< اول پادشاهان 17 >
روزی یک نبی به نام ایلیا که از اهالی تشبی جلعاد بود، به اَخاب پادشاه گفت: «به خداوند، خدای زندهٔ اسرائیل، یعنی به همان خدایی که خدمتش میکنم قسم که تا چند سال شبنم و باران بر زمین نخواهد آمد مگر اینکه من درخواست کنم.» | 1 |
১পাছত গিলিয়দ-প্ৰবাসীসকলৰ মাজৰ তিচবীয়া এলিয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”
پس خداوند به ایلیا فرمود: | 2 |
২পাছত এলিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
«برخیز و به طرف مشرق برو و کنار نهر کریت، در شرق رود اردن خود را پنهان کن. | 3 |
৩“তুমি এই ঠাই ত্যাগ কৰা, পূব দিশে যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিলৈ যোৱা, আৰু তাৰ কাষত নিজে গৈ লুকাই থাকা।
در آنجا از آب نهر بنوش و خوراکی را که کلاغها به فرمان من برای تو میآورند، بخور.» | 4 |
৪তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলোঁ।”
ایلیای نبی به دستور خداوند عمل کرد و در کنار نهر کریت ساکن شد. | 5 |
৫তেতিয়া তেওঁ গৈ যিহোৱাৰ বাক্য অনুসাৰে সেই কাৰ্য কৰিলে; তেওঁ গৈ যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিৰ কাষত বাস কৰিলে।
هر صبح و شام کلاغها برایش نان و گوشت میآوردند و او از آب نهر مینوشید. | 6 |
৬তাতে ঢোঁৰা-কাউৰীবোৰে তেওঁৰ কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল।
اما چندی بعد به علّت نبودن باران نهر خشکید. | 7 |
৭কিন্তু কিছু সময়ৰ পাছত দেশত বৰষুণ নোহোৱাৰ কাৰণে সেই জুৰিৰ পানী শুকাই গ’ল।
آنگاه خداوند به ایلیا فرمود: | 8 |
৮সেই সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
«برخیز و به شهر صرفه که نزدیک شهر صیدون است برو و در آنجا ساکن شو. من در آنجا به بیوهزنی دستور دادهام خوراک تو را فراهم سازد.» | 9 |
৯“তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
پس ایلیا از آنجا به صرفه رفت. وقتی به دروازهٔ شهر رسید، بیوهزنی را دید که مشغول جمع کردن هیزم است. ایلیا از او کمی آب خواست. | 10 |
১০তেতিয়া তেওঁ উঠি চাৰিফতলৈ যাত্ৰা কৰিলে, আৰু যেতিয়া তেওঁ সেই নগৰৰ দুৱাৰ-মুখ পালে, তেতিয়া সেই ঠাইত তেওঁ এজনী বিধৱা মহিলাক খৰি বুটলি থকা দেখিলে৷ তেতিয়া তেওঁ তাইক মাতি ক’লে, “বিনয় কৰোঁ, পান কৰিবৰ বাবে মোলৈ এটা পাত্ৰত পানী অলপ আনা।”
وقتی آن زن به راه افتاد تا آب بیاورد، ایلیا او را صدا زد و گفت: «خواهش میکنم یک لقمه نان هم بیاور.» | 11 |
১১তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলৈ পানী আনিবলৈ যাওঁতে, তেওঁ তাইক আকৌ মাতি ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কাৰণে এডোখৰ পিঠাও হাতত লৈ আহিবা।”
اما بیوهزن گفت: «به خداوند، خدای زندهات قسم که در خانهام حتی یک تکه نان هم پیدا نمیشود! فقط یک مشت آرد در ظرف و مقدار کمی روغن در ته کوزه مانده است. الان هم کمی هیزم جمع میکردم تا ببرم نان بپزم و با پسرم بخورم. این آخرین غذای ما خواهد بود و بعد از آن از گرسنگی خواهیم مرد.» | 12 |
১২তেতিয়া তাই ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই; কেৱল বয়ামত এমুঠিমান আটাগুড়ি আৰু টেকেলিত এটোপমান তেল আছে৷ চোৱা, মোৰ আৰু মোৰ ল’ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছোঁ; আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ’ব।
ایلیا به او گفت: «نترس! برو و آن را بپز. اما اول، از آن آرد نان کوچکی برای من بپز و پیش من بیاور، بعد با بقیهٔ آن برای خودت و پسرت نان بپز. | 13 |
