< II Samuela 12 >

1 Przetoż posłał Pan Natana do Dawida; który przyszedłszy do niego, rzekł mu: Dwaj mężowie byli w jednem mieście, jeden bogaty a drugi ubogi.
তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।
2 Bogaty miał owiec i wołów bardzo wiele;
সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;
3 A ubogi nie miał jedno owieczkę jednę małą, którą był kupił, i chował ją, aż urosła przy nim, także i przy dziatkach jego; z bochna jego jadała, i z kubka jego pijała, i na łonie jego sypiała, a była mu jako córka.
কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
4 A gdy przyszedł gość do onego męża bogatego, żałował wziąć z owiec swoich albo z wołów swoich, aby nagotował ucztę gościowi, który był do niego przyszedł: ale wziął owieczkę męża onego ubogiego, i nagotował ją mężowi, który był do niego przyszedł.
এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে।
5 Tedy zapaliwszy się gniewem Dawid na onegoż męża bardzo, rzekł do Natana: Jako żywy Pan, że godzien śmierci jest mąż, który to uczynił;
তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷
6 Owcę tę nagrodzi czworako, przeto iż to uczynił, a nie żałował go.
কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”
7 I rzekł Natan do Dawida: Tyś jest tym mężem. Tak ci mówi Pan, Bóg Izraelski: Jam cię pomazał, abyś był królem nad Izraelem, i Jam cię wyrwał z rąk Saulowych;
তেতিয়া নাথনে দায়ূদক ক’লে, “তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ।
8 A podałem ci dom pana twego i żony pana twego na łono twoje; nadto oddałem ci dom Izraelski i Judzki, a byłoliby to mało, przydałbym ci był daleko więcej.
মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
9 Czemużeś znieważył słowo Pańskie, czyniąc to złe przed oczyma jego? Uryjasza Hetejczyka zabiłeś mieczem, a żonę jego wziąłeś sobie za żonę, a samegoś zabił mieczem synów Ammonowych.
তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
10 Przetoż teraz nie odejdzie miecz z domu twego aż na wieki, dlatego, iżeś mię znieważył, a wziąłeś żonę Uryjasza Hetejczyka, abyć była za żonę.
১০এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’
11 Tak mówi Pan: Oto, Ja wzbudzę przeciwko tobie złe z domu twego, a pobrawszy żony twe przed oczyma twemi, dam je bliźniemu twemu, a bądzie jawnie spał z żonami twojemi.
১১যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব।
12 A chociażeś to ty uczynił potajemnie, Ja jednak uczynię to przed wszystkim Izraelem, i przed słońcem.
১২কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
13 Tedy rzekł Dawid do Natana: Zgrzeszyłem Panu. Zaś rzekł Natan do Dawida: Pan też przeniósł grzech twój, nie umrzesz.
১৩তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
14 Wszakże iżeś dał przyczynę, aby urągali nieprzyjaciele Pańscy dla tej sprawy, przetoż syn, któryć się urodził, pewnie umrze.
১৪কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
15 Potem odszedł Natan do domu swego. Wtem zaraził Pan dziecię, które była urodziła żona Uryjaszowa Dawidowi, i zwątpiono o niem.
১৫তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।
16 Tedy się modlił Dawid Bogu za dziecięciem i pościł, a wszedłszy do pokoju, leżał przez noc na ziemi.
১৬তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।
17 I przyszli starsi domu jego do niego aby go podnieśli z ziemi; ale niechciał, i nie jadł z nimi chleba.
১৭তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
18 I stało się dnia siódmego, że umarło dziecię. A obawiali się słudzy Dawidowi, oznajmić mu, iż umarło dziecię, bo mówili: Oto, póki jeszcze dziecię było żywę, mówiliśmy z nim, a nie słuchał głosu naszego; cóż gdy mu powiemy: Umarło dziecię, dopier oż się będzie trapił.
১৮পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
19 A widząc Dawid, że słudzy jego szeptali z sobą, porozumiał Dawid, iż umarło dziecię. I rzekł Dawid do sług swoich: Albo umarło dziecię? A oni odpowiedzieli: Umarło.
১৯কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।”
20 Tedy wstawszy Dawid z ziemi, umył się, i namazał się, i odmienił szaty swoje, a wszedłszy do domu Pańskiego, modlił się; potem wróciwszy się do domu swego, kazał sobie dać jeść, i położono przedeń chleb, i jadł.
২০তেতিয়া দায়ূদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যিহোৱাৰ গৃহলৈ গ’ল অাৰু তাতে তেওঁৰ আৰাধনা কৰিলে, তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ’ল৷ যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে।
21 I rzekli słudzy jego do niego: Cóż to jest, coś uczynił? Dla dzicięcia, póki jeszcze żyło, pościłeś i płakałeś, a gdy umarło dziecię, wstałeś i jadłeś chleb?
২১তেতিয়া তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল’ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোন দি ক্ৰন্দন কৰিছিল, কিন্তু এতিয়া ল’ৰাটিৰ মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে?”
22 A on rzekł: Póki jeszcze dziecię żyło, pościłem i płakałem; bom mówił: Któż wie, nie zmiłujeli się Pan nademną, że będzie żywe dziecię.
২২তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
23 Ale teraz, gdy już umarło, przeczżebym miał pościć? Izali je mogę jeszcze nazad wrócić? Ja pójdę do niego, ale się ono nie wróci do mnie.
২৩কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
24 I cieszył Dawid Betsabeę, żonę swą, a wszedłszy do niej, spał z nią. I porodziła syna, i nazwał imię jego Salomon, a Pan go miłował.
২৪পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
25 Przetoż posłał Natana proroka, i nazwał imię jego Jedydyja, dla Pana.
২৫গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
26 Potem walczył Joab przeciw Rabbie synów Ammonowych, i wziął miasto królewskie
২৬তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
27 A posławszy Joab posły do Dawida, rzekł: Walczyłem przeciw Rabbie i wziąłam miasto wód.
২৭তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
28 Przetoż teraz zbierz ostatek ludu, a połóż się obozem przeciwko miastu, i weźmij je, bym ja snać nie wziął miasta tego, a przypisanoby zwycięstwo imieniowi memu.
২৮এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে ছাউনি পাতি তাক লওঁকহি, নহ’লে মই হাত কৰি ল’লে, নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ’ব।”
29 A tak zebrał Dawid wszystek lud, i ciągnął przeciw Rabbie, i dobywał go, a wziął je.
২৯তাতে দায়ূদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল’লে।
30 Wziął też koronę króla ich z głowy jego, która ważyła talent złota, a kamień drogi był na niej; i włożono ją na głowę Dawidowę, a łupów z miasta wyniósł bardzo wiele.
৩০আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
31 Lud też, który był w mieście, wywiódłszy, podał pod piły, i pod brony żelazne, i pod siekiery żelazne, i wegnał je w piec cegielny. A tak uczynił wszystkim miastom synów Ammonowych; i wrócił się Dawid, i wszystek lud jego do Jeruzalem.
৩১দায়ূদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত, লোহাৰ মৈ ও কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে; আৰু তেওঁ তেওঁলোকক ইটা পোৰা ভাতীৰ কামতো লগুৱালে৷ তেওঁ অম্মোনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ উভটি আহিল।

< II Samuela 12 >