< لاویان 16 >
پس از آنکه دو پسر هارون به علّت سوزاندن بخور بر آتش غیر مجاز در حضور خداوند مردند، خداوند با موسی سخن گفته، | 1 |
১হাৰোণৰ যি দুজন পুত্ৰ যিহোৱাৰ ওচৰলৈ গ’ল, তেওঁলোকৰ মৃত্যুৰ পাছত যিহোৱাই মোচিক কৈছিল।
فرمود: «به برادرت هارون بگو که غیر از وقت تعیین شده، در وقت دیگری به قدسالاقداس که پشت پرده است و صندوق عهد و تخت رحمت در آن قرار دارند داخل نشود، مبادا بمیرد؛ چون من در ابر بالای تخت رحمت حضور دارم. | 2 |
২যিহোৱাই মোচিক এই কথা ক’লে, “হাৰোণ নমৰিবৰ বাবে, চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মূখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ-স্থানলৈ সকলো সময়ত নোসোমাবৰ বাবে আজ্ঞা কৰা; কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।
شرایط داخل شدن او به آنجا از این قرار است: او باید یک گوساله برای قربانی گناه و یک قوچ برای قربانی سوختنی بیاورد.» | 3 |
৩হাৰোণে এইদৰে পবিত্ৰ স্থানত সোমাব লাগিব। তেওঁ পাপাৰ্থক বলিৰ বাবে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল’ব।
سپس خداوند این قوانین را داد: قبل از آنکه هارون به قدسالاقداس داخل شود، باید غسل نموده، لباسهای مخصوص کاهنی را بپوشد، یعنی پیراهن مقدّس کتانی، لباس زیر از جنس کتان، کمربند کتانی و دستار کتانی. | 4 |
৪তেওঁ শণ সুতাৰ পবিত্ৰ বস্ত্ৰখন গাত লব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু পাগটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ; তেওঁ পানীত গা ধুই, এইবোৰ পিন্ধিব।
آنگاه قوم اسرائیل دو بز نر برای قربانی گناهشان و یک قوچ برای قربانی سوختنی نزد او بیاورند. | 5 |
৫পাছত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল’ব।
هارون باید اول گوساله را به عنوان قربانی گناه خودش به حضور خداوند تقدیم کند و برای خود و خانوادهاش کفاره نماید. | 6 |
৬আৰু হাৰোণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি, নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব।
سپس دو بز نر را دم در خیمۀ ملاقات به حضور خداوند بیاورد. | 7 |
৭তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল’ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ আগত উপস্থিত হ’ব।
او باید یک بز را برای خداوند ذبح کند و دیگری را در بیابان رها سازد. ولی برای این کار لازم است اول قرعه بیندارد. | 8 |
৮তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।
آنگاه بزی را که به قید قرعه برای خداوند تعیین شده، به عنوان قربانی گناه ذبح کند | 9 |
৯তেতিয়া যি ছাগলী যিহোৱাৰ নামত উঠিব, হাৰোণে সেই ছাগলীটো লৈ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
و بز دیگر را زنده به حضور خداوند آورد و سپس به بیابان بفرستد تا گناه قوم اسرائیل را با خود ببرد. | 10 |
১০কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে, তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সন্মূখত তাক জীয়াই উপস্থিত কৰিব লাগিব।
پس از اینکه هارون گوساله را به عنوان قربانی گناه برای خود و خانوادهاش ذبح کرد، | 11 |
১১তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।
آتشدانی پر از زغالهای مشتعل از مذبح حضور خداوند برداشته، آن را با دو مشت بخور خوشبوی کوبیده شده به قدسالاقداس بیاورد | 12 |
১২হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
و در حضور خداوند، بخور را روی آتش بریزد تا ابری از بخور، تخت رحمت روی صندوق عهد را بپوشاند. بدین ترتیب او نخواهد مرد. | 13 |
১৩আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।
هارون مقداری از خون گوساله را آورده، با انگشت خود آن را یک مرتبه بر قسمت جلویی تخت رحمت، سپس هفت مرتبه جلوی آن روی زمین بپاشد. | 14 |
১৪তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ, পূবফালে থকা পাপাবৰণত আঙুলিৰে ছঠিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ সাতবাৰ ছটিয়াব।
پس از آن، او باید بیرون برود و بز قربانی گناه قوم را ذبح کند و خون آن را به قدسالاقداس بیاورد و مانند خون گوساله بر تخت رحمت و جلوی آن بپاشد. | 15 |
১৫তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।
به این ترتیب برای قدسالاقداس که به سبب گناهان قوم اسرائیل آلوده شده و برای خیمۀ ملاقات که در میان قوم واقع است و با آلودگیهای ایشان احاطه شده، کفاره خواهد کرد. | 16 |
১৬এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।
از زمانی که هارون برای کفاره کردن وارد قدسالاقداس میشود تا وقتی که از آنجا بیرون میآید هیچکس نباید در داخل خیمۀ ملاقات باشد. هارون پس از اینکه مراسم کفاره را برای خود و خانوادهاش و قوم اسرائیل بجا آورد، | 17 |
১৭আৰু প্ৰায়শ্চিত্ত কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইস্ৰায়েলৰ গোটেই সমাজক প্ৰায়শ্চিত্ত সম্পূৰ্ণকৈ প্ৰায়শ্চিত্ত নকৰালৈকে, কোনো কোনো লোক সেই সাক্ষাৎ কৰা তম্বুত নাথাকিব।