১৩তেতিয়া এলিয়াই তাইক ক’লে, “ভয় নকৰিবা। তুমি যি ক’লা, তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰ পাছত তোমাৰ আৰু তোমাৰ ল’ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা।
زیرا خداوند، خدای اسرائیل میفرماید: تا وقتی که باران بر زمین نبارانم، آرد و روغن تو تمام نخواهد شد.» | 14 |
১৪কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে যে, “যিহোৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুড়ি উদং নহ’ব আৰু সেই টেকেলিৰ তেলো শেষ নহ’ব।”
بیوهزن رفت و مطابق گفتهٔ ایلیا عمل کرد. از آن به بعد، آنها هر چقدر از آن آرد و روغن مصرف میکردند تمام نمیشد، همانطور که خداوند توسط ایلیا فرموده بود. | 15 |
১৫তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে আৰু তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ ল’ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে।
১৬যিহোৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্ৱাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুড়ি উদং নহ’ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল।
مدتی گذشت. یک روز پسر آن بیوهزن بیمار شد. حال او بدتر و بدتر شد و عاقبت مرد. | 17 |
১৭এই ঘটনা ঘটি যোৱাৰ পাছত, সেই ঘৰৰ গৃহিনীজনীৰ ল’ৰাজন বেমাৰত পৰিল। পাছত ল’ৰাজনৰ বেমাৰ ইমান টান হ’ল যে, তাৰ শৰীৰৰ নিশ্বাস বন্ধ হৈ গ’ল।
زن به ایلیا گفت: «ای مرد خدا، این چه بلایی است که بر سر من آوردی؟ آیا به اینجا آمدهای تا به سبب گناهانم پسرم را بکشی؟» | 18 |
১৮তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
ایلیا به او گفت: «پسرت را به من بده.» آنگاه ایلیا جنازه را برداشت و به بالاخانه، جایی که خودش زندگی میکرد برد و او را روی بستر خود خواباند. | 19 |
১৯তেতিয়া এলিয়াই তাইক ক’লে, “তোমাৰ ল’ৰাটিক মোক দিয়া।” পাছত তাইৰ কোলাৰ পৰা তেওঁ ল’ৰাজনক ল’লে, আৰু নিজে থকা ওপৰ কোঠালিলৈ তাক লৈ গ’ল; তাতে তেওঁ নিজৰ শয্যাত সেই ল’ৰাজনক শুৱাই হ’ল।
سپس با صدای بلند چنین دعا کرد: «ای خداوند، خدای من، چرا این بلا را بر سر این بیوهزن آوردی؟ چرا پسر او را که مرا در خانهاش پناه داده است، کشتی؟» | 20 |
২০তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছোঁ, আপুনি জনো তাইৰ ল’ৰাটিক মাৰি পেলাই তাইলৈয়ো অমঙ্গল ঘটাইছে নে?”
سپس ایلیا سه بار روی جنازهٔ پسر دراز کشید و دعا کرد: «ای خداوند، خدای من، از تو تمنا میکنم که این پسر را زنده کنی!» | 21 |
২১তেতিয়া তেওঁ ল’ৰাটিৰ ওপৰত তিনিবাৰ দীঘল হৈ পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই ল’ৰাটিৰ ভিতৰলৈ পুনৰায় প্ৰাণ ঘূৰাই আনক।”
خداوند دعای ایلیا را شنید و پسر را زنده کرد. | 22 |
২২তেতিয়া যিহোৱাই এলিয়াৰ সেই কথা শুনিলে; ল’ৰাটিৰ প্ৰাণ তাৰ ভিতৰলৈ পুনৰায় ঘূৰি আহিল আৰু সি সুস্থ হ’ল৷
آنگاه ایلیا پسر را از بالاخانه پایین آورد و به مادرش داد و گفت: «نگاه کن، پسرت زنده است!» | 23 |
২৩তাৰ পাছত এলিয়াই ল’ৰাটি লৈ ওপৰ কোঁঠালিৰ পৰা নামি আহি ঘৰৰ ভিতৰত সোমাই তাৰ মাতৃৰ হাতত শোধাই দি ক’লে, “চোৱা, তোমাৰ এই ল’ৰাটি জীৱিত আছে।”
آن زن به ایلیا گفت: «الان فهمیدم که تو براستی مرد خدا هستی و هر چه میگویی از جانب خداوند است!» | 24 |
২৪তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”