< اول سموئیل 5 >

فلسطینی‌ها صندوق عهد خدا را از ابن‌عزر به معبد بت خویش داجون، در شهر اشدود آوردند و آن را نزدیک داجون گذاشتند. 1
পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্‌দোদলৈ নিলে।
2
তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।
اما صبح روز بعد، هنگامی که مردم شهر برای دیدن صندوق عهد خداوند رفتند، دیدند که داجون در مقابل آن، رو به زمین افتاده است. آنها داجون را برداشته، دوباره سرجایش گذاشتند. 3
পাছদিনা অচ্‌দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে।
ولی صبح روز بعد، باز همان اتفاق افتاد: آن بت در حضور صندوق عهد خداوند رو به زمین افتاده بود. این بار سر داجون و دو دستش قطع شده و در آستانهٔ در بتکده افتاده بود، فقط تنهٔ آن سالم مانده بود. 4
তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।
(به همین سبب است که تا به امروز، کاهنان داجون و پرستندگانش به آستانهٔ در بتخانهٔ داجون در اشدود پا نمی‌گذارند.) 5
সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্‌দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে।
خداوند اهالی اشدود و آبادی‌های اطراف آن را سخت مجازات کرد و بلای دمل به جان آنها فرستاد. 6
অচ্‌দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
وقتی مردم دریافتند که چه اتفاقی افتاده، گفتند: «دیگر نمی‌توانیم صندوق عهد را بیش از این در اینجا نگاه داریم، زیرا خدای اسرائیل همهٔ ما را با خدایمان داجون هلاک خواهد کرد.» 7
অচ্‌দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
پس آنها قاصدانی فرستاده، تمام رهبران فلسطینی را جمع کردند و گفتند: «با صندوق عهد خدای اسرائیل چه کنیم؟» آنها جواب دادند: «آن را به جَت ببرید.» پس صندوق عهد را به جت بردند. 8
এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
اما وقتی صندوق به جت رسید، خداوند اهالی آنجا را نیز از پیر و جوان به بلای دمل دچار کرد. ترس و اضطراب همهٔ اهالی شهر را فرا گرفت. 9
কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
پس آنها صندوق عهد خدا را به عقرون فرستادند، اما چون اهالی عقرون دیدند که صندوق عهد به نزد آنها آورده می‌شود فریاد برآوردند: «آنها صندوق عهد خدای اسرائیل را به اینجا می‌آورند تا ما را نیز نابود کنند.» 10
১০সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
اهالی عقرون، رهبران فلسطینی را احضار کرده گفتند: «صندوق عهد خدای اسرائیل را به جای خود برگردانید و گرنه همهٔ ما را از بین می‌برد.» ترس و اضطراب تمام شهر را فرا گرفته بود، زیرا خدا آنها را هلاک می‌کرد. 11
১১তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
آنانی هم که نمرده بودند به دمل مبتلا شدند. فریاد مردم شهر تا به آسمان بالا رفت. 12
১২যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।

< اول سموئیل 5 >