< Ermiyaas 4 >
1 “Yaa Israaʼel, ati yoo deebite, gara kootti deebiʼi” jedha Waaqayyo. “Yoo ati waaqota kee jibbisiisoo sana fuula koo duraa balleessitee siʼachi karaa irraa jalʼachuu baatte,
১যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
2 yoo ati, ‘Dhugaa Waaqayyo jiraataa’ jettee dhugaadhaan, murtii qajeelaa fi qajeelummaadhaan kakatte, saboonni isaan ni eebbifamu; isumaanis ni kabajamu.”
২আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
3 Waaqayyo namoota Yihuudaatii fi namoota Yerusaalemiin akkana jedha: “Bajjii keessan qotadhaa; qoraattii keessas hin facaasinaa.
৩সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
4 Yaa namoota Yihuudaatii fi uummata Yerusaalem Waaqayyoof dhagna of qabaa; qola qalbii keessaniis dhagna qabadhaa; yoo kanaa achii sababii hammina isin hojjetaniitiif dheekkamsi koo kaʼee akka ibiddaa ni bobaʼa; namni isa dhaamsus hin jiru.
৪হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
5 “Yihuudaa keessatti beeksisaa; Yerusaalem keessattis akkana jedhaa labsaa: ‘Biyyattii guutuu keessatti malakata afuufaa! Sagalee ol fudhadhaatii akkana jedhaa: walitti qabamaa! Kottaa gara magaalaawwan dallaa jabaa qabaniitti baqannaa!’
৫যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
6 Xiyoon dhaquuf faajjii ol qabaa? Dafaa baqadhaa malee duubatti hin harkifatinaa! Ani karaa kaabaatiin balaa, badiisa suukaneessaas nan fidaatii.”
৬যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
7 Leenci bosona isaatii baʼeera; barbadeessaan sabootaa karaa qabateera. Inni biyya kee onsuuf jedhee iddoo isaatii kaʼeera. Magaalaawwan kee onanii jiraattota malee ni hafu.
৭এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
8 Kanaafuu isin uffata gaddaa uffadhaatii booʼaa wawwaadhaa; dheekkamsi Waaqayyoo sodaachisaan sun nurraa hin deebineetii.
৮এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
9 Waaqayyo akkana jedha: “Guyyaa sana mootiinii fi qondaaltonni onnee dhabu; luboonni akka malee naʼu; raajonnis ni raafamu.”
৯যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
10 Anis akkana nan jedhe; “Yaa Waaqayyo Gooftaa, ati utuu goraadeen kokkee keenya irra jiruu, ‘Isin nagaa qabaattu’ jechuudhaan saba kanaa fi Yerusaalemin guutumaan guutuutti gowwoomsiteerta?”
১০তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
11 Yeroo sanatti saba kanaa fi Yerusaalemitti akkana jedhamee ni himama; “Bubbeen waa gubu tokko iddoowwan ol kaʼoo qullaa kanneen gammoojjii keessaa irraa gara saba kootiitti ni bubbisa; garuu afarsuuf yookaan qulqulleessuuf miti;
১১সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
12 bubbeen waan sanaaf akka malee cimaa taʼe tokko na biraa ni dhufa. Anis murtii koo isaanitti nan labsa.”
১২সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
13 Kunoo, inni akka duumessaatti, gaariin isaas akka bubbeetti ni dhufa; fardeen isaa risaa caalaa saffisu. Wayyoo nu baduu keenya!
১৩চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
14 Yaa Yerusaalem, ati akka fayyituuf qalbii kee keessaa hammina dhiqadhu. Hamma yoomiitti yaadni hamaan si keessa jiraata?
১৪হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
15 Sagaleen tokko Daan irraa lallaba; tulluuwwan Efreem irraas badiisa labsa.
১৫কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
16 “Waan kana sabootatti himaa; Yerusaalemittis akkana jedhaa lallabaa: ‘Loltoonni marsanii biyya qabatan tokko lafa fagoodhaa ni dhufu; isaanis magaalaawwan Yihuudaatti ni iyyu.
