< Ermiyaas 27 >
1 Jalqaba bara Zedeqiyaa ilmi Yosiyaas mootii Yihuudaa turetti dubbiin kun Waaqayyo biraa gara Ermiyaas dhufe:
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
2 Waaqayyo akkana naan jedhe; “Teephaa fi danqaraadhaan waanjoo tolchiitii morma keetti kaaʼadhu.
২“যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা।
3 Ergasii karaa ergamoota Zedeqiyaa mooticha Yihuudaa bira gara Yerusaalem dhufaniitiin gara mootii Edoom, mootii Moʼaab, mootii Amoon, mootii Xiiroosii fi mootii Siidoonaatti dhaamsa ergi.
৩আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
4 Gooftota isaaniitiif dhaamsa kana dabarsii akkana jedhiin; ‘Waaqayyo Waan Hunda Dandaʼu, Waaqni Israaʼel akkana jedha; “Waan kana gooftota keessanitti himaa.
৪আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা,
5 Ani humna koo guddaa fi irree koo diriirfameen lafa, uummata isheetii fi bineensota ishee irra jiraatan uumeera; abbaa fedheef illee nan kenna.
৫‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
6 Ani amma biyyoota keessan hunda harka garbicha koo Nebukadnezar mooticha Baabiloniitti dabarsee nan kenna. Akka bineensonni bosonaa iyyuu isa jalatti bulan nan godha.
৬এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
7 Hamma guyyaan biyya isaa gaʼutti saboonni hundi isa, ilmaan isaatii fi ilmaan ilmaan isaa tajaajilu; ergasii immoo saboonni hedduunii fi mootonni gurguddaan isa garboomfatu.
৭আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
8 “‘“Garuu yoo sabni yookaan mootummaan kam iyyuu Nebukadnezar mooticha Baabilon hin tajaajille yookaan yoo morma isaa waanjoo mootichaatiif gad hin qabanne ani hamman harkuma isaatiin isaan balleessutti saba sana goraadeedhaan, beelaa fi dhaʼichaan nan adaba, jedha Waaqayyo.
৮যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।
9 Kanaafuu isin raajota keessan, ilaaltota keessan, warra abjuu isiniif hiikan, eker dubbistoota keessanii fi falfaltoota keessan kanneen, ‘Isin mootii Baabilon hin tajaajiltan’ isiniin jedhan sana hin dhagaʼinaa.
৯কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
10 Isaan akka isin biyya keessan keessaa buqqifamtanii fagaattaniif soba isiniif raaju; anis ariʼee isin nan baasa; isinis ni baddu.
১০কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
11 Garuu yoo sabni kam iyyuu morma isaa waanjoo mootii Baabiloniitiif gad qabatee isa tajaajile, ani akka sabni sun biyya ofii isaa keessatti hafee lafa qotatee achi jiraatu nan dhiisa, jedha Waaqayyo.”’”
১১কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
12 Anis Zedeqiyaa mooticha Yihuudaatti ergaadhuma kana nan hime. Akkanan jedheen; “Morma keessan waanjoo mootii Baabiloniitiif gad qabadhaa; isaa fi saba isaa tajaajilaa; isinis ni jiraattu.
১২পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
13 Atii fi sabni kee maaliif goraadee, beelaa fi dhaʼicha Waaqayyo ittiin saba mootii Baabilon hin tajaajille kam iyyuu sodaachiseen duutu?
১৩যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা?
14 Dubbii raajota, ‘Isin mootii Baabilon hin tajaajiltan’ isiniin jedhanii hin dhagaʼinaa; isaan raajii sobaa isinitti dubbatuutii.
১৪‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
15 ‘Ani isaan hin ergine’ jedha Waaqayyo. ‘Jarri maqaa kootiin soba raaju. Kanaafuu ani isinii fi raajota isinii raajan illee ariʼee nan baasa; isinis ni baddu.’”
১৫কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে।
16 Anis lubootaa fi namoota kana hundaan akkanan jedhe, “Waaqayyo akkana jedha: raajota, ‘Miʼi mana Waaqayyoo ammuma Baabilonii ni deebifama’ jedhan hin dhagaʼinaa. Isaan soba isiniif raaju.
১৬পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
17 Isin jara hin dhaggeeffatinaa. Mootii Baabilon tajaajilaa; ni jiraattuutii. Magaalaan kun maaliif diigamti?
১৭তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব?
18 Isaan yoo raajota taʼanii fi yoo dubbii Waaqayyoo of keessaa qabaatan mee akka miʼi mana Waaqayyoo kan masaraa mootii Yihuudaatii fi Yerusaalem keessatti hafe sun gara Baabilonitti hin fudhatamneef Waaqayyo Waan Hunda Dandaʼu haa kadhatan.
১৮কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
19 Waaqayyo Waan Hunda Dandaʼu waaʼee utubootaa, waaʼee miʼa bishaan itti kuusanii, waaʼee baattuuwwaniitii fi waaʼee miʼoota magaalaa kanatti hafan kanneen biraa akkana jedhaatii;
১৯কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত,
20 Nebukadnezar mootiin Baabilon sun gaafa Yehooyaakiin ilma Yehooyaaqiim mooticha Yihuudaa sana namoota Yihuudaatii fi Yerusaalem ulfaatoo hunda wajjin Yerusaalemii gara Baabilonitti boojiʼe sana miʼoota kanneen hin fudhanne.
২০স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;
21 Waaqayyo Waan Hunda Dandaʼu, Waaqni Israaʼel waaʼee miʼoota mana Waaqayyootii fi masaraa mootii Yihuudaatii fi Yerusaalem keessatti hafanii akkana jedha:
২১এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে,
22 ‘Isaan Baabilonitti ni geeffamu; hamma guyyaan ani isaaniif dhufu gaʼuttis achuma turu’ jedha Waaqayyo. ‘Ergasii ani deebisee iddoo kanatti isaan nan fida.’”
২২সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”