< اعداد 33 >
این است سفرنامهٔ قوم اسرائیل از روزی که به رهبری موسی و هارون از مصر بیرون آمدند. | 1 |
১ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
موسی طبق دستور خداوند مراحل سفر آنها را نوشته بود. | 2 |
২মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
آنها در روز پانزدهم از ماه اول، یعنی یک روز بعد از پِسَح از شهر رَمِسیس مصر خارج شدند. در حالی که مصریها همۀ نخستزادگان خود را که خداوند شب قبل آنها را کشته بود دفن میکردند، قوم اسرائیل با سربلندی از مصر بیرون آمدند. این امر نشان داد که خداوند از تمامی خدایان مصر قویتر است. | 3 |
৩প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
৪তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
پس از حرکت از رَمِسیس، قوم اسرائیل در سوکوت اردو زدند و از آنجا به ایتام که در حاشیهٔ بیابان است رفتند. | 5 |
৫ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
৬আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
بعد به فیهاحیروت نزدیک بعل صفون رفته، در دامنهٔ کوه مجدل اردو زدند. | 7 |
৭আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
سپس از آنجا کوچ کرده، از میان دریای سرخ گذشتند و به بیابان ایتام رسیدند. سه روز هم در بیابان ایتام پیش رفتند تا به ماره رسیدند و در آنجا اردو زدند. | 8 |
৮তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
از ماره کوچ کرده، به ایلیم آمدند که در آنجا دوازده چشمهٔ آب و هفتاد درخت خرما بود، و مدتی در آنجا ماندند. | 9 |
৯আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
از ایلیم به کنار دریای سرخ کوچ نموده، اردو زدند؛ | 10 |
১০পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
پس از آن به صحرای سین رفتند. | 11 |
১১আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
سپس به ترتیب به دُفقه، | 12 |
১২পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
১৩আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
و رفیدیم که در آنجا آب نوشیدنی یافت نمیشد، رفتند. | 14 |
১৪আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
از رفیدیم به صحرای سینا و از آنجا به قبروت هتاوه و سپس از قبروت هتاوه به حصیروت کوچ کردند و بعد به ترتیب به نقاط زیر رفتند: از حصیروت به رتمه، از رتمه به رمون فارص، از رمون فارص به لبنه، از لبنه به رسه، از رسه به قهیلاته، از قهیلاته به کوه شافر، از کوه شافر به حراده، از حراده به مقهیلوت، از مقهیلوت به تاحت، از تاحت به تارح، از تارح به متقه، از متقه به حشمونه، از حشمونه به مسیروت، از مسیروت به بنییعقان، از بنییعقان به حورالجدجاد، از حورالجدجاد به یطبات، از یطبات به عبرونه، از عبرونه به عصیون جابر، از عصیون جابر به قادش (در بیابان صین)، از قادش به کوه هور (در مرز سرزمین ادوم). | 15 |
১৫পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
১৬আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
১৭আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
১৮আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
১৯আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
২০আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
২১আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
২২আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
২৩আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
২৪পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
২৫আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
২৬আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
২৭আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
২৮আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
২৯আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
৩০আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
৩১আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
৩২আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
৩৩আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
৩৪আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
৩৫আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
৩৬আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
৩৭আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
وقتی در دامنهٔ کوه هور بودند، هارون کاهن به دستور خداوند به بالای کوه هور رفت. وی در سن ۱۲۳ سالگی، در روز اول از ماه پنجم سال چهلم؛ بعد از بیرون آمدن بنیاسرائیل از مصر، در آنجا وفات یافت. | 38 |
৩৮এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
৩৯হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
در این هنگام بود که پادشاه کنعانی سرزمین عراد (واقع در نِگِب کنعان)، اطلاع یافت که قوم اسرائیل به کشورش نزدیک میشوند. | 40 |
৪০আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
پس اسرائیلیها از کوه هور به صلمونه کوچ کردند و در آنجا اردو زدند. | 41 |
৪১পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
৪২আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
پس از آن به اوبوت کوچ کردند | 43 |
৪৩আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
و از آنجا به عییعباریم در مرز موآب رفته، در آنجا اردو زدند. | 44 |
৪৪আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
سپس به دیبون جاد رفتند | 45 |
৪৫আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
و از دیبون جاد به علمون دبلاتایم | 46 |
৪৬আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
و از آنجا به کوهستان عباریم، نزدیک کوه نبو کوچ کردند. | 47 |
৪৭আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
سرانجام به دشت موآب رفتند که در کنار رود اردن در مقابل شهر اریحا بود. | 48 |
৪৮আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
در دشت موآب، از بیتیشیموت تا آبل شطیم در جاهای مختلف، کنار رود اردن اردو زدند. | 49 |
৪৯আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
زمانی که آنها در کنار رود اردن، در مقابل اریحا اردو زده بودند، خداوند به موسی فرمود که به قوم اسرائیل بگوید: «وقتی که از رود اردن عبور کردید و به سرزمین کنعان رسیدید، | 50 |
৫০তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
৫১“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
باید تمامی ساکنان آنجا را بیرون کنید و همهٔ بتها و مجسمههایشان را از بین ببرید و عبادتگاهای واقع در بالای کوهها را که در آنجا بتهایشان را پرستش میکنند خراب کنید. | 52 |
৫২তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
من سرزمین کنعان را به شما دادهام. آن را تصرف کنید و در آن ساکن شوید. | 53 |
৫৩আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
زمین به تناسب جمعیت قبیلههایتان به شما داده خواهد شد. قطعههای بزرگتر زمین به قید قرعه بین قبیلههای بزرگتر و قطعههای کوچکتر بین قبیلههای کوچکتر تقسیم شود. | 54 |
৫৪আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
ولی اگر تمامی ساکنان آنجا را بیرون نکنید، باقیماندگان مثل خار به چشمهایتان و چون تیغ در پهلویتان فرو خواهند رفت و شما را در آن سرزمین آزار خواهند رساند. | 55 |
৫৫কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
آری، اگر آنان را بیرون نکنید آنگاه من شما را هلاک خواهم کرد همانطور که قصد داشتم شما آنها را هلاک کنید.» | 56 |
৫৬আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”