< اول پادشاهان 13 >
یک روز وقتی یربعام پادشاه کنار مذبح بیتئیل ایستاده بود تا قربانی کند، یک نبی که به دستور خداوند از یهودا آمده بود به او نزدیک شد. | 1 |
১সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
او به فرمان خداوند خطاب به مذبح گفت: «ای مذبح، ای مذبح، خداوند میفرماید که پسری به نام یوشیا در خاندان داوود متولد میشود و کاهنان بتخانهها را که در اینجا بخور میسوزانند، روی تو قربانی میکند و استخوانهای انسان روی آتش تو میسوزاند!» | 2 |
২তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।”
سپس اضافه کرد: «این مذبح شکافته خواهد شد و خاکسترش به اطراف پراکنده خواهد گردید تا بدانید آنچه میگویم از جانب خداوند است!» | 3 |
৩এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”
یربعام پادشاه وقتی سخنان نبی را که به ضد مذبح بیتئیل گفته بود شنید، دست خود را به طرف او دراز کرده دستور داد او را بگیرند. ولی دست پادشاه همانطور که دراز شده بود، خشک شد به طوری که نتوانست دست خود را حرکت بدهد! | 4 |
৪যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
در این موقع، مذبح هم شکافته شد و خاکستر آن به اطراف پراکنده شد، درست همانطور که آن نبی به فرمان خداوند گفته بود. | 5 |
৫আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
یربعام پادشاه به آن نبی گفت: «تمنا دارم دعا کنی و از خداوند، خدای خود بخواهی دست مرا به حالت اول برگرداند.» پس او نزد خداوند دعا کرد و دست پادشاه به حالت اول برگشت. | 6 |
৬তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
آنگاه پادشاه به نبی گفت: «به کاخ من بیا و خوراک بخور. میخواهم به تو پاداشی بدهم.» | 7 |
৭ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।”
ولی آن نبی به پادشاه گفت: «اگر حتی نصف کاخ سلطنتی خود را به من بدهی همراه تو نمیآیم. در اینجا نه نان میخورم و نه آب مینوشم؛ | 8 |
৮কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,
زیرا خداوند به من فرموده که تا وقتی در اینجا هستم نه نان بخورم و نه آب بنوشم و حتی از راهی که آمدهام به یهودا برنگردم!» | 9 |
৯কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।”
پس او از راه دیگری رهسپار یهودا شد. | 10 |
১০তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।
در آن زمان در شهر بیتئیل نبی پیری زندگی میکرد. پسرانش دربارهٔ نبی تازه وارد به او خبر دادند و گفتند که چه کرده و به پادشاه چه گفته است. | 11 |
১১সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।
نبی پیر پرسید: «او از کدام راه رفت؟» پسرانش راهی را که آن نبی رفته بود، به پدرشان نشان دادند. | 12 |
১২তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।
پیرمرد گفت: «زود الاغ مرا آماده کنید!» پسران او الاغ را برایش حاضر کردند و او سوار شده، | 13 |
১৩তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷
به دنبال آن نبی رفت و او را زیر یک درخت بلوط نشسته یافت. پس از او پرسید: «آیا تو همان نبی یهودا هستی؟» جواب داد: «بله، خودم هستم.» | 14 |
১৪সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।”
نبی پیر به او گفت: «همراه من به خانهام بیا تا با هم خوراکی بخوریم.» | 15 |
১৫তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।”
اما او در جواب گفت: «نه، من نمیتوانم بیایم، چون خداوند به من دستور داده که در بیتئیل چیزی نخورم و ننوشم و حتی از آن راهی که آمدهام به خانه برنگردم.» | 16 |
১৬তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ,
১৭কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।”
پیرمرد به او گفت: «من هم مثل تو نبی هستم و فرشتهای از جانب خداوند پیغام داده که تو را پیدا کنم و با خود به خانه ببرم و به تو نان و آب بدهم.» اما او دروغ میگفت. | 18 |
১৮তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
پس آن دو با هم به شهر برگشتند و او در خانهٔ آن نبی پیر خوراک خورد. | 19 |
১৯তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে।
در حالی که آنها هنوز بر سر سفره بودند پیغامی از جانب خداوند به آن نبی پیر رسید | 20 |
২০তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল;
و او هم به نبی یهودا گفت: «خداوند میفرماید که چون از دستور او سرپیچی کردی و در جایی که به تو گفته بود نان نخوری و آب ننوشی، نان خوردی و آب نوشیدی، بنابراین جنازهٔ تو در گورستان اجدادت دفن نخواهد شد!» | 21 |
২১আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
২২আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
بعد از صرف غذا، نبی پیر، الاغ نبی یهودا را آماده کرد | 23 |
২৩পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷
و او را روانهٔ سفر نمود؛ ولی در بین راه، شیری به او برخورد و او را درید. کسانی که از آن راه میگذشتند، جنازهٔ نبی یهودا را در وسط راه و شیر و الاغ را ایستاده در کنار او دیدند. پس به بیتئیل که نبی پیر در آن زندگی میکرد، آمدند و به مردم خبر دادند. | 24 |
২৪যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
২৫পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।
وقتی این خبر به گوش نبی پیر رسید او گفت: «این جنازهٔ آن نبی است که از فرمان خداوند سرپیچی کرد. پس خداوند هم آن شیر را فرستاد تا او را بدرد. او مطابق کلام خداوند کشته شد.» | 26 |
২৬যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
بعد او به پسران خود گفت: «زود الاغ مرا آماده کنید.» آنها الاغش را آماده کردند. | 27 |
২৭তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷
او رفت و جنازهٔ آن نبی را پیدا کرد و دید که شیر و الاغ هنوز در کنار جسد ایستادهاند. شیر نه جسد را خورده بود و نه الاغ را. | 28 |
২৮পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷
پس جنازه را روی الاغ گذاشت و به شهر آورد تا برایش سوگواری کرده، او را دفن نماید. | 29 |
২৯তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল।
او جنازهٔ نبی یهودا را در قبرستان خاندان خود دفن کرد. بعد برای او ماتم گرفته، گفتند: «ای برادر… ای برادر…» | 30 |
৩০তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে।
آنگاه نبی پیر به پسران خود گفت: «وقتی من مُردم، در همین قبر دفنم کنید تا استخوانهای من در کنار استخوانهای این نبی بماند. | 31 |
৩১তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা।
هر چه او به فرمان خداوند دربارهٔ مذبح بیتئیل و بتخانههای شهرهای سامره گفت، بهیقین واقع خواهد شد.» | 32 |
৩২কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”
و اما یربعام، پادشاه اسرائیل، با وجود اخطار نبی یهودا از راه بد خود برنگشت و همچنان برای بتخانههای خود از میان مردم عادی کاهن تعیین میکرد، به طوری که هر که میخواست کاهن شود یربعام او را به کاهنی منصوب میکرد. | 33 |
৩৩এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
این گناه یربعام بود که سرانجام به نابودی تمام خاندان او منجر شد. | 34 |
৩৪এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।