< تثنیه 33 >
این است برکتی که موسی، مرد خدا، قبل از مرگش به قوم اسرائیل داد: | 1 |
১তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
«خداوند از کوه سینا آمد، او از کوه سعیر طلوع کرد و از کوه فاران درخشید. مقدّسین بیشمار همراه او بودند و آتشی مشتعل در دست راست او. | 2 |
২তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
او قوم خود را دوست میدارد و از آنها حمایت میکند، ایشان نزد پاهای او مینشینند و از سخنانش بهرهمند میگردند. | 3 |
৩সঁচাই তেওঁ নিজৰ লোকসকলক প্ৰেম কৰে; তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল; তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল; প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
قوانینی که من برای قوم اسرائیل آوردم، میراث ایشان است. | 4 |
৪মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ।
خداوند در یِشورون پادشاه شد، وقتی که سران قوم جمع شدند، همراه با همۀ قبیلههای اسرائیل.» | 5 |
৫যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল, তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ ৰজা।
موسی دربارهٔ قبیلهٔ رئوبین چنین گفت: «رئوبین زنده باشد و نمیرد و افراد قبیلهاش کم نشوند.» | 6 |
৬ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
و دربارهٔ قبیلهٔ یهودا گفت: «ای خداوند، صدای یهودا را بشنو! او را با قومش متحد گردان، او را در مقابل دشمنان یاری ده تا بتواند از خود دفاع کند.» | 7 |
৭যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
دربارهٔ قبیلهٔ لاوی گفت: «ای خداوند، اوریم و تُمّیم خود را به خادمان امین خود سپردی. تو ایشان را در مسا آزمودی و در کنار چشمهٔ مریبه امتحان نمودی. | 8 |
৮লেবীৰ বিষয়ে মোচিয়ে ক’লে, “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম আছে; মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
ایشان تو را بیش از پدر و مادر، برادر و فرزند خود، دوست داشتند، از کلام تو اطاعت کردند و نسبت به عهد تو وفادار ماندند. | 9 |
৯যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
آنها قوانین تو را به بنیاسرائیل میآموزند و بر مذبح تو، بخور و قربانی سوختنی به تو تقدیم میکنند. | 10 |
১০লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
ای خداوند، قبیلهٔ لاوی را برکت بده و خدمت ایشان را قبول بفرما. کمر دشمنانشان را بشکن تا دیگر برنخیزند.» | 11 |
১১হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া; । তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
موسی دربارهٔ قبیلهٔ بنیامین چنین گفت: «او محبوب خداوند است و در پناه او زیست میکند، خداوند تمامی روز او را احاطه مینماید و از هر بلایی او را حفظ میکند.» | 12 |
১২বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
دربارهٔ قبیلهٔ یوسف چنین گفت: «خداوند سرزمینشان را برکت دهد، با باران و با آبهای زیر زمین. | 13 |
১৩যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
سرزمینشان در هر فصلی پر بار باشد و از محصولاتی که آفتاب میرویاند غنی گردد. | 14 |
১৪সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, মাহবোৰৰ উত্তম শস্যৰে,
کوههای قدیمیشان پر از درخت میوه شوند و تپههای جاودانیشان حاصلخیز گردند. | 15 |
১৫পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে, চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
در زمینشان وفور نعمت باشد و ایشان از رضایت خداوند برخوردار گردند، خداوندی که در بوتهٔ مشتعل ظاهر گشت. تمامی این برکات بر یوسف باد، بر کسی که میان برادران خود شاهزاده بود. | 16 |
১৬পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
یوسف در قوت مانند گوسالۀ نر است، و همچون گاو وحشی با شاخهای خویش تمام قومها را میزند. این برکات بر هزارههای منسی و ده هزارههای افرایم باد.» | 17 |
১৭যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
موسی دربارهٔ قبایل زبولون و یساکار چنین گفت: «ای زبولون سفرهای تو با شادی همراه باشد، و تو ای یساکار در خیمههای خود شادمان باش. | 18 |
১৮জবূলূনৰ বিষয়ে মোচিয়ে ক’লে, হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা, আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
زبولون و یساکار قومها را به کوه خود دعوت خواهند کرد و در آنجا قربانیهای راستین تقدیم خواهند نمود. ثروت دریا از آن ایشان خواهد شد و گنجینههای نهفته در شن نصیب آنها خواهد گردید.» | 19 |
১৯লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
دربارهٔ قبیلهٔ جاد گفت: «برکت بر کسانی باد که به جاد کمک میکنند. او مانند شیری است درنده و قوی. | 20 |
২০গাদৰ বিষয়ে মোচিয়ে ক’লে, “যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য; গাদে সিংহৰ দৰে বাস কৰে, তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
بهترین قسمت سرزمین را برای خود برگزید، قسمتی را که سهم حاکم بود به او دادند. او مردم را هدایت کرد و حکم و داوری خداوند را در مورد اسرائیل اجرا نمود.» | 21 |
২১তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
موسی دربارهٔ قبیلهٔ دان چنین گفت: «دان مانند بچه شیری است که از باشان میجهد.» | 22 |
২২দানৰ বিষয়ে মোচিয়ে ক’লে, “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
دربارهٔ قبیلهٔ نفتالی گفت: «نفتالی از رحمتها و برکات خداوند لبریز است، مرز جنوبی سرزمین او، تا دریاچه جلیل وسعت خواهد یافت.» | 23 |
২৩নপ্তালীৰ বিষয়ে মোচিয়ে কলে, “হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ; পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
دربارهٔ قبیلهٔ اشیر چنین گفت: «اشیر بیش از قبایل دیگر برکت یافته است. در میان برادرانش محبوب باشد و سرزمینش از محصول زیتون غنی گردد. | 24 |
২৪আচেৰৰ বিষয়ে মোচিয়ে কলে, “আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক; তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়, তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
دروازههای شهرهایش با پشتبندهای آهنین محصور شود، و تا وقتی زنده است از قدرتش کاسته نگردد.» | 25 |
২৫তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”
«ای یِشورون، خدایی مانند خدای تو نیست. او باشکوه و جلال بر ابرهای آسمان سوار میشود تا به کمک تو بیاید. | 26 |
২৬মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
خدای ازلی پناهگاه توست و بازوان ابدی او تو را محافظت خواهند کرد. او دشمنانت را از مقابل تو خواهد راند و به تو خواهد گفت که آنها را هلاک کنی. | 27 |
২৭যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
پس اسرائیل در امنیت ساکن خواهد شد. او در سرزمینی زندگی خواهد کرد که پر از غله و شراب است و از آسمان آن شبنم بر زمین میبارد. | 28 |
২৮ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
خوشا به حال تو، ای اسرائیل، زیرا هیچ قومی مثل تو نیست، قومی که خداوند، آن را نجات داده باشد. خداوند سپر و شمشیر توست، او تو را کمک میکند و به تو پیروزی میبخشد. دشمنانت در مقابل تو به زانو در خواهند آمد و تو بر پشت آنها پای خواهی نهاد.» | 29 |
২৯হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”