< اعداد 4 >
سپس خداوند به موسی و هارون فرمود: | 1 |
১পাছত যিহোৱাই মোচি আৰু হাৰোণক কথা কৈছিল। তেওঁ ক’লে,
«نسل قهات را که طایفهای از قبیلهٔ لاوی میباشند، بشمار. | 2 |
২“তোমালোকে লেবীৰ সন্তানসকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃ-বংশ অনুসাৰে কহাতৰ সন্তানসকলৰ লোকপিয়ল গণনা কৰিবলৈ পৰিচালনা কৰা।
این سرشماری از تمام مردان سی ساله تا پنجاه ساله که میتوانند در خیمهٔ ملاقات خدمت کنند به عمل آید. | 3 |
৩ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব।
«وظایف نسل قهات در خیمۀ ملاقات در خصوص اسبابِ بسیار مقدّس خواهد بود. | 4 |
৪মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ বিষয়ে কহাতীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাম কৰিব লাগিব।
وقتی که اردو بخواهد حرکت کند، ابتدا هارون و پسرانش باید به خیمهٔ عبادت داخل شوند و پردهٔ داخلی را پایین آورده، صندوق عهد را با آن بپوشانند. | 5 |
৫যেতিয়া ছাউনি উঠিব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব।
سپس پرده را با پوست بز پوشانیده، یک پارچهٔ آبی رنگ روی پوست بز بکشند و چوبهای حامل صندوق عهد را در حلقههای خود قرار دهند. | 6 |
৬তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কানমাৰি সুমুৱাব।
«بعد ایشان باید یک پارچهٔ آبی روی میزی که نان حضور بر آن گذاشته میشود کشیده، بشقابها، قاشقها، کاسهها، پیالهها و نان حضور را روی آن پارچه بگذارند. | 7 |
৭আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাটি, আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থ’ব। আৰু নিত্য পিঠা সদায় তাৰ ওপৰত ৰাখিব।
سپس یک پارچهٔ ارغوانی روی آن کشیده، آنگاه پارچهٔ ارغوانی را با پوست بز بپوشانند و چوبهای حامل میز را در حلقهها جای دهند. | 8 |
৮সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কানমাৰি সুমুৱাই দিব।
«پس از آن باید چراغدان، چراغها، انبرها، سینیها و ظرف روغن زیتون را با پارچهٔ آبی رنگ بپوشانند. | 9 |
৯আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব।
سپس تمام این اشیاء را در پوست بز پیچیده، بسته را روی یک چهار چوب حامل قرار دهند. | 10 |
১০তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ’ব।
«آنگاه یک پارچهٔ آبی روی مذبح طلایی بکشند و آن را با پوست بز پوشانیده، چوبهای حامل را در حلقههای مذبح بگذارند. | 11 |
১১পাছত তেওঁলোকে সোণৰ বেদীৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব। তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কানমাৰি সুমুৱাই দিব।
کلیهٔ وسایل باقیماندهٔ خیمهٔ عبادت را در یک پارچهٔ آبی پیچیده، آن را با پوست بز بپوشانند و روی چهار چوب حامل بگذارند. | 12 |
১২তেওঁলোকে পবিত্ৰ স্থানত পৰিচৰ্যা কৰিব লগা সকলো সা-সৰঞ্জাম লৈ, নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণেৰে ঢাকি, তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব।
«خاکستر مذبح را باید دور بریزند و خود مذبح را با یک پارچهٔ ارغوانی بپوشانند. | 13 |
১৩আৰু যজ্ঞ বেদীৰ পৰা ছাঁই উলিয়াই পেলাই দি, তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব।
تمام وسایل مذبح از قبیل آتشدانها، چنگکها، خاکاندازها، کاسهها و ظروف دیگر را باید روی پارچه بگذارند و پوششی از پوست بز روی آنها بکشند. آنگاه چوبهای حامل را در جاهای خود قرار دهند. | 14 |
১৪আৰু তাৰ ওপৰত তাৰ পৰিচৰ্যা কৰিব লগা আটাই সঁজুলি আদি বেদীৰ সকলো পাত্ৰ ৰাখিব। তেওঁলোকে অৰ্থাৎ আঙঠা-ধৰা, ত্ৰিশূল, ছাঁই উলিওৱা হেতা, তেজ ছটিওৱা পাত্ৰ, পাছে তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দি, কানমাৰি সুমুৱাই দি তাক ঢাকি ৰাখিব।
وقتی که هارون و پسرانش، کار جمع کردن اسباب قدس و کلیهٔ وسایل آن را تمام کردند، نسل قهات آمده، آنها را بردارند و به هر جایی که اردو کوچ میکند ببرند. ولی ایشان نباید به این اشیاء مقدّس دست بزنند مبادا بمیرند، پس وظیفهٔ مقدّس پسران قهات، حمل اشیاء خیمهٔ ملاقات است. | 15 |
১৫ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।
«العازار پسر هارون، مسئول روغن برای روشنایی، بخور خوشبو، هدیهٔ آردی روزانه و روغن تدهین باشد. در واقع، نظارت بر تمامی خیمهٔ عبادت و هر چه که در آن است به عهدهٔ او خواهد بود.» | 16 |
১৬আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।”
سپس خداوند به موسی و هارون فرمود: | 17 |
১৭এইদৰে যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে। তেওঁ আৰু ক’লে,
«مواظب باشید طایفۀ قهاتیان از میان لاویان منقطع نشوند. | 18 |
১৮“তোমালোকে লেবীয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা।
آنچه باید بکنید تا ایشان به هنگام حمل مقدّسترین اشیاء خیمۀ عبادت نمیرند، این است: هارون و پسرانش با ایشان داخل خیمۀ عبادت شده، آنچه را که هر یک از آنان باید حمل کنند به ایشان نشان دهند. | 19 |
১৯তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা, এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰ স্থানৰ ওচৰ চাপে,
در غیر این صورت، ایشان نباید هرگز حتی برای یک لحظه داخل قدس بشوند، مبادا به اشیاء مقدّس آنجا نگاه کرده بمیرند.» | 20 |
২০তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্রস্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিবলগীয়া কামত আৰু নিযুক্ত কৰিব।”
