< II Samuela 21 >
1 I był głód za dni Dawidowych przez trzy lata, jednego roku po drugim. Tedy szukał Dawid oblicza Pańskiego, któremu rzekł Pan: Dla Saula, i dla domu jego krwawego, przeto iż pomordował Gabaonity.
১দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”
2 Przyzwał tedy król Gabaonitów, i rzekł do nich: (A ci Gabaonitowie nie byli z synów Izraelskich, ale z ostatków Amorejczyków, którym acz byli synowie Izraelscy przysięgli, wszakże je usiłował Saul wyplenić z gorliwości swej dla synów Izraelskich i Judzkich.)
২সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু যিহূদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল।
3 I rzekł Dawid do Gabaonitów: Cóż wam mam uczynić? a czem was ubłagać, abyście błogosławili dziedzictwu Pańskiemu?
৩সেই কাৰণে দায়ূদে গিবিয়োনীয়া সকলক একেলগে মাতি আনি ক’লে, “মই আপোনালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহোৱাৰ সেই দয়া আৰু বিশ্ৱাসৰ উত্তৰাধিকাৰী সকলক আশীৰ্ব্বাদ কৰে তাৰ বাবে মই কেনেকৈ প্ৰায়শ্চিত্ত কৰিম?”
4 I odpowiedzieli mu Gabaonitowie: Nie idzie nam o srebro ani o złoto z Saulem, i z domem jego, ani o to, żebyśmy zabili kogo w Izraelu. A on rzekł: Cokolwiek rzeczecie, uczynię wam.
৪তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।”
5 Którzy rzekli do króla: Męża, który nas wygubił, i na tem był, aby nas do szczętu wytracił, żeby nas nic nie zostało we wszystkich granicach Izraelskich.
৫তাতে তেওঁলোকে ৰজাক ক’লে, “যি মানুহ জনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইস্ৰায়েলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিছিল -
6 Wydajcie nam siedmiu mężów z synów jego, a powiesimy je Panu w Gabaa Saula, niekiedy wybranego Pańskiego. Tedy rzekł: Wydam.
৬সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ হাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।”
7 Lecz sfolgował król Mefibosetowi, synowi Jonatana, syna Saulowego, dla przysięgi Pańskiej, która była między nimi, między Dawidem i między Jonatanem, synem Saulowym.
৭কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।
8 Ale wziął król dwóch synów Resfy, córki Ai, które porodziła Saulowi, Armoniego i Mefiboseta, i pięciu synów Micholi, córki Saulowej, które porodziła Adryjelowi, synowi Barsyla Meholatyckiego,
৮কিন্তু অয়াৰ জীয়েক ৰিস্পাই চৌলৰ ঔৰসত অৰ্মণী আৰু মফীবোচৎ নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল আৰু মহোলাতীয়া বাৰ্জিল্লয়ৰ পুতেক অদ্ৰীয়েলৰ ঔৰসত চৌলৰ জীয়েক মীখলে যি পাঁচোটা পুত্ৰ জন্ম দিছিল, এই সকলক ল’লে।
9 I wydał je w ręce Gabaonitów, i powiesili je na górze przed Panem. I umarli oni siedmiu pospołu, a pobici są w pierwsze dni żniwa, na początku żniwa jęczmiennego.
৯দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
10 A wziąwszy Resfa, córka Ai, wór, ropostarła go na skale, na początku żniwa, ażby na nie kropił deszcz z nieba, i nie dopuszczała ptastwu powietrznemu, padać na nie we dnie, ani zwierzowi polnemu w nocy.
১০পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
11 Tedy oznajmiono Dawidowi, co uczyniła Resfa, córka Ai, założnica Saulowa.
১১পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিস্পাই যি কাৰ্য কৰিছিল তাক দায়ুদক জনোৱা গ’ল।
12 Przetoż szedłszy Dawid wziął kości Saulowe, i kości Jonatana, syna jego od starszych Jabez Galaadskiego, którzy je byli ukradli z ulicy Betsańskiej, kędy je byli zawiesili Filistynowie onegoż dnia, gdy porazili Filistynowie Saula w Gielboe.
১২তেতিয়া পলেষ্টীয়া সকলে গিলবোৱাত চৌলক বধ কৰা দিনা, চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনক আৰি থোৱা বৈৎচানৰ চকৰ পৰা, তেওঁলোকৰ হাড় চুৰ কৰি অনা যাবেচ-গিলিয়দৰ গৃহস্থসকলৰ হাতৰ পৰা দায়ূদে সেইবোৰ লৈ আনিলে৷
13 A tak wziął stamtąd kości Saulowe i kości Jonatana, syna jego; zebrano też kości powieszonych,
১৩তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ আনিলে আৰু তেওঁলোকে আৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই হ’ল।
14 I pogrzebli kości Saulowe i Jonatana, syna jego, w ziemi Benjamina w Sela, grobie Cysa, ojca jego, a uczynili wszystko, co był rozkazał król; a tak potem ubłagany był Bóg ziemi.
১৪তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামীন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
15 I była zasię wojna między Filistynami i Izraelem; i ciągnął Dawid i słudzy jego z nim, a walczył przeciwko Filistynom, tak, że ustał Dawid.
১৫তেতিয়া পলেষ্টীয়াসকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ুদ ক্লান্ত হ’ল।
16 Tedy Jesbibenob, który był z synów jednego olbrzyma, (a grot drzewca jego ważył trzy sta syklów miedzi, a miał przepasany miecz nowy) umyślił był zabić Dawida.
১৬এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
17 Ale go ratował Abisaj, syn Sarwii, a raniwszy Filistyna zabił go. Przetoż przysięgli mężowie Dawidowi, mówiąc mu: Nie pójdziesz więcej z nami na wojnę, abyś nie zgasił pochodni Izraelskiej.
১৭কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।”
18 I stało się potem, że była znowu wojna w Gob z Filistynami, i zabił Sobochaj Husatycki Safa, który był z synów tegoż olbrzyma.
১৮সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টীয়াসকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে।
19 Była też jeszcze inna wojna w Gob z Filistynami, kędy zabił Elhana, syna Jaara Oregim, Betlehemczyk, brata Golijatowego z Giet, którego drzewce u włóczni było jako nawój tkacki.
১৯পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল।
20 Nadto jeszcze była wojna w Giet, kędy był mąż wielkiego wzrostu, mając po sześć palców u rąk swoich, i po sześć palców u nóg swoich, wszystkich dwadzieścia i cztery; a ten też był synem tegoż olbrzyma.
২০তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল।
21 Ten gdy urągał Izraelowi, zabił go Jonatan, syn Samaa, brata Dawidowego.
২১যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
22 Ci czterej byli synowie jednego olbrzyma z Giet, a ci polegli od ręki Dawidowej, i od ręki sług jego.
২২এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল।