< Matayu 24 >
1 Yesu kalawiti Mnumba nkulu ya Mlungu, pakaweriti kankugenda zakuwi, wafundwa wakuwi wamgenderiti wamlanguziya majengu ga Numba nkulu ya Mlungu.
১যীচু ধৰ্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।
2 Yesu kawagambira, “Yina, muweza kugalola goseri aga! Nakaka nuwagambirani, kwahera hata libuwi limu halisigali panu pampindi pa libuwi limonga, kila libuwi haliwusiwi.”
২কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ’ব।”
3 Yesu pakalivagiti palugongu lwa Mizeyituni, wafundwa wakuwi wamgenderiti kwa bada, su wamkosiya, “Gutugambiri, hashi vitwatira avi havilawili ndii? Na hashilawiri shishi kulanguziya ndo shipindi sha kwiza kwaku na shipindi sha upeleru pasipanu.” (aiōn )
৩পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।” (aiōn )
4 Yesu kawankula, “Mulikali weri, muntu nakiza kuwapayirani.
৪তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
5 Wantu wavuwa hawalawili na kulonga kila yumu, ndo Kristu Mlopoziya na hawawazyangi wantu wavuwa.
৫কিয়নো অনেকে মোৰ নামেৰে আহি, ‘মই খ্ৰীষ্ট’ বুলি অনেকক ভুলাব।
6 Hampikaniri kuusu ngondu pakwegera na visoweru vya ngondu, kumbiti namulihola. Toziya vitwatira mpaka vilawiri, kumbiti upeleru weni wankali kwiza.
৬তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।
7 Isi yimu hailikomangi na isi yimonga na ufalumi wumu hawulikomangi na ufalumi umonga. Panu na palii hapaweri na njala na malendemeru ga isi kila pahala.
৭জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷
8 Vitwatila vyoseri avi vilifana gambira kutama pakwanja pakulera mwana.
৮এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে।
9 “Shakapanu hawawalaviyani su wawatabisiyi na kuwalaga. Isi zoseri haziwakalaliri toziya ya litawu lyaneni.
৯সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা।
10 Mushipindi ashi wantu wavuwa hawaleki myoyu yawu, hawagambulikani weni kwa weni na kukalalirana weni kwa weni.
১০তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব।
11 Hawalawili wambuyi wa upayira, pawapotuziya wantu wavuwa.
১১বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷
12 Su vitwatira vifaa ndiri havyongereki, mafiliru ga wantu wavuwa hauweri tisutisu.
১২কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।
13 Kumbiti muntu yakahepelera mpaka lupeleru hakalopoziwi.
১৩কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
14 Na Shisoweru Shiwagira sha Ufalumi wa Mlungu hashibwerwi pasipanu poseri muwukapitawu kwa wantu wa makabila goseri na upeleru hawizi.
১৪সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।
15 “Su, hamuwoni ‘Shintu shidoda shashihalabisiya’ shakatakuliti Danieli mbuyi gwa Mlungu, shigoloka pahala pananagala.” Yakabetula kavimani mana yakuwi!
১৫এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱাহৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়েযি জনে পঢ়ে, তেওঁ বুজক৷
16 Panu, yawawera Yudeya su watugili muvigongu.
১৬তেতিয়া যিহুদীয়াত থকা মানুহবোৰ পৰ্বতলৈ পলাই যাওঁক;
17 Yakawera pashitwiku sha numba nakasuluka kutola shintu mnumba mwakuwi.
১৭ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক;
18 Yakaweriti kulirambu nakawuya kumbeli kutola nguwu yakuwi.
১৮পথাৰত থকা জনে, তেওঁৰ কাপোৰ খন লবলৈ উলটি নাযাওঁক।
19 Shondi shondi wamawu yawawera na yinda na walii yawanoniziya mumashaka galii!
১৯কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হ’ব।
20 Mumluwi Mlungu, su kutuga kwa mwenga nakuwera mashaka ga mpepu ama lishaka lya Kwoyera!
২০তোমালোকৰ পলোৱা সেইদিন যেন জাৰকালি বা বিশ্ৰামবাৰে নহয়, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা।
21 Toziya mushipindi ashi hakuweri na uhushu mkulu ndoweni wankali kulawira, kwanjira kunyawa kwa pasipanu mpaka leru, wala hapeni ilawiri kayi.
২১কিয়নো সেই কালত মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও।
22 Kumbiti Mlungu kagapunguriti kala shiyasi sha mashaka aga, mekatendi ndiri, kwahera muntu yoseri mekalikali. Toziya ya wantu yawasyagulitwi, Mlungu hakagapunguli mashaka aga.
২২সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
23 “Su, muntu yoseri pakawagambirani, ‘Guloli Kristu Mlopoziya kapanu’ ama ‘Kapalii!’ Namjimira.
২৩তেতিয়া যদিও তোমালোকক কোনোৱে কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে’ বা ‘তাত আছে’! তথাপি বিশ্বাস নকৰিবা।
24 Hawalawili ashina Kristu wa upayira na wambuyi wa upayira, hawatendi mauzauza makulu na gakulikangasha su wawazyangi payiwezekana ata yawasyagulitwi na Mlungu.
২৪কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
25 Mpikanili! Nuwagambirani pamberi pa shipindi kwiza.
২৫চোৱা, এই কথা মই আগেয়ে তোমালোকক কলোঁ।
26 “Ama, pawawagambirani, ‘Mloli, ka kushiwala!’ Namgenda aku, ama pawalonga, ‘Mloli, kalififa panu!’ Namjimira.
