< II Kronik 5 >
1 A tak dokończona jest wszystka robota, którą sprawił Salomon do domu Pańskiego, i wniósł tam Salomon rzeczy, które był poświęcił Dawid ojciec jego: srebro, i złoto, i wszystkie naczynia włożył do skarbów domu Bożego.
১এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
2 Tedy zebrał Salomon starszych z Izraela, i wszystkich przedniejszych z każdego pokolenia, i przedniejszych z ojców synów Izraelskich, do Jeruzalemu, aby przenieśli skrzynię przymierza Pańskiego z miasta Dawidowego, które jest Syon.
২তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
3 I zebrali się do króla wszyscy mężowie Izraelscy w święto uroczyste, które bywa miesiąca siódmego.
৩তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে।
4 A gdy się zeszli wszyscy starsi z Izraela, wzięli Lewitowie skrzynię;
৪তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে।
5 I nieśli skrzynię, i namiot zgromadzenia, i wszystkie naczynia święte, które były w namiocie, przenieśli je kapłani i Lewitowie.
৫তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে।
6 Zatem król Salomon, i wszystko zgromadzenie Izraelskie, co się byli zeszli do niego przed skrzynię, ofiarowali owce i woły, których nie można obliczyć, ani obrachować przez mnóstwo.
৬তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
7 Wnieśli tedy kapłani skrzynię przymierza Pańskiego na miejsce jej, do wnętrznego domu, to jest do świątnicy najświętszej pod skrzydła Cherubinów;
৭পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
8 Albowiem Cherubinowie mieli rozciągnione skrzydła nad miejscem skrzyni, i okrywali Cherubinowie skrzynię, i drążki jej z wierzchu.
৮কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
9 I powyciągali one drążki, tak że końce ich było widać z skrzyni na przodku świątnicy; ale ich nie widać było zewnątrz, i tamże zostały aż do dnia tego.
৯সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
10 A nic nie było w skrzyni, tylko dwie tablice, które tam był włożył Mojżesz na Horebie, gdy stanowił przymierze Pan z synami Izraelskimi po wyjściu ich z Egiptu.
১০মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
11 A gdy wychodzili kapłani z świątnicy, (bo wszyscy kapłani, ile ich było, poświęcili się byli, a nie przestrzegali porządków.)
১১পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷
12 Stali Lewitowie śpiewacy, i wszyscy, którzy byli przy Asafie, Hemmanie, i Jedytunie, i synowie ich, i bracia ich, obleczeni będąc w szaty bisiorowe, z cymbałami i z harfami i z cytrami, stali mówię na wschodniej stronie ołtarza, a przy nich kapłanów sto i dwadzieścia trąbiących w trąby.
১২আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।
13 I stało się, gdy jednostajnie trąbili, i śpiewali, i wydawali jednaki głos, chwaląc i sławiąc Pana: i gdy podnosili głos na trąbach, i na cymbałach, i na innych instrumentach muzycznych, i chwalili Pana, że dobry, że na wieki miłosierdzie jego, tedy dom on napełniony jest obłokiem, to jest dom Pański.
১৩তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
14 Tak iż się nie mogli kapłani ostać, i służyć dla onego obłoku; albowiem napełniła była chwała Pańska dom Boży.
১৪সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।