< I Królewska 20 >
1 Tedy Benadad, król Syryjski, zebrał wszystko wojsko swoje, mając z sobą trzydzieści i dwóch królów, przytem jezdne i wozy; a przyciągnąwszy obległ Samaryję i dobywał jej.
১পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
2 I wyprawił posły do Achaba, króla Izraelskiego, do onego miasta;
২তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:
3 I rzekł mu: Tak mówi Benadad: Srebro twoje i złoto twoje mojeć jest; także żony twoje i synowie twoi najcudniejsi moi są.
৩‘তোমাৰ ৰূপ আৰু সোণ মোৰ; আৰু তোমাৰ সবাতকৈ উত্তম পত্নীসকল আৰু সন্তান সকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই’।”
4 I odpowiedział król Izraelski a rzekł: Według słowa twego królu, panie mój, twojem ja, i wszystko, co mam.
৪তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”
5 A wróciwszy się posłowie do niego, rzekli: Tak powiedział Benadad, mówiąc: Posłałem do ciebie, abyć rzeczono: Srebro twoje, i złoto twoje, i żony twoje, i syny twoje dasz mi.
৫পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়;
6 Ale wiedz, że jutro o tym czasie poślę sługi moje do ciebie, którzy wyszperają dom twój, i domy sług twoich, i wszystko, w czem się kochasz, w ręce swe wezmą, i rozbiorą.
৬কিন্তু কাইলৈ এনে সময়ত মই মোৰ দাসবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ দাসবোৰৰ ঘৰত বিচাৰ কৰি, তেওঁলোকৰ দৃষ্টিত যি উত্তম, সেই সকলোকে দখল কৰি লৈ আহিব’।”
7 A tak wezwał król Izraelski wszystkich starszych ziemi onej, i rzekł im: Uważcież proszę, a obaczcie, żeć ten złego szuka; albowiem posłał do mnie po żony moje, i po syny moje, i po srebro moje, i po złoto moje, a nie odmówiłem mu.
৭তেতিয়া ইস্ৰায়েলৰ ৰজাই দেশৰ বৃদ্ধ লোকসকলক মাতি আনি তেওঁলোকক ক’লে, “মই বিনয় কৰোঁ, তোমালোকে বিবেচনা কৰি চোৱা কিদৰে এই মানুহজনে কেৱল অনিষ্টৰ চেষ্টা কৰিছে। কিয়নো তেওঁ মোৰ ভাৰ্য্যা আৰু সন্তান সকলক নিজৰ কৰিবলৈ আৰু মোৰ ৰূপ ও সোণৰ কাৰণেও আদেশ পঠিওৱাত, মই তেওঁক অস্বীকাৰ কৰা নাই।”
8 I rzekli do niego oni wszyscy starsi, i wszystek lud: Nie słuchaj ani przyzwalaj.
৮তেতিয়া বৃদ্ধ লোকসকল আৰু সকলো প্ৰজাই আহাবক ক’লে, “আপুনি তেওঁৰ কথা নুশুনিব আৰু সেই কথাত সন্মতো নহ’ব।”
9 Przetoż odpowiedział posłom Benadadowym: Powiedzcie królowi, panu memu: wszystko, o coś posłał do sługi twego przedtem, uczynię: ale tej rzeczy uczynić nie mogę. A tak posłowie odeszli, i odnieśli mu odpowiedź.
৯এই হেতুকে আহাবে বিন-হদদৰ দূতবোৰক ক’লে, “মোৰ প্ৰভু মহাৰাজক ক’বা, ‘আপুনি প্ৰথমে আপোনাৰ দাসৰ ওচৰলৈ দূত পঠিয়াই যি কৈছিল, সেই সকলোকে মই কৰিম, কিন্তু দ্ধিতীয়বাৰ যি দাবী কৰিছে সেই বিষয়ে হ’লে মই কৰিব নোৱাৰোঁ’।” পাছত দূতবোৰে গৈ তেওঁক সেই বাতৰি দিলে।
10 Znowu posłał do niego Benadad i rzekł: Niech mi to uczynią bogowie, i to niech przyczynią, jeźli się dostanie prochu Samaryi po garści wszystkiemu ludowi, który za mną idzie.
১০তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
11 I odpowiedział król Izraelski, a rzekł: Powiedzcie mu: Niech się nie chlubi zbrojny, jako ten, który złożył zbroję.
১১তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”
12 A gdy Benadad usłyszał to słowo, (a on w tenczas z królmi pił w namiotach, ) rzekł do sług swych: Ruszcie się. I ruszyli się ku miastu.