باید در حضور خداوند به طرف مذبح برود و برای آن کفاره کند. او باید خون گوساله و خون بز را بر شاخهای مذبح بمالد | 18 |
১৮তেওঁ যিহোৱাৰ সন্মূখত থকা বেদীৰ ওচৰলৈ ওলাই গৈ তাক প্ৰায়শ্চিত্ত কৰিব। তেওঁ সেই দমৰাটোৰ অলপ তেজ আৰু ছাগলীটোৰ অলপ তেজ লৈ বেদীৰ চাৰিওফালৰ শিং কেইটাত লগাই দিব।
و با انگشت خود هفت بار خون را بر مذبح بپاشد، و به این ترتیب آن را از آلودگی گناهان بنیاسرائیل پاک نموده، تقدیس کند. | 19 |
১৯আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰৰ অশৌচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব।
وقتی هارون مراسم کفاره را برای قدسالاقداس، خیمۀ ملاقات و مذبح به انجام رسانید، بز زنده را بیاورد | 20 |
২০এইদৰে পবিত্ৰ স্থান, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰাৰ পাছত, হাৰোণে সেই জীয়া ছাগলীটো আনিব।
و هر دو دست خود را روی سر حیوان قرار داده، تمام گناهان و تقصیرات قوم اسرائیل را اعتراف کند و آنها را بر سر بز قرار دهد. سپس بز را به دست مردی که برای این کار انتخاب شده است بدهد تا آن را به بیابان برده در آنجا رهایش سازد. | 21 |
২১পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।
بدین ترتیب آن بز تمام گناهان بنیاسرائیل را به سرزمینی که کسی در آنجا سکونت ندارد میبرد. | 22 |
২২আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জ্জন ঠাইলৈ বৈ নিব। আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব।
پس از آن، هارون بار دیگر باید داخل خیمۀ ملاقات شده لباسهای کتانی را که هنگام رفتن به قدسالاقداس پوشیده بود از تن بیرون بیاورد و آنها را در خیمۀ ملاقات بگذارد. | 23 |
২৩তেতিয়া হাৰোণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি শণৰ বস্ত্ৰবোৰ পিন্ধে তাক সোলোকাই সেই ঠাইতে থ’ব।
آنگاه در مکان مقدّسی غسل نموده، دوباره لباسهایش را بپوشد و بیرون رفته، قربانی سوختنی خود و قربانی سوختنی بنیاسرائیل را تقدیم کند و به این ترتیب برای خود و بنیاسرائیل کفاره کند. | 24 |
২৪পাছত তেওঁ কোনো পবিত্ৰ ঠাইত গা ধুই, নিজ বস্ত্ৰ পিন্ধি ওলাব; আৰু নিজৰ হোম-বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰিব।
او باید چربی قربانی گناه را هم بر مذبح بسوزاند. | 25 |
২৫আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব।
مردی که بز را به بیابان برده است، باید لباس خود را بشوید و غسل کند و بعد به اردوگاه بازگردد. | 26 |
২৬আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব, তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
گوساله و بزی که به عنوان قربانی گناه ذبح شدند و هارون خون آنها را به داخل قدسالاقداس برد تا کفاره کند، باید از اردوگاه بیرون برده شوند و پوست و گوشت و فضلۀ آنها سوزانده شود. | 27 |
২৭আৰু পাপাৰ্থক বলিৰ অর্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ’ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰ জুইত পুৰি ভস্ম কৰা হ’ব।
سپس شخصی که آنها را سوزانده، لباس خود را بشوید و غسل کند و بعد به اردوگاه بازگردد. | 28 |
২৮আৰু যিজনে সেইবোৰ পুৰিব, তেওঁ নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
این قوانین را همیشه باید اجرا کنید: در روز دهم ماه هفتم نباید کار بکنید، بلکه آن روز را در روزه بگذرانید. این قانون باید هم بهوسیلهٔ قوم اسرائیل و هم بهوسیلۀ غریبانی که در میان قوم اسرائیل ساکن هستند رعایت گردد، | 29 |
২৯তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।
چون در آن روز، مراسم کفاره برای آمرزش گناهان انجام خواهد شد تا قوم در نظر خداوند طاهر باشند. | 30 |
৩০কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।
این روز برای شما مقدّس است و نباید در این روز کار کنید بلکه باید در روزه به سر برید. این قوانین را همیشه باید اجرا کنید. | 31 |
৩১সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোন দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।
این مراسم در نسلهای آینده بهوسیلۀ کاهن اعظمی که به جای جد خود هارون برای کار کاهنی تقدیس شده، انجام خواهد شد. او باید لباسهای مقدّس کتانی را بپوشد، | 32 |
৩২পিতৃৰ সলনি পুৰোহিত কৰ্ম কৰিবলৈ যিজনক অভিষিক্ত আৰু নিযুক্ত কৰা হ’ব, সেই পুৰোহিতে প্ৰায়শ্চিত্ত কৰিব আৰু শণ সুতাৰ বস্ত্ৰ অৰ্থাৎ পবিত্ৰ বস্ত্ৰবোৰ পিন্ধিব।
و برای قدسالاقداس، خیمۀ ملاقات، مذبح، کاهنان و قوم اسرائیل کفاره کند. | 33 |
৩৩আৰু তেওঁ পবিত্ৰ-স্থান প্ৰায়শ্চিত্ত কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰিব। আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্রায়শ্চিত্ত কৰিব।
شما باید سالی یک مرتبه برای گناهان قوم اسرائیل کفاره کنید و این برای شما یک قانون همیشگی است. هارون تمام دستورهایی را که خداوند به موسی داد بجا آورد. | 34 |
৩৪ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।