< اول پادشاهان 19 >

وقتی اَخاب پادشاه برای همسرش ایزابل تعریف کرد که ایلیا چه کرده و چطور انبیای بعل را کشته است؛ 1
পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।
ایزابل برای ایلیا این پیغام را فرستاد: «تو انبیای مرا کشتی! به خدایانم قسم که تا فردا همین موقع تو را خواهم کشت!» 2
তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
وقتی ایلیا این پیغام را شنید برخاست و از ترس جان خود به بئرشبع، یکی از شهرهای یهودا، فرار کرد. او خدمتگزارش را در آنجا گذاشت 3
সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
و خود سفری یک روزه به بیابان کرد و رفته زیر درخت اَردَجی نشست و آرزوی مرگ کرد و گفت: «ای خداوند، دیگر بس است! جانم را بگیر و بگذار بمیرم. من که بهتر از اجدادم نیستم که مرده‌اند.» 4
কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”
او همان جا دراز کشید و خوابید. اما وقتی خوابیده بود، فرشته‌ای او را بیدار کرد و گفت: «برخیز و لقمه نانی بخور!» 5
তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।”
ایلیا بلند شد و به اطراف خود نگاه کرد و در کنارش یک نان روی سنگهای داغ و کوزه‌ای آب دید. پس نان را خورد و آب را نوشید و دوباره خوابید. 6
তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে।
فرشتهٔ خداوند بار دیگر آمده، او را بیدار کرد و گفت: «بلند شو و بخور، چون راه طولانی در پیش داری.» 7
পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।”
ایلیا بلند شد، نان را خورد، آب را نوشید و به نیروی همان خوراک چهل شبانه روز راه رفت و به کوه حوریب که به کوه خدا مشهور است رسید. 8
তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।
در آنجا او در غاری شب را به سر برد. ولی خداوند به او فرمود: «ایلیا، اینجا چه می‌کنی؟» 9
তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
ایلیا جواب داد: «ای خداوند، خدای لشکرهای آسمان، من همیشه تو را با غیرت خدمت کرده‌ام. اما قوم اسرائیل عهد خود را با تو شکسته‌اند، مذبحهایت را خراب کرده و تمام انبیای تو را کشته‌اند و تنها من باقی مانده‌ام. حال می‌خواهند مرا هم بکشند.» 10
১০তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
خداوند به او فرمود: «از این غار بیرون بیا و روی کوه، در حضور من بایست.» وقتی ایلیا در حضور خدا ایستاد، خدا از آنجا عبور کرد و باد شدیدی در کوه پیچید. وزش باد چنان شدید بود که صخره‌ها از کوه فرو ریخت. اما خداوند در آن باد نبود. پس از باد، زلزله‌ای همه جا را لرزاند، ولی خداوند در میان آن زلزله نیز نبود. 11
১১যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
بعد از زلزله، شعله‌های آتش افروخته شد، اما خداوند در آن هم نبود. بعد از آتش، صدایی ملایم به گوش رسید. 12
১২ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
ایلیا وقتی آن صدا را شنید، با ردای خود صورتش را پوشاند و به دهنه غار آمد و در آنجا ایستاد. آنگاه صدایی به او گفت: «ایلیا، اینجا چه می‌کنی؟» 13
১৩সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
ایلیا جواب داد: «ای خداوند، خدای لشکرهای آسمان، همیشه تو را با غیرت خدمت کرده‌ام. اما قوم اسرائیل عهد خود را با تو شکسته، مذبحهایت را خراب کرده و تمام انبیای تو را کشته‌اند و تنها من باقی مانده‌ام. حال می‌خواهند مرا هم بکشند.» 14
১৪এলিয়াই উত্তৰ দি ক’লে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
خداوند به او فرمود: «اکنون از راهی که در این بیابان است به دمشق برو. وقتی به آنجا رسیدی، حزائیل را به پادشاهی سوریه تدهین کن. 15
১৫তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা;
ییهو پسر نمشی را هم به پادشاهی اسرائیل تدهین کن و نیز الیشع پسر شافاط از اهالی آبل محوله را تدهین نما تا به جای تو نبی باشد. 16
১৬আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
بعد از این هر که از چنگ حزائیل رهایی یابد ییهو او را می‌کشد و هر کس از دست ییهو فرار کند، الیشع او را می‌کشد. 17
১৭সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।
در ضمن بدان که هنوز هفت هزار نفر در اسرائیل هستند که هرگز در برابر بت بعل زانو نزده‌اند و او را نبوسیده‌اند.» 18
১৮কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”
پس ایلیا روانه شد و الیشع پسر شافاط را پیدا کرد. الیشع در یک گروه چند نفره، با دوازده جفت گاو مشغول شخم زدن زمین بود. یازده جفت جلوتر از او بودند و او با یک جفت گاو پشت سر همه بود. ایلیا وقتی به الیشع رسید ردای خود را روی دوش او انداخت. 19
১৯তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।
الیشع گاوها را گذاشت، به دنبال ایلیا دوید و گفت: «اجازه بده اول بروم پدر و مادرم را ببوسم و با ایشان خداحافظی کنم، بعد با تو بیایم.» ایلیا به او گفت: «اشکالی ندارد، برو و زود برگرد.» 20
২০তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”
آنگاه الیشع یک جفت گاو خود را سر برید و با همان چوبهای یوغ و خیش گاوان آتشی درست کرد و گوشت گاوها را پخت و به کسانی که همراهش بودند داد و آنها خوردند. سپس الیشع همراه ایلیا رفت و به خدمت او مشغول شد. 21
২১তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।

< اول پادشاهان 19 >