pośrodek obłoku, wstąpiwszy na górę; i był Mojżesz na górze czterdzieści dni i czterdzieści nocy.
১৮মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।