১২পাছত যি সময়ত বিন হদদ আৰু তেওঁৰ লগৰ ৰজাসকলে পঁজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ দাসবোৰক ক’লে, “তোমালোকে ৰণৰ বেহু পাতা।” তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে।
13 A oto, niektóry prorok przyszedł do Achaba, króla Izraelskiego, i rzekł: Tak powiada Pan: Izażeś nie wiedział tego wszystkiego wielkiego mnóstwa? Oto Ja je dam w rękę twoję dzisiaj, abyś wiedział, żem Ja Pan.
১৩চোৱা, এজন ভাববাদীয়ে ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি সেই মহা লোক সকলৰ সৈন্য দলটো দেখিছা নে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়েই যে যিহোৱা সেই বিষয়ে তোমালোকে জানিবা’।”
14 Tedy rzekł Achab: Przez kogoż? A on odpowiedział: Tak mówi Pan: przez sługi książąt powiatowych. I rzekł: Którz pocznie bitwę? Tedy mu on odpowiedział: Ty.
১৪আহাবে ক’লে, “কাৰ দ্বাৰাই এনে কৰিবা?” ভাববাদীজনে ক’লে, “যিহোৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতি সকলৰ ডেকাসকলৰ দ্বাৰাই।” তেতিয়া আহাবে সুধিলে, “যুদ্ধ কোনে আৰম্ভ কৰিব?”
15 Obliczył tedy sługi książąt powiatowych, których było dwieście trzydzieści i dwa; a po nich policzył wszystek lud, wszystkich synów Izraelskich siedm tysięcy.
১৫তেওঁ ক’লে, “তুমি।” পাছত তেওঁ প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলক একত্রিত কৰিলে। তেতিয়া তেওঁ দুশ বত্ৰিশ জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইস্ৰায়েলৰ আটাই সন্তান সকলক একত্ৰিত কৰি, সাত হাজাৰ লোক হ’ল।
16 I wyszli o południu. A Benadad pił, i upił się w namiotach, sam i trzydzieści i dwóch królów, pomocników jego.
১৬পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।
17 A tak wyszli słudzy książąt powiatowych naprzód. Tedy posłał Benadad, (gdy mu powiedziano, mówiąc: Mężowie wyszli z Samaryi, )
১৭তেতিয়া প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলে আগে আগে ওলাই গ’ল। তেতিয়া বিন-হদদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, “চমৰিয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে।”
18 I rzekł: Chociażby o pokój szli prosić, pojmajcie je żywo; chociażby też ku bitwie wyszli, żywo je pojmajcie.
১৮তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”
19 A gdy oni słudzy książąt powiatowych wyszli z miasta, i inne wojsko za nimi,
১৯এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ’ল।
20 Poraził każdy męża swego, tak, że uciekli Syryjczycy, i gonił je Izrael; uciekł też Benadad, król Syryjski, na koniu i z jezdnymi.
২০তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ সন্মুখত থকা লোকক বধ কৰিলে। তেতিয়া অৰামীয়াসকল পলাবলৈ ধৰাত, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। কিন্তু অৰামৰ ৰজা বিন-হদদে কিছুমান অশ্বাৰোহী সেনাৰ সৈতে ঘোঁৰাত উঠি পলাই সাৰিল।
21 Potem wyciągnął król Izraelski, i pobił konie i wozy, a poraził Syryjczyka porażką wielką.
২১তেতিয়া ইস্ৰায়েলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামীয়াসকলৰ মাজত মহা-সংহাৰ কৰিলে।
22 Znowu przyszedł prorok do króla Izraelskiego, i rzekł mu: Idź, zmacniaj się, a wiedz i bacz, co masz czynić; albowiem po roku król Syryjski wyciągnie przeciwko tobie.
২২তাৰ পাছত সেই ভাববাদীয়ে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে বোলে, “তুমি গৈ নিজকে বলবান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰায় আহিব।”
23 Tedy słudzy króla Syryjskiego rzekli do niego: Bogowie ich są bogowie górni, przetoż nas przemogli; a wszakże zwiedźmy z nimi bitwę w polu a ujrzysz, jeźli ich nie przemożemy.
২৩পাছত অৰামৰ ৰজাৰ দাসবোৰে তেওঁক কলে, “তেওঁলোকৰ দেৱতা পৰ্ব্বতীয়া দেৱতা, এই কাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয়ে তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম।
24 Przetoż tak uczyń: Odpraw królów, każdego z miejsca swego, a postanów hetmanów miasto nich.
২৪আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।
25 A ty nalicz sobie wojska z swoich, jako było wojsko onych, którzy polegli, a koni jako one konie, a wozów, jako one wozy, i stoczymy bitwę z nimi w polu, a ujrzysz, jeźli ich nie przemożemy. I usłuchał głosu ich, a uczynił tak.
