< I Koryntian 4 >
1 Tak niechaj o nas człowiek rozumie, jako o sługach Chrystusowych i o szafarzach tajemnic Bożych.
১লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
2 A tegoć więc szukają przy szafarzach, aby każdy znaleziony był wiernym.
২কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
3 Aleć u mnie to jest najmniejsza, żebym był od was sądzony, albo od sądu ludzkiego; lecz i sam siebie nie sądzę.
৩মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।
4 Albowiem choć nic na się nie wiem, wszakże nie przeto jestem usprawiedliwiony; ale ten, który mnie sądzi, Pan jest.
৪কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
5 A tak nie sądźcie przed czasem, ażby Pan przyszedł, który też oświeci, co skrytego jest w ciemności i objawi rady serc; a tedy każdy będzie miał chwałę od Boga.
৫এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
6 A te rzeczy, bracia! w podobieństwie obróciłem na się i na Apollosa dla was, abyście się nauczyli z nas nad to, co napisane, nie rozumieć, iżbyście się jeden dla drugiego nie nadymali przeciwko drugiemu.
৬প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে, “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।” আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
7 Albowiem któż cię różnym czyni? I cóż masz, czego byś nie wziął? A jeźliżeś wziął, przeczże się chlubisz, jakobyś nie wziął?
৭কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
8 Jużeście nasyceni, jużeście ubogaceni, bez nas królujecie; a bodajeście królowali, abyśmy i my z wami pospołu królowali!
৮আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
9 Bo mam za to, iż Bóg nas ostatnich Apostołów wystawił jakoby na śmierć skazanych; albowiem staliśmy się dziwowiskiem światu, Aniołom i ludziom.
৯কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
10 Myśmy głupi dla Chrystusa, aleście wy roztropni w Chrystusie; myśmy słabi, aleście wy mocni; wyście zacni, aleśmy my bezecni.
১০আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
11 Jeszcze aż do tej godziny i łakniemy, i pragniemy, i nadzy jesteśmy, i bywamy policzkowani, i tułamy się,
১১এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
12 I pracujemy, robiąc własnemi rękami; gdy nas hańbią, dobrorzeczemy, gdy nas prześladują, znosimy;
১২আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
13 Gdy nam złorzeczą, modlimy się za nich: staliśmy się jako śmieci tego świata i jako omieciny u wszystkich, aż dotąd.
১৩কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
14 To piszę, nie przeto, abym was zawstydził; ale jako dziatki moje miłe napominam.
১৪মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
15 Bo choćbyście mieli dziesięć tysięcy pedagogów w Chrystusie, wszakże niewiele ojców macie; bom ja was w Jezusie Chrystusie przez Ewangieliję spłodził.
১৫কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
16 Proszę was tedy, bądźcie naśladowcami moimi.
১৬এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
17 Dlategom posłał do was Tymoteusza, który jest syn mój miły i wierny w Panu; ten wam przypomni drogi moje w Chrystusie, jako wszędy w każdym zborze nauczam.
১৭এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
18 Ale tak się niektórzy nadęli, jakobym nie miał przyjść do was.
১৮মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
19 Lecz przyjdę rychło do was, jeźli Pan będzie chciał, i poznam nie mowę tych nadętych, ale moc.
১৯কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
20 Albowiem nie w mowie zależy królestwo Boże, ale w mocy.
২০কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
21 Cóż chcecie? z rózgąli mam przyjść do was, czyli z miłością i duchem cichości?
২১আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?