১৬ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
17 Sababii isheen natti fincilteef, isaan akkuma nama lafa qotiisaa eegu tokkootti ishee ni marsu,’” jedha Waaqayyo.
১৭খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
18 “Amalli keetii fi hojiin kee waan kana sitti fidaniiru. Adabbiin kee kanaa dha. Innis hammam hadhaaʼa! Onnees hammam waraana!”
১৮তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
19 Marʼumaan ko, marʼumaan ko! Ani dhukkubbiidhaan nan wixxirfadha. Onneen koo na keessaa waca; onneen koo na keessatti dhaʼata; ani calʼisuu hin dandaʼu. Ani sagalee malakataa dhagaʼeeraatii; waca waraanaas dhagaʼeera.
১৯হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
20 Badiisni badiisa irraan dhufa; biyyattiin guutumaan guutuutti ni onti. Dunkaanni koo akkuma tasaa, golgaan koos yeroo gabaabaa keessatti bade.
২০গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
21 Ani hamma yoomiittin mallattoo waraanaa ilaala? Hamma yoomiittis sagalee malakataa dhagaʼa?
২১কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
22 “Uummanni koo gowwaa dha; anas hin beekan. Isaan ijoollee qalbii hin qabnee dha; hubannaas hin qaban. Isaan waan hamaa hojjechuutti ogeeyyii dha; waan gaarii hojjechuu garuu hin beekan.”
২২যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
23 Ani lafa nan ilaale; isheenis bifa hin qabdu; duwwaas turte; samiiwwanis nan ilaale; ifni isaanii dhaamee ture.
২৩ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
24 Ani tulluuwwan nan ilaale; isaan sochoʼaa turan; gaarran hundinuus raafamaa turan.
২৪মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
25 Ani nan ilaale; namni tokko iyyuu hin turre; simbirroonni samii hundis barrisanii badanii turan.
২৫মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
26 Ani nan ilaale; kunoo biyyi midhaan baaftu ontee turte; magaalaawwan ishee hundis, fuula Waaqayyoo duratti dheekkamsa isaa sodaachisaa sanaan diigaman.
২৬মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
27 Waaqayyo akkana jedha: “Yoo ani guutumaan guutuutti ishee balleessuu baadhe iyyuu biyyattiin guutumaan guutuutti ni barbadoofti.
২৭কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
28 Kanaafuu lafti ni boossi; samiiwwan oliis ni dukkanaaʼu; ani dubbadheeraatii hin gaabbu; murteesseera; dugda duubas hin deebiʼu.”
২৮এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
29 Sababii iyya abbootii fardeeniitii fi futtaaftota xiyyaatiin, tokkoon tokkoon magaalaa ni baqata. Garri tokko bosona gobbuu seena; kaan immoo kattaatti ol baʼa; magaalaawwan hundi duwwaa hafaniiru; namni tokko iyyuu isaan keessa hin jiraatu.
২৯অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
30 Yaa ontuu nana, ati maal gochaa jirta? Ati maaliif wayyaa bildiimaa uffattee faaya warqee kaaʼatte? Maaliif ija kee kuulatte? Ati akkasumaan of miidhagsita. Warri jaallatan si tuffatu; lubbuu kees balleessuu barbaadu.
৩০এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
31 Ani iyya akka iyya dubartii ciniinsifattu tokkoo, miixuu akka miixuu dubartii mucaa hangafa deessuu tokko nan dhagaʼe; ani iyya Intala Xiyoon kan yeroo hafuurri ishee citutti argantee harka ishee facaasuudhaan, “Wayyoo! Ani bade; lubbuun koo harka warra nama ajjeesuutti dabarfamtee kennamteerti” jettuu nan dhagaʼe.
৩১কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”