২৫আৰু আপুনি হেৰুওৱা সৈন্য-সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল, সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰিম। তাতে আমি নিশ্চয়ে তেওঁলোকক পৰাজয় কৰিম।” তেতিয়া বিন-হদদে তেওঁলোকৰ কথা শুনিলে, আৰু সেইদৰে কৰিলে।
26 A gdy wyszedł rok, obliczył Benadad Syryjczyki, a ciągnął ku Afeku na wojnę przeciw Izraelitom.
২৬পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
27 Synowie Izraelscy także są obliczeni, a nabrawszy z sobą żywności, ciągnęli przeciwko nim. I położyli się obozem synowie Izraelscy przeciwko nim, jakoby dwa małe stadka kóz; a Syryjczycy napełnili ziemię.
২৭তেতিয়া ইস্ৰায়েলৰ সন্তান সকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত ছাউনি পাতিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলক ছাগলী পোৱালিৰ দুটা সৰু জাকৰ নিচিনা দেখা গ’ল, কিন্তু অৰামীয়াসকল দেশ জুৰি আছিল।
28 Tedy przyszedł mąż Boży, i mówił do króla Izraelskiego, a rzekł: Tak mówi Pan: Przeto iż mówili Syryjczycy: Bogiem gór jest Pan, a nie jest Bogiem równim, podam to wszystko mnóstwo wielkie w ręce twoje, abyście wiedzeli, żem Ja Pan.
২৮সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
29 A tak oni leżeli obozem przeciwko nim przez siedm dni. I stało się dnia siódmego, że stoczyli bitwę, i porazili synowie Izraelscy Syryjczyków sto tysięcy pieszych jednegoż dnia.
২৯তাৰ পাছত তেওঁলোকে সাত দিনলৈকে সন্মুখা-সন্মুখি হৈ ছাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইস্ৰায়েলৰ সন্তান সকলে একে দিনাই অৰামীয়াসকলৰ এক লাখ পদাতিক সৈন্যক সংহাৰ কৰিলে।
30 A ostatek uciekli do Afeku miasta, i upadł mur na dwadzieścia i siedm tysięcy mężów, co byli pozostali. A Benadad uciekłszy przyszedł do miasta, i skrył się do najskrytszej komory.
৩০কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
31 Ale mu rzekli słudzy jego: Słychaliśmy za pewne, że królowie domu Izraelskiego są królowie miłosierni. Niech włożymy proszę wory na biodra nasze, i powrozy na głowy nasze, a wynijdziemy do króla Izraelskiego, snać żywo zostwi duszę twoję.
৩১পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওঁক, আমি শুনিছোঁ যে ইস্ৰায়েল-বংশৰ ৰজাসকল দয়ালু ৰজা; এই হেতুকে বিনয় কৰোঁ, আমি ককালত চট পিন্ধি ডিঙিত লেজু লৈ, বাহিৰ হৈ ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ যাওঁহঁক; কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব।”
32 Tedy opasali wormi biodra swe, a włożyli powrozy na głowy swoje i przyszli do króla Izraelskiego, i rzekli: Benadad, sługa twój, mówi: Niech żyje proszę dusza moja! A on rzekł: a żywże jeszcze? Brat to mój.
৩২তেতিয়া তেওঁলোকে চট পিন্ধি, ডিঙিত লেজু লৈ, ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস বিন-হদদে কৈছে, ‘মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক’।” তেতিয়া আহাবে ক’লে, “বিন-হদদ এতিয়াও জীয়াই আছে নে? তেওঁ মোৰ ভাই।”
33 A oni mężowie wziąwszy to za dobry znak, i prędko uchwyciwszy to słowo od niego, rzekli: Bratci twój Benadad. I rzekł: Idźcież, przywiedźcie go. Przetoż wyszedł do niego Benadad, i kazał mu wsiąść na wóz.
