< استر 1 >

در ایام اخشورش (این امور واقع شد). این همان اخشورش است که از هند تا حبش، بر صد و بیست و هفت ولایت سلطنت می‌کرد. ۱ 1
ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);
در آن ایام حینی که اخشورش پادشاه، بر کرسی سلطنت خویش در دارالسلطنه شوشن نشسته بود. ۲ 2
সেই সময়ত, ৰজা অহচবেৰোচে চুচন ৰাজপ্রসাদত নিজৰ ৰাজসিংহাসনত বহিল।
در سال سوم از سلطنت خویش، ضیافتی برای جمیع سروران و خادمان خود برپا نمود و حشمت فارس ومادی از امرا و سروران ولایتها، به حضور او بودند. ۳ 3
তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল।
پس مدت مدید صد و هشتاد روز، توانگری جلال سلطنت خویش و حشمت مجد عظمت خود را جلوه می‌داد. ۴ 4
তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
پس بعد از انقضای آنروزها، پادشاه برای همه کسانی که دردارالسلطنه شوشن از خرد و بزرگ یافت شدند، ضیافت هفت روزه در عمارت باغ قصر پادشاه برپا نمود. ۵ 5
সেই দিনবোৰ যেতিয়া সম্পূৰ্ন হ’ল, তেতিয়া ৰজাই সাত দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজ-কোঁঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজ-গৃহৰ বাগিছাৰ চোতালত দিলে।
پرده‌ها از کتان سفید و لاجورد، با ریسمانهای سفید و ارغوان در حلقه های نقره بر ستونهای مرمر سفید آویخته وتختهای طلا و نقره بر سنگفرشی از سنگ سماق و مرمر سفید و در و مرمر سیاه بود. ۶ 6
বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ‍ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।
و آشامیدن، از ظرفهای طلابود و ظرفها را اشکال مختلفه بود و شرابهای ملوکانه برحسب کرم پادشاه فراوان بود. ۷ 7
তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।
و آشامیدن برحسب قانون بود که کسی بر کسی تکلف نمی نمود، زیرا پادشاه درباره همه بزرگان خانه‌اش چنین امر فرموده بود که هر کس موافق میل خود رفتار نماید. ۸ 8
তেওঁলোকে বিধি অনুসাৰে দ্রাক্ষাৰস পান কৰিছিল, “দ্রাক্ষাৰস পান কৰাটো বাধ্যতা মূলক নাছিল।” কাৰণ যাৰ যি ইচ্ছা, তেওঁ সেই দৰে যেন কৰিব পাৰে, সেই বাবে ৰজাই তেওঁৰ ৰাজপ্রসাদৰ কৰ্মচাৰী সকলক আজ্ঞা দিছিল।
و وشتی ملکه نیز ضیافتی برای زنان خانه خسروی اخشورش پادشاه برپا نمود. ۹ 9
ৰাণী ৱষ্টীয়েও অহচবেৰোচৰ ৰাজপ্রসাদত মহিলা সকলৰ বাবে ভোজ দিলে।
در روز هفتم، چون دل پادشاه از شراب خوش شد، هفت خواجه‌سرا یعنی مهومان و بزتا و حربونا و بغتا و ابغتا و زاتر و کرکس را که درحضور اخشورش پادشاه خدمت می‌کردند، امر فرمود ۱۰ 10
১০সপ্তম দিনৰ দিনা ৰজাই দ্ৰাক্ষাৰস পান কৰি প্ৰফুল্লিত হৈ আছিল, আৰু তেওঁ মহূমন, বিজথা, হৰ্বোনা, বিগথা, অবগথা, জেথৰ, আৰু কৰ্কচক (ৰজা অহচবেৰোচৰ আগত পৰিচৰ্যা কৰা এই সাত জন কৰ্মচাৰী),
که وشتی ملکه را با تاج ملوکانه به حضور پادشاه بیاورندتا زیبایی او را به خلایق و سروران نشان دهد، زیرا که نیکو منظر بود. ۱۱ 11
১১ৰাণী ৱষ্টীক তেওঁৰ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰী সকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁৰ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল।
اما وشتی ملکه نخواست که برحسب فرمانی که پادشاه به‌دست خواجه‌سرایان فرستاده بود بیاید. پس پادشاه بسیار خشمناک شده، غضبش در دلش مشتعل گردید. ۱۲ 12
