< Daniela 11 >
1 Ja tedy roku pierwszego za Daryjusza Medskiego stanąłem, abym go posilił i zmocnił.
১মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।
2 A teraz ci prawdę oznajmię: Oto jeszcze trzej królowie królować będą w Perskiej ziemi; potem czwarty zbogaci się bogactwy wielkimi nade wszystkich, a gdy się zmocni w bogactwach swoich, pobudzi wszystkich przeciw królestwu Greckiemu.
২আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।
3 I powstanie król mocny, a będzie panował mocą wielką, a będzie czynił według woli swojej.
৩তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।
4 A gdy się on zmocni, będzie skruszone królestwo jego, i będzie rozdzielone na cztery strony świata, wszakże nie między potomków jego, ani będzie państwo jego takie, jakie było; bo wykorzenione będzie królestwo jego, a innym mimo onych dostanie się.
৪যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।
5 Tedy się zmocni król z południa i jeden z książąt jego; ten mocniejszy będzie nadeń, i panować będzie, a państwo jego będzie państwo szerokie.
৫দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।
6 Lecz po wyjściu kilku lat złączą się; bo córka króla od południa pójdzie za króla północnego, aby uczyniła przymierze; wszakże nie otrzyma siły ramienia, ani się ostoi z ramieniem swojem, ale wydana będzie ona, i ci, którzy ją przyprowadzą, i syn jej, i ten, co ją zmacniał za onych czasów.
৬কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
7 Potem powstanie z latorośli korzenia jej na miejsce jego, który przyciągnie z wojskiem swem, a uderzy na miejsce obronne króla północnego, i przewiedzie nad nimi i zmocni się.
৭তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।
8 Nadto i bogów ich z książętami ich, z naczyniem ich drogiem, srebrnem i złotem w niewolę zawiedzie do Egiptu; a ten będzie bezpieczen przez wiele lat od króla północnego.
৮ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
9 A tak wtargnie w królestwo król od południa, i wróci się do ziemi swojej.
৯সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
10 Ale synowie jego walczyć będą, i zbiorą mnóstwo wojsk wielkich; a z nagła następując jako powódź przechodzić będzie, potem wracając się, wojskiem nacierać będzie aż na twierdze jego.
১০তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
11 Skąd rozdrażniony będąc król z południa wyciągnie, i będzie walczył z nim, to jest, z królem północnym; a uszykuje mnóstwo wielkie, ale ono mnóstwo będzie podane w rękę jego.
১১দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।
12 A gdy zniesione będzie ono mnóstwo, podniesie się serce jego; a choć porazi wiele tysięcy, przecie się nie zmocni.
১২যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।
13 Bo się wróci król północny, i uszykuje większe mnóstwo niż pierwsze; lecz po wyjściu czasu kilku lat z nagła przyjdzie z wielkiem wojskiem i z wielkim dostatkiem.
১৩উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
14 Onychże czasów wiele ich powstanie przeciwko królowi z południa; ale synowie przestępników z ludu twego będą zniesieni dla utwierdzenia tego widzenia, i upadną.
১৪সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
15 Bo przyciągnie król z północy, i usypie wały, i weźmie miasto obronne, a ramiona południowe nie oprą się, ani lud jego wybrany, i nie stanie im siły, aby dali odpór.
১৫উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।
16 I uczyni on, który przyciągnie przeciwko niemu, według woli swojej, i nie będzie nikogo, coby się stawił przeciwko niemu; stawi się też w ziemi ozdobnej, która zniszczeje przez rękę jego.
১৬কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
17 Potem obróci twarz swoję, aby przyszedł z mocą wszystkiego królestwa swego, i okazał się, jakoby zgody szukał, i uczyni coś; bo mu da córkę piękną, aby go zgubił przez nią; ale ona w tem nie będzie stateczna, i nie będzie z nim przestawała.
১৭উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
18 Zatem obróci twarz swoję do wysep, i wiele ich pobierze; ale wódz wstręt uczyni hańbieniu jego, owszem, ono hańbienie jego nań obróci.
১৮ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।
19 Dlaczego obróci twarz swoję ku twierdzom ziemi swej; lecz się potknie i upadnie, i nie będzie więcej znaleziony.
১৯তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।
20 I powstanie na miejsce jego taki, który roześle poborców w sławie królewskiej; ale ten po niewielu dniach starty będzie, a to nie w gniewie ani przez wojnę.
২০তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।
21 Potem powstanie wzgardzony na jego miejsce, acz nie włożą nań ozdoby królewskiej; wszakże przyszedłszy w pokoju, otrzyma królestwo pochlebstwem.
২১তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।
22 A ramionami jako powodzią wiele ich zachwyceni będą przed obliczem jego, i skruszeni będą, także też i sam wódz, który z nimi przymierze uczynił.