৩৩তেতিয়া সেই লোকসকলে ইয়াকে শুভ লক্ষণ বুলি বুজি, তেওঁৰ মনৰ ভাব স্পষ্ট কৰি উলিয়াবলৈ বেগাই ক’লে, “আপোনাৰ ভাই বিন-হদদ জীয়াই আছে।” তেতিয়া তেওঁ ক’লে, “তোমালোকে গৈ তেওঁক আনা।” তেতিয়া বিন-হদদ বাহিৰ ওলাই তেওঁৰ ওচৰলৈ অহাত, ৰজাই তেওঁক ৰথত তুলিলে।
34 I rzekł do niego Benadad: miasta, które wziął ojciec mój ojcu twemu, powrócę, a ty ulice sobie poczynisz w Damaszku, jako poczynił ojciec mój w Samaryi. I odpowiedzał: Ja według przymierza puszczę cię wolno. A tak z nim uczynił przmierze i puścił go wolno.
৩৪তেতিয়া বিন-হদদে তেওঁক ক’লে, “মোৰ পিতৃয়ে তোমাৰ পিতৃৰ পৰা যি যি নগৰ লৈছিল, সেই নগৰবোৰক মই তোমাক পুনৰায় ঘূৰাই দিম আৰু মোৰ পিতৃয়ে যেনেকৈ চমৰিয়াত হাট-বজাৰ বহুৱাইছিল, তুমিও তোমাৰ কাৰণে সেইদৰে দম্মেচকত হাট-বজাৰ বহুৱাবা।” আহাবে ক’লে, “মই এই চুক্তিৰেই তোমাক বিদায় কৰিম।” এইদৰে আহাবে তেওঁৰ লগত নিয়ম বান্ধি তেওঁক বিদায় দিলে।
35 Tedy niektóry mąż z synów prorockich rzekł do bliźniego swego z rozkazania Pańskiego: Uderz mię proszę; ale go nie chciał on mąż uderzyć.
৩৫পাছত শিষ্য ভাববাদীসকলৰ মাজৰ এজনে তেওঁৰ লগৰ এজনক যিহোৱাৰ বাক্যৰ দ্বাৰাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” কিন্তু সেই লোকজনে মাৰিবলৈ মান্তি নহ’ল।
36 I rzekł mu: Przeto iżeś nie usłuchał głosu Pańskiego, oto skoro odejdziesz odemnie, zabije cię lew. A gdy odszedł od niego, znalazł go lew, i zabił go.
৩৬তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
37 Potem znalazł drugiego męża, i rzekł mu: Uderz mię proszę; który mąż tak go uderzył, że go ranił.
৩৭তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।
38 Szedł tedy on prorok, a zabieżał królowi na drodze, i odmienił się, zasłoniwszy oczy swoje.
৩৮পাছত সেই ভাববাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি, বাটত ৰজালৈ বাট চাই থাকিল।
39 A gdy król mijał, zawołał na króla, i rzekł; sługa twój wyszedł w pośrodek bitwy, a oto mąż przyszedłszy przywiódł do mnie męża, i rzekł: Strzeż tego męża; bo jeźlibyś go opuścił, dusza twoja będzie za duszę jego, albo talent srebra odważysz.
৩৯তাৰ পাছত ৰজা ওচৰেদি যাওঁতে, তেওঁ বৰ মাতেৰে ৰজাক ক’লে, “আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে, এজন সৈনিক ঘূৰি আহি মোৰ ওচৰলৈ এজন শত্ৰুক আনি ক’লে, ‘এই লোকজনক ৰাখা; যদি তেওঁ কেনেবাকৈ হেৰায়, তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিক্কৰ পৰিমাণ ৰূপ দিব লাগিব।’
40 Wtem gdy się sługa twój zabawił tem i owem, oto on zniknął. Tedy rzekł do niego król Izraelski: Taki jest sąd twój, sameś się osądził.
৪০কিন্তু আপোনাৰ এই দাসে ইফালে সিফালে কামত লাগি থাকোঁতে, সেই লোকজন পলাই গ’ল।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “তেন্তে তোমাৰ তেনে দণ্ড হওঁক- তুমি নিজেই তাক নিশ্চয় কৰিলা।”
41 A on zaraz odjął zasłonę od oczu swych, i poznał go król Izraelski, że był prorokiem.
৪১তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে; তাতে ইস্ৰায়েলৰ ৰজাই, তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন, তাক চিনি পালে।
42 Zatem rzekł do niego: Tak mówi Pan: Ponieważeś wypuścił z ręki swej męża godnego śmierci, dusza twoja będzie za duszę jego, i lud twój za lud jego.
৪২পাছত তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই যি জনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজ হাতৰ পৰা তেওঁক এৰি দিলা; এই কাৰণে তেওঁৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্রাণ যাব’।”
43 Przetoż odszedł król Izraelski do domu swego smutny i zagniewany, i przyszedł do Samaryi.
৪৩তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।