< پیدایش 46 >
پس یعقوب با هر چه که داشت کوچ کرده، به بئرشبع آمد و در آنجا برای خدای پدرش اسحاق، قربانیها تقدیم کرد. | 1 |
১ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
شب هنگام، خدا در رویا به وی گفت: «یعقوب! یعقوب!» عرض کرد: «بله، خداوندا!» | 2 |
২ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
گفت: «من خدا هستم، خدای پدرت! از رفتن به مصر نترس، زیرا در آنجا از تو قوم بزرگی به وجود خواهم آورد. | 3 |
৩ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।
من با تو به مصر خواهم آمد و تو را به یقین باز خواهم آورد. تو در مصر خواهی مرد و یوسف با دست خود چشمانت را خواهد بست.» | 4 |
৪মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”
یعقوب از بئرشبع کوچ کرد و پسرانش او را همراه زنان و فرزندانشان با ارابههایی که فرعون به ایشان داده بود، به مصر بردند. | 5 |
৫তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।
آنها گله و رمه و تمامی اموالی را که در کنعان اندوخته بودند، با خود به مصر آوردند. | 6 |
৬যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।
یعقوب با پسران و دختران و نوههای پسری و دختری خود و تمام خویشانش به مصر آمد. | 7 |
৭এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।
اسامی پسران و نوههای یعقوب که با وی به مصر آمدند از این قرار است: رئوبین پسر ارشد او | 8 |
৮ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।
و پسرانش: حنوک، فلو، حصرون و کرمی. | 9 |
৯ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
شمعون و پسرانش: یموئیل، یامین، اوحد، یاکین، صوحر و شائول. (مادر شائول کنعانی بود.) | 10 |
১০চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।
لاوی و پسرانش: جرشون، قهات و مراری. | 11 |
১১লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
یهودا و پسرانش: عیر، اونان، شیله، فارص و زارح. (اما عیر و اونان پیش از رفتن یعقوب به مصر در کنعان مردند.) پسران فارص، حصرون و حامول بودند. | 12 |
১২যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
یساکار و پسرانش: تولاع، فوّه، یوب و شمرون. | 13 |
১৩ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।
زبولون و پسرانش: سارد، ایلون و یاحلئیل. | 14 |
১৪জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।
اینها بودند پسران لیه که آنها را با دختر خود دینه، در فَدّاناَرام برای یعقوب به دنیا آورد. این پسران و دختران یعقوب در مجموع سی و سه نفر بودند. | 15 |
১৫জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।
پسران جاد: صفیون، حجّی، شونی، اصبون، عیری، ارودی و ارئیلی. | 16 |
১৬গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
پسران اشیر: یمنه، یشوه، یشوی، بریعه و دخترش سِراح. پسران بریعه حابر و ملکیئیل بودند. | 17 |
১৭আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
اینان بودند پسران یعقوب و زلفه، کنیزی که لابان به دخترش لیه داده بود. آنها در مجموع شانزده نفر بودند. | 18 |
১৮এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
پسران راحیل، همسر یعقوب: یوسف و بنیامین. | 19 |
১৯যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।
پسران یوسف که در مصر متولد شدند: منسی و افرایم. مادرشان اسنات، دختر فوطی فارع، کاهن اون بود. | 20 |
২০ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
پسران بنیامین: بالع، باکر، اشبیل، جیرا، نعمان، ایحی، رش، مفیّم، حفیّم و آرد. | 21 |
২১বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।
اینان بودند پسران راحیل و یعقوب. آنها در مجموع چهارده نفر بودند. | 22 |
২২এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।
پسران نفتالی: یحصئیل، جونی، یصر و شلیّم. | 24 |
২৪নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।
اینان بودند پسران یعقوب و بلهه، کنیزی که لابان به دخترش راحیل داده بود. در مجموع هفت نفر بودند. | 25 |
২৫এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।
پس تعداد افرادی که از نسل یعقوب همراه او به مصر رفتند (غیر از زنان پسرانش) شصت و شش نفر بود. | 26 |
২৬পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।
برای یوسف نیز دو پسر در مصر متولد شدند. پس جمع افراد خانوادهٔ یعقوب که در مصر بودند، هفتاد نفر میشد. | 27 |
২৭মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।
یعقوب، پسرش یهودا را پیشاپیش نزد یوسف فرستاد تا از او بپرسد که از چه راهی باید به زمین جوشن بروند. وقتی به جوشن رسیدند، | 28 |
২৮যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।
یوسف ارابهٔ خود را حاضر کرد و برای دیدن پدرش به جوشن رفت. وقتی در آنجا پدرش را دید، او را در آغوش گرفته، مدتی گریست. | 29 |
২৯যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।
آنگاه یعقوب به یوسف گفت: «حال، مرا غم مُردن نیست، زیرا بار دیگر تو را دیدم و میدانم که زندهای.» | 30 |
৩০ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”
یوسف به برادرانش و تمامی افراد خانواده آنها گفت: «حال میروم تا به فرعون خبر دهم که شما از کنعان به نزد من آمدهاید. | 31 |
৩১তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।
به او خواهم گفت که شما چوپان هستید و تمامی گلهها و رمهها و هر آنچه را که داشتهاید همراه خویش آوردهاید. | 32 |
৩২এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
پس اگر فرعون از شما بپرسد که شغل شما چیست، | 33 |
৩৩তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’
به او بگویید که از ابتدای جوانی تا به حال به شغل چوپانی و گلهداری مشغول بودهاید و این کار را از پدران خود به ارث بردهاید. اگر چنین به فرعون پاسخ دهید او به شما اجازه خواهد داد تا در جوشن ساکن شوید، چون مردم سایر نقاط مصر از چوپانان نفرت دارند.» | 34 |
৩৪তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”