< اعداد 2 >
خداوند به موسی و هارون فرمود: | 1 |
১যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে,
«قبایل بنیاسرائیل باید گرداگرد خیمهٔ ملاقات با فاصلهٔ معینی از آن اردو بزنند و هر یک پرچم و نشان ویژهٔ خود را داشته باشند.» | 2 |
২“ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।
جایگاه قبیلهها به ترتیب زیر بود: قبیله رهبر تعداد یهودا نحشون (پسر عمیناداب) ۷۴٬۶۰۰ نفر یساکار نتنائیل (پسر صوغر) ۵۴٬۴۰۰ نفر زبولون الیآب (پسر حیلون) ۵۷٬۴۰۰ نفر بنابراین، تعداد کل افراد ساکن در بخش یهودا که در سمت شرقی اردوگاه قرار داشت، ۱۸۶٬۴۰۰ نفر بود. هرگاه بنیاسرائیل به مکان تازهای کوچ میکردند، این سه قبیله به ترتیب، پیشاپیش آنها حرکت میکردند و راه را نشان میدادند. قبیله رهبر تعداد رئوبین الیصور (پسر شدیئور) ۴۶٬۵۰۰ نفر شمعون شلومیئیل (پسر صوریشدای) ۵۹٬۳۰۰ نفر جاد الیاساف (پسر دعوئیل) ۴۵٬۶۵۰ نفر بنابراین، تعداد کل افراد ساکن در بخش رئوبین که در سمت جنوبی اردوگاه قرار داشت، ۱۵۱٬۴۵۰ نفر بود. هر وقت بنیاسرائیل کوچ میکردند، این سه قبیله به ترتیب در ردیف بعدی قرار میگرفتند. پشت سر این دو ردیف، لاویان با خیمهٔ عبادت حرکت میکردند. هنگام کوچ، افراد هر قبیله زیر علم خاص خود، دسته جمعی حرکت میکردند، به همان ترتیبی که در اردوگاه، هر قبیله از قبیلهٔ دیگر جدا بود. قبیله رهبر تعداد افرایم الیشمع (پسر عمیهود) ۴۰٬۵۰۰ نفر منسی جملیئیل (پسر فدهصور) ۳۲٬۲۰۰ نفر بنیامین ابیدان (پسر جدعونی) ۳۵٬۴۰۰ نفر بنابراین، تعداد کل افراد ساکن در بخش افرایم که در سمت غربی اردوگاه قرار داشت، ۱۰۸٬۱۰۰ نفر بود. موقع کوچ کردن، این سه قبیله به ترتیب در ردیف بعدی قرار داشتند. قبیله رهبر تعداد دان اخیعزر (پسر عمیشدای) ۶۲٬۷۰۰ نفر اشیر فجعیئیل (پسر عکران) ۴۱٬۵۰۰ نفر نفتالی اخیرع (پسر عینان) ۵۳٬۴۰۰ نفر بنابراین تعداد کل افراد ساکن در بخش دان که در سمت شمالی اردوگاه قرار داشت، ۱۵۷٬۶۰۰ نفر بود. هنگام کوچ، این سه قبیله به ترتیب، پس از همه حرکت میکردند. | 3 |
৩যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
৪তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।
৫তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
৬নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ।
৭ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
৮জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ।
৯যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।
১০দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
১১ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।
১২তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
১৩চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ।
১৪তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
১৫গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ।
১৬ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।
১৭তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।
১৮সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
১৯ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ।
২০তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
২১মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ।
২২তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
২৩বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।
২৪ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।
২৫সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
২৬দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ।
২৭তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
২৮আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ।
২৯তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
৩০নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ।
৩১দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”
پس تعداد کل سپاهیان بنیاسرائیل، ۶۰۳٬۵۵۰ نفر بود (غیر از لاویان که به دستور خداوند سرشماری نشدند). | 32 |
৩২ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল।
৩৩কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।
به این ترتیب قوم اسرائیل طبق دستوری که خداوند به موسی داده بود، عمل کردند؛ آنان با خاندان و خانوادهٔ خود کوچ میکردند و زیر پرچم قبیلهٔ خود اردو میزدند. | 34 |
৩৪যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।