< پیدایش 26 >
روزی قحطی شدیدی همانند قحطی زمان ابراهیم سراسر سرزمین کنعان را فرا گرفت. به همین دلیل اسحاق به شهر جرار نزد ابیملک، پادشاه فلسطین رفت. | 1 |
১অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
خداوند در آنجا به اسحاق ظاهر شده، گفت: «به مصر نرو. آنچه میگویم انجام بده. | 2 |
২পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
در این سرزمین همچون یک غریبه بمان، و من با تو خواهم بود و تو را برکت خواهم داد. من تمامی این سرزمینها را به تو و نسل تو خواهم بخشید، و بدین ترتیب به سوگندی که برای پدرت ابراهیم یاد کردم وفا خواهم کرد. | 3 |
৩তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
نسل تو را چون ستارگان آسمان بیشمار خواهم گردانید و تمامی این سرزمین را به آنها خواهم داد و همۀ قومهای جهان از نسل تو برکت خواهند یافت. | 4 |
৪মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
این کار را به خاطر ابراهیم خواهم کرد، چون او احکام و اوامر مرا اطاعت نمود.» | 5 |
৫কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
پس اسحاق در جرار ماندگار شد. | 6 |
৬সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
وقتی که مردم آنجا دربارهٔ ربکا از او سؤال کردند، گفت: «او خواهر من است!» چون ترسید اگر بگوید همسر من است، به خاطر تصاحب زنش او را بکشند، زیرا ربکا بسیار زیبا بود. | 7 |
৭সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
مدتی بعد، یک روز ابیملک، پادشاه فلسطین از پنجره دید که اسحاق با همسرش رِبِکا شوخی میکند. | 8 |
৮পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
پس ابیملک، اسحاق را نزد خود خوانده، به او گفت: «چرا گفتی ربکا خواهرت است، در حالی که زن تو میباشد؟» اسحاق در جواب گفت: «چون میترسیدم برای تصاحب او مرا بکشند.» | 9 |
৯তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
اَبیمِلِک گفت: «این چه کاری بود که با ما کردی؟ آیا فکر نکردی که ممکن است یکی از مردم ما با وی همبستر شود؟ در آن صورت ما را به گناه بزرگی دچار میساختی.» | 10 |
১০তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
سپس ابیملک به همه اعلام نمود: «هر کس به این مرد و همسر وی زیان رساند، کشته خواهد شد.» | 11 |
১১পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
اسحاق در جرار به زراعت مشغول شد و در آن سال صد برابر بذری که کاشته بود درو کرد، زیرا خداوند او را برکت داده بود. | 12 |
১২সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
هر روز بر دارایی او افزوده میشد و طولی نکشید که او مرد بسیار ثروتمندی شد. | 13 |
১৩আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
وی گلهها و رمهها و غلامان بسیار داشت به طوری که فلسطینیها بر او حسد میبردند. | 14 |
১৪আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
پس آنها چاههای آبی را که غلامان پدرش ابراهیم در زمان حیات ابراهیم کنده بودند، با خاک پُر کردند. | 15 |
১৫ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
ابیملکِ پادشاه نیز از او خواست تا سرزمینش را ترک کند و به او گفت: «به جایی دیگر برو، زیرا تو از ما بسیار ثروتمندتر و قدرتمندتر شدهای.» | 16 |
১৬পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
پس اسحاق آنجا را ترک نموده، در درهٔ جرار ساکن شد. | 17 |
১৭তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
او چاههای آبی را که در زمان حیات پدرش کَنده بودند و فلسطینیها آنها را پُر کرده بودند، دوباره کَند و همان نامهایی را که قبلاً پدرش بر آنها نهاده بود بر آنها گذاشت. | 18 |
১৮আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
غلامان او نیز چاه تازهای در درهٔ جرار کَنده، در قعر آن به آب روان رسیدند. | 19 |
১৯আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
سپس چوپانان جرار آمدند و با چوپانان اسحاق به نزاع پرداخته، گفتند: «این چاه به ما تعلق دارد.» پس اسحاق آن چاه را عِسِق (یعنی «نزاع») نامید. | 20 |
২০তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
غلامانِ اسحاق چاه دیگری کَندند و باز بر سر آن مشاجرهای درگرفت. اسحاق آن چاه را سِطنه (یعنی «دشمنی») نامید. | 21 |
২১পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” ৰাখিলে।
اسحاق آن چاه را نیز ترک نموده، چاه دیگری کَند، ولی این بار نزاعی درنگرفت. پس اسحاق آن را رحوبوت (یعنی «مکان وسیع») نامید. او گفت: «خداوند مکانی برای ما مهیا نموده است و ما در این سرزمین ترقی خواهیم کرد.» | 22 |
২২আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
وقتی که اسحاق به بئرشبع رفت | 23 |
২৩তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
در همان شب خداوند بر وی ظاهر شد و فرمود: «من خدای پدرت ابراهیم هستم. ترسان مباش، چون من با تو هستم. من تو را برکت خواهم داد و به خاطر بندهٔ خود ابراهیم نسل تو را زیاد خواهم کرد.» | 24 |
২৪সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
آنگاه اسحاق مذبحی بنا کرده، خداوند را پرستش نمود. او در همان جا ساکن شد و غلامانش چاه دیگری کندند. | 25 |
২৫পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
روزی ابیملکِ پادشاه به اتفاق مشاور خود احوزات و فرماندهٔ سپاهش فیکول از جرار نزد اسحاق آمدند. | 26 |
২৬তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
اسحاق از ایشان پرسید: «چرا به اینجا آمدهاید؟ شما که مرا با خصومت از نزد خود راندید!» | 27 |
২৭তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
پاسخ دادند: «ما آشکارا میبینیم که خداوند با توست؛ پس میخواهیم سوگندی در بین ما و تو باشد و با تو پیمانی ببندیم. | 28 |
২৮তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
قول بده ضرری به ما نرسانی همانطور که ما هم ضرری به تو نرساندیم. ما غیر از خوبی کاری در حق تو نکردیم و تو را با صلح و صفا روانه نمودیم. اکنون ببین خداوند چقدر تو را برکت داده است.» | 29 |
২৯আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
پس اسحاق ضیافتی برای آنها بر پا نمود و آنها خوردند و آشامیدند. | 30 |
৩০তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
صبح روز بعد برخاستند و هر یک از آنها قسم خوردند که به یکدیگر ضرری نرسانند. سپس اسحاق ایشان را به سلامتی به سرزمینشان روانه کرد. | 31 |
৩১পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
در همان روز، غلامان اسحاق آمدند و او را از چاهی که میکَندند خبر داده، گفتند که در آن آب یافتهاند. | 32 |
৩২আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
اسحاق آن را شَبَع (یعنی «سوگند») نامید و شهری که در آنجا بنا شد، بئرشبع (یعنی «چاه سوگند») نامیده شد که تا به امروز به همان نام باقی است. | 33 |
৩৩তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
عیسو پسر اسحاق در سن چهل سالگی یودیه، دختر بیری حیتّی و بسمه دختر ایلونِ حیتّی را به زنی گرفت. | 34 |
৩৪পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
این زنان زندگی را بر اسحاق و ربکا تلخ کردند. | 35 |
৩৫কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।