২১যিহোৱাই মোচিক পুনৰ কথা ক’লে। তেওঁ ক’লে,
«افراد خاندانها و طایفههای جرشون از قبیلۀ لاوی را سرشماری کن. | 22 |
২২“তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তানসকলৰো লোকপিয়ল পৰিচালনা কৰিবা।
همۀ مردان سی ساله و بالاتر تا پنجاه ساله را که میتوانند در خیمهٔ ملاقات خدمت کنند، بشمار. | 23 |
২৩ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
وظایف ایشان از این قرار است: | 24 |
২৪পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীসকলৰ কাম আছিল।
«حمل پردههای خیمهٔ ملاقات، خود خیمه با پوششهای آن، پوشش پوست بز بالای آن، پردهٔ مدخل خیمه، | 25 |
২৫তেওঁলোকে আবাসৰ কাপোৰবোৰ সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দা এই সকলো বৈ লৈ যাব লাগিব।
حمل پردههای دیوار حیاط و پردهٔ مدخل حیاطی که در اطراف مذبح و خیمهٔ عبادت است، به اضافهٔ حمل طنابها و تمام لوازم دیگر. ایشان مسئول حمل و نقل این اشیاء هستند. | 26 |
২৬আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব।
هارون و پسران او، این خدمتها را برای جرشونیها تعیین خواهند نمود. | 27 |
২৭গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা।
این است خدمت جرشونیها در خیمۀ ملاقات؛ و ایتامار پسر هارون بر کار آنها نظارت خواهد کرد.» | 28 |
২৮গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।
«حال افراد طایفهها و خاندانهای مِراری از قبیلۀ لاوی را سرشماری کن. | 29 |
২৯পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে মৰাৰীৰ সন্তানসকলকো তুমি গণনা কৰা,
همۀ مردان سی ساله و بالاتر تا پنجاه ساله را که میتوانند در خیمهٔ ملاقات خدمت کنند، بشمار. | 30 |
৩০ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
هنگام حمل و نقل خیمهٔ ملاقات، ایشان باید چوببست خیمه، پشتبندها، ستونها، پایهها، | 31 |
৩১আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এই - আবাসৰ তক্তা, তাৰ ডাং, খুঁটা, চুঙী,
ستونهای اطراف حیاط با پایهها، میخها، طنابها و هر چیز دیگری را که مربوط به استفاده و تعمیر آنها باشد، حمل کنند. «وظیفهٔ هر کس را با ذکر اسم، به او گوشزد نما. | 32 |
৩২আৰু চোতালৰ চাৰিওফালে থকা খুঁটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্যৰ হাতিয়াৰ; তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা।
مردان مراری نیز باید تحت نظر ایتامار پسر هارون در خیمۀ ملاقات انجام وظیفه کنند.» | 33 |
৩৩মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এয়ে। তেওঁলোকৰ কাৰ্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।”
پس موسی و هارون و رهبران دیگر، طایفهٔ قهات را برحسب طایفهها و خاندانهایشان سرشماری کردند. | 34 |
৩৪পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তান সকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে।
مردان سی ساله تا پنجاه ساله که میتوانستند در خیمۀ ملاقات خدمت کنند | 35 |
৩৫তেওঁলোকৰ মাজৰ পৰা ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল, তেওঁলোকক গণনা কৰিলে।
৩৬তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক দুই হাজাৰ সাতশ পঞ্চাশ জন হ’ল।
این بود کل افراد طایفههای قهاتی که در خیمۀ ملاقات خدمت میکردند. آنها بر اساس دستوری که خداوند به موسی داده بود، به دست موسی و هارون شمارش شدند. | 37 |
৩৭মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
تعداد مردان طایفهٔ جرشون که میتوانستند در خیمۀ ملاقات خدمت کنند ۲٬۶۳۰ نفر بود. | 38 |
৩৮গেৰ্চোনৰ সন্তান সকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
৩৯ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল,
৪০নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক দুই হাজাৰ ছশ ত্ৰিশ জন হ’ল।
این سرشماری نیز بر اساس دستوری که خداوند به موسی داده بود، به دست موسی و هارون انجام شد. | 41 |
৪১যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰা গেৰ্চোনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
تعداد مردان طایفهٔ مراری که میتوانستند در خیمۀ ملاقات خدمت کنند ۳٬۲۰۰ نفر بود. | 42 |
৪২আৰু মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
৪৩ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাল,
৪৪নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁলোকলৰ মাজৰ সেই গণিত লোক তিনি হাজাৰ দুশ জন হ’ল।
این سرشماری نیز بر اساس دستوری که خداوند به موسی داده بود، به دست موسی و هارون انجام شد. | 45 |
৪৫মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
به این طریق موسی و هارون و رهبران قوم اسرائیل، تمام لاویان سی ساله تا پنجاه ساله را که قادر به خدمت و حمل و نقل خیمهٔ ملاقات بودند، شمردند. جمع کل آنها ۸٬۵۸۰ نفر بود. | 46 |
৪৬নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ’ল,
৪৭ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সেৱাকৰ্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল,
৪৮তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল।
این سرشماری بر اساس دستوری که خداوند به موسی داده بود، صورت گرفت. | 49 |
৪৯কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।