১২কিন্তু কৰ্মচাৰী সকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী ৱষ্টীয়ে মানিবলৈ অসন্মত হ’ল। তাতে ৰজাই ক্ৰোধাম্বিত হ’ল, আৰু তেওঁৰ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল।
آنگاه پادشاه به حکیمانی که از زمانها مخبر بودند تکلم نموده، (زیرا که عادت پادشاه با همه کسانی که به شریعت و احکام عارف بودند چنین بود. ۱۳ 13
১৩তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)।
و مقربان او کرشنا و شیتار و ادماتا و ترشیش و مرس و مرسنا ومموکان، هفت رئیس فارس و مادی بودند که روی پادشاه را می‌دیدند و در مملکت به درجه اول می‌نشستند) ۱۴ 14
১৪সেই সময়ত তেওঁৰ অতি ঘনিষ্ট পাৰস্য আৰু মাদিয়াৰ সাত জন কোঁৱৰ এওঁলোক: কৰ্চনা, চেথৰ, অদমথা, তৰ্চীচ, মেৰচ, মৰ্চনা, আৰু মমুকণ। এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল, আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চখাপৰ কাৰ্যালয় স্থাপন কৰিছিল।
گفت: «موافق شریعت، به وشتی ملکه چه باید کرد؟ چونکه به فرمانی که اخشورش پادشاه به‌دست خواجه‌سرایان فرستاده است، عمل ننموده.» ۱۵ 15
১৫ৰাণী ৱষ্টীয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা, ৰজা অহচবেৰোচৰ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰে ৰাণী ৱষ্টীৰ প্রতি কি কৰা হ’ব?”
آنگاه مموکان به حضور پادشاه و سروران عرض کرد که «وشتی ملکه، نه‌تنها به پادشاه تقصیر نموده، بلکه به همه روسا و جمیع طوایفی که در تمامی ولایتهای اخشورش پادشاه می‌باشند، ۱۶ 16
১৬তেতিয়া মমুকণে ৰজা আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত ক’লে, “ৰাণী ৱষ্টীয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে, এনে নহয়; কিন্তু সকলো কৰ্মচাৰী, আৰু অহচবেৰোচ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে।
زیرا چون این عمل ملکه نزد تمامی زنان شایع شود، آنگاه شوهرانشان در نظر ایشان خوار خواهند شد، حینی که مخبر شوند که اخشورش پادشاه امر فرموده است که وشتی ملکه را به حضورش بیاورند و نیامده است. ۱۷ 17
১৭কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’
و در آنوقت، خانمهای فارس و مادی که این عمل ملکه را بشنوند، به جمیع روسای پادشاه چنین خواهند گفت و این مورد بسیار احتقار و غضب خواهد شد. ۱۸ 18
১৮ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
پس اگر پادشاه این رامصلحت داند، فرمان ملوکانه‌ای از حضور وی صادر شود و در شرایع فارس و مادی ثبت گردد، تا تبدیل نپذیرد، که وشتی به حضور اخشورش پادشاه دیگر نیاید و پادشاه رتبه ملوکانه او را به دیگری که بهتر از او باشد بدهد. ۱۹ 19
১৯যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।
وچون فرمانی که پادشاه صادر گرداند در تمامی مملکت عظیم او مسموع شود، آنگاه همه زنان شوهران خود را ازبزرگ و کوچک، احترام خواهند نمود.» ۲۰ 20
২০মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
و این سخن در نظر پادشاه و روسا پسندآمد و پادشاه موافق سخن مموکان عمل نمود. ۲۱ 21
২১তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।
و مکتوبات به همه ولایتهای پادشاه به هرولایت، موافق خط آن و به هر قوم، موافق زبانش فرستاد تا هر مرد در خانه خود مسلط شود و درزبان قوم خود آن را بخواند. ۲۲ 22
২২তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।

< استر 1 >