২৬এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট মৰুপ্ৰান্তত আছে’; তেনেহলে ওলাই নাযাবা; নাইবা, ‘চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে’ বুলিলেও বিশ্বাস নকৰিবা।
27 Mwana gwa Muntu hakizi gambira gulangala gambira lumeta kulyera kulawa kwagulawa mshenji mpaka kwaguzyeta mshenji.
২৭কিয়নো বিজুলীয়ে যেনেকৈ পূবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমণ হ’ব।
28 “Palii paweriti na shashifuwiti, ndo pawajojinika wandapu.”
২৮য’ত মৰা শ থাকে, সেই ঠাইত শগুনো গোট খায়।
29 “Palaa palii, pa mashaka ga kutabisiya, mshenji haguweri ntiti, na lyezi haliweri ndiri na gulangala na ntondu hazituluki kulawa kulyera na likakala lya kumpindi halilibegizii.
২৯কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
30 Shakapanu, lilangaliru lya Mwana gwa Muntu halilawiri kulyera na wantu woseri wa pasipanu hawalili pawamwona Mwana gwa Muntu pakiza mumawundi ga kumpindi pamuhera na makakala makulu.
৩০যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।
31 Mliru mkulu gwa mbalapi hagupikaniki na yomberi hakawatumi wantumintumi wa kumpindi wakuwi muwega za msheshi za pasipanu na hawawajojiniri wantu kulawa lupeleru lumu lwa pasipanu mpaka lupeleru lumonga lwa pasipanu.
৩১তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
32 “Mleki mtera gwa mkuyu guwafundi. Mitambi ya mitera payiyanja kutomola mahamba, muvimani kuwera shipindi sha kutowa vula shapakwegera.
৩২ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
33 Ntambu ira ayi mwenga pamwona vitwatira vyoseri avi, muvimani handa shipindi shapakwegera nentu.
৩৩সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
34 Muliholi kuwera vitwatira vyoseri avi havilawili pamberi pa kuhowa wantu yawalikala vinu.
৩৪মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ’ব।
35 Kumpindi kwa Mlungu na pasipanu hazipiti, kumbiti visoweru vyaneni hapeni vipiti.
৩৫আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।
36 “Kwahera muntu yoseri yakavimana lishaka ama lisaa paviza, ama wantumintumi wa kumpindi kwa Mlungu ama Mwana. Tati gweka yakuwi ndo yakavimana.
৩৬কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।
37 Kwiza kwa Mwana gwa Muntu hakuweri gambira shilii shashilawiriti mushipindi sha Nuhu.
৩৭নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব।
38 Mumashaka galii pamberi pa wantu kuhowa mumafuriku waweriti wankuliya na kulanda, wantu waweriti wankuwayuga na kuyugwa mpaka Nuhu pakingiriti mumtumbwi,
৩৮কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল,
39 wavimaniti ndiri hashilawiri shishi mpaka mafuliku pagiziti na kuwajola woseri. Ntambu ayi hayiweri pakiza Mwana gwa Muntu.
৩৯আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।
40 Shipindi ashi wantu wawili hawaweri mulirambu, yumu hakatolwi na yumonga hakalekwi.
৪০তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব আৰু এজনক ত্যাগ কৰা হ’ব।
41 Wadala wawili hawaweri wankusyaga usaka palwala, yumu hakatolwi na yumonga hakalekwi.
৪১দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোতে এজনীক গ্ৰহণ কৰা হব আৰু এজনীক ত্যাগ কৰা হ’ব।
42 “Su gulikali weri, toziya guvimana ndiri lishaka lya kwiza Mtuwa gwenu.
৪২এই হেতুকে পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহুৰ্ত্তত আহিব, সেই বিষয়ে তোমালোকে নাজানা।
43 Handa yakana numba mekavimani shipindi sha kwiza kwa mpoka, mekalikali masu na mekaleki ndiri mpoka kabomolangi numba yakuwi.
৪৩কোন পৰত চোৰ আহিব, সেই বিষয়ে গৃহস্থ জনে আগেয়ে জনা হ’লে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
44 Su na mwenga viraa muweri kala, toziya Mwana gwa Muntu hakizi mulisaa lyagulimana ndiri.”
৪৪এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।
45 “Yesu kendeleyiti kutakula, Ndo gaa ntumintumi yakaaminika na kana luhala, ndo mtuwa gwakuwi hakamtuli pampindi pa wantu wakuwi, kawapanani shiboga kwa shipindi shakuwi?
৪৫এই কাৰণে বুদ্ধিমান আৰু বিশ্বাসী দাস কোন জন হয়, উচিত সময়ত আহাৰ দিবলৈ যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেই জন নহয় নে?
46 Mbaka ntumintumi uliya mweni mtuwa gwakuwi pakiza hakamwoni kankutenda hangu.
৪৬প্ৰভু অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য।
47 Nukugambirani nakaka, katamtula ntumini ayu kagolokeri ulunda wakuwi woseri.
৪৭মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত সেই জনক ঘৰগিৰী পাতিব।
48 Kumbiti handa ndo ntumintumi kadoda, hakaligambiziyi mweni kuwera mtuwa gwakuwi hakashelewi kuwuya,
৪৮কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, এই বুলি সেই দুষ্ট দাসে মনতে কৈ,
49 na hakanji kuwakomanga wantumintumi wayaguwi na kanja kuliya na kulanda pamuhera na waloweru.
৪৯যদি তাৰ সহদাস সকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে,
50 Shakapanu mtuwa gwakuwi ntumintumi ulii pakizaku lishaka lyankali kulimana na shipindi shakashimana ndiri.
৫০তেনেহলে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ৰ বিষয়ে সি নাজানে, সেই সময়তে তাৰ প্ৰভু আহি,
51 Mtuwa hakamwazibu nentu na kumtula shipinga shimu na wafyangu. Aku hakalili na kugayagaya menu gakuwi.”
৫১তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।