< هوشع 12 >
افرایم باد را میخورد و باد شرقی راتعاقب میکند. تمامی روز دروغ وخرابی را میافزاید و ایشان با آشور عهد میبندندو روغن (به جهت هدیه ) به مصر برده میشود. | ۱ 1 |
১ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
خداوند را با یهودا مخاصمهای است و یعقوب را برحسب راههایش عقوبت رسانیده، بر وفق اعمالش او را جزا خواهد داد. | ۲ 2 |
২যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
او پاشنه برادرخود را در رحم گرفت و در حین قوتش با خدامجاهده نمود. | ۳ 3 |
৩গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল।
با فرشته مجاهده نموده، غالب آمد. گریان شده، نزد وی تضرع نمود. دربیت ئیل او را یافت و در آنجا با ما تکلم نمود. | ۴ 4 |
৪তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
اما خداوند، خدای لشکرهاست و یادگاری او یهوه است. | ۵ 5 |
৫তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
اما تو بسوی خدای خودبازگشت نما و رحمت و راستی را نگاه داشته، دائم منتظر خدای خود باش. | ۶ 6 |
৬এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
او سوداگری است که میزان فریب در دست او میباشد وظلم را دوست میدارد. | ۷ 7 |
৭যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
و افرایم میگوید: «به درستی که دولتمند شدهام و توانگری رابرای خود تحصیل نمودهام و در تمامی کسب من بیانصافیای که گناه باشد، در من نخواهند یافت.» | ۸ 8 |
৮ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
اما من از زمین مصر (تا حال )یهوه خدای تو هستم و تو را بار دیگر مثل ایام مواسم در خیمهها ساکن خواهم گردانید. | ۹ 9 |
৯কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
به انبیا نیز تکلم نمودم و رویاها افزودم وبواسطه انبیا مثلها زدم. | ۱۰ 10 |
১০মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
به درستی که ایشان در جلعاد محض گناه و بطالت گردیدند و درجلجال گاوها قربانی کردند. و مذبح های ایشان نیز مثل توده های سنگ در شیارهای زمین میباشد. | ۱۱ 11 |
১১গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
و یعقوب به زمین ارام فرار کرد و اسرائیل به جهت زن خدمت نمود و برای زن شبانی کرد. | ۱۲ 12 |
১২যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
و خداوند اسرائیل را بواسطه نبی از مصربرآورد و او بهدست نبی محفوظ گردید. | ۱۳ 13 |
১৩যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
افرایم خشم بسیار تلخی به هیجان آورد، پس خداوندش خون او را بر سرش واگذاشت و عار اورا بر وی رد نمود. | ۱۴ 14 |
১৪কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।