২২তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।
23 Bo wszedłszy z nimi w przyjaźń, uczyni zdradę, a przyciągnąwszy zmocni się w małym poczcie ludu.
২৩তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।
24 Bezpiecznie i do najobfitszych miejsc onej krainy wpadnie, a uczyni to, czego nie czynili ojcowie jego, ani ojcowie ojców jego; łup i korzyść i majętności rozdzieli im, nawet i o miejscach obronnych chytrze przemyśliwać będzie, a to aż do czasu.
২৪তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
25 Potem wzbudzi moc swoję, i serce swoje przeciw królowi z południa z wojskiem wielkiem, z którem król z południa walecznie się potykać będzie z wojskiem wielkiem i bardzo mocnem; ale się nie oprze, przeto, że wymyśli przeciwko niemu zdradę.
২৫তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।
26 Bo ci, którzy jedzą chleb jego, zniszczą go, gdy wojsko onego jako powódź przypadnie, a pobitych wiele polęże.
২৬আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।
27 Natenczas obaj królowie w sercu swem myślić będą, jakoby jeden drugiemu szkodzić mógł, a przy jednymże stole kłamstwo mówić będą; ale się im nie nada, gdyż jeszcze koniec na inszy czas odłożony jest.
২৭আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
28 Przetoż się wróci do ziemi swojej z bogactwy wielkiemi, a serce jego obróci się przeciwko przymierzu świętemu; co uczyniwszy wróci się do ziemi swojej.
২৮তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।
29 A czasu zamierzonego wróci się i pociągnie na południe; ale mu się nie tak powiedzie, jako za pierwszym i za ostatnim razem.
২৯নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।
30 Bo przyjdą przeciwko niemu okręty z Cytym, skąd on nad tem bolejąc znowu się rozgniewa przeciwko przymierzu świętemu; co uczyniwszy wróci się, a będzie miał porozumienie z onymi, którzy opuścili przymierze święte;
৩০কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
31 A wojska wielkie przy nim stać będą, które splugawią świątnicę, i twierdze zniosą; odejmą też ustawiczną ofiarę, a postawią obrzydliwość spustoszenia.
৩১তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
32 Tak aby tych, którzy niezbożnie przeciwko przymierzu postępować będą, w obłudzie pochlebstwem utwierdził, a żeby lud znający Boga swego imali, co też uczynią.
৩২নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
33 Zaczem ci, którzy nauczają lud, którzy nauczają wielu, padać będą od miecza i od ognia, od pojmania i od łupu przez wiele dni.
৩৩মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
34 A gdy padać będą, małą pomoc mieć będą; bo się do nich wiele pochlebców przyłączy.
৩৪তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।
35 A z tych, którzy innych nauczają, padać będą, aby doświadczeni i oczyszczeni, i wybieleni byli aż do czasu zamierzonego; bo to jeszcze potrwa aż do czasu zamierzonego.
৩৫শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।
36 Tak uczyni król według woli swojej, i podniesie się i wielmożnym się uczyni nad każdego boga, i przeciwko Bogu nad bogami dziwne rzeczy mówić będzie, i poszczęści mu się, aż się dokona gniew, ażby się to, co jest postanowiono, wykonało.
৩৬ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
37 Ani na bogów ojców swych nie będzie dbał, ani o miłość niewiast, ani o żadnego boga dbać będzie, przeto, że się nade wszystko wyniesie.
৩৭তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।
38 A na miejscu Boga najmocniejszego czcić będzie boga, którego nie znali ojcowie jego; czcić będzie złotem i srebrem i kamieniem drogiem i rzeczami kosztownemi.
৩৮তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।
39 A tak dowiedzie tego, że twierdze Najmocniejszego będą boga obcego; a których mu się będzie zdało, tych rozmnoży sławę, i uczyni, aby panowali nad wielą, a rozdzieli im ziemię miasto zapłaty.
৩৯তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব। যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।
40 A przy skończeniu tego czasu będzie się z nim potykał król z południa; ale król północny jako burza nań przyjdzie z wozami i z jezdnymi i z wielą okrętów, a wtargnie w ziemię, i jako powódź przejdzie.
৪০শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
41 Potem przyciągnie do ziemi ozdobnej, i wiele krain upadnie; wszakże ci ujdą rąk jego, Edomczycy i Moabczycy, i pierwociny synów Ammonowych.
৪১তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
42 A gdy rękę swą ściągnie na krainy, ani ziemia Egipska tego ujść nie będzie mogła.
৪২তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।
43 Bo opanuje skarby złota i srebra, i wszystkie rzeczy drogie Egipskie, a Libijczycy i Murzynowie za nim pójdą.
৪৩মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।
44 W tem wieści od wschodu słońca i od północy przestraszą go; przetoż wyciągnie z popędliwością wielką, aby wygubił i zamordował wielu.
৪৪পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।
45 I rozbije namioty pałacu swego między morzami na górze ozdobnej świętobliwości; a gdy przyjdzie do końca swego, nie będzie miał nikogo na pomocy.
৪৫সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।