< 1 Xiimotewos 1 >
1 Phaawulos isa ajaja fayyisaa keenya Waaqaatii fi abdii keenya Kiristoos Yesuusiin ergamaa Kiristoos Yesuus taʼe irraa,
১মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
2 Gara Xiimotewos isa amantiidhaan ilma koo dhugaa taʼeetti: Waaqa Abbaa fi Gooftaa keenya Kiristoos Yesuus irraa ayyaanni, araarrii fi nagaan siif haa taʼu.
২বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
3 Akkuma ani yeroo Maqedooniyaa dhaqetti si gorse sana ati akka namoonni tokko tokko barsiisa addaa hin barsiifne akka ajajjuuf achuma Efesoon turi;
৩মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷
4 akkasumas akka isaan oduu hundee hin qabnee fi hidda dhalootaa kan dhuma hin qabne sanaan hin fudhatamne isaan ajaji. Wanni kun hojii Waaqaa kan amantiin taʼu guddisuu irra mormii kakaasaatii.
৪কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷
5 Kaayyoon ajaja kanaas jaalala garaa qulqulluu, qalbii gaarii fi amantii itti fakkeessuu hin qabne keessaa baʼuu dha.
৫এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷
6 Namoonni tokko tokko karaa kana irraa badanii gara dubbii faayidaa hin qabneetti gara galaniiru.
৬এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
7 Isaanis maal akka jedhan yookaan akka waaʼee maalii cimsanii dubbatan utuu hin hubatin barsiistota seeraa taʼuu barbaadu.
৭তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
8 Yoo namni sirriitti itti fayyadame seerri gaarii akka taʼe ni beekna.
৮কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো;
9 Seerri warra seera cabsanii fi finciltootaaf, warra Waaqa malee jiraatanii fi cubbamootaaf, warra qulqulluu hin taʼinii fi xuraaʼotaaf, warra abbaa isaaniitii fi haadha isaanii ajjeesanii fi warra nama ajjeesaniif malee akka qajeeltotaaf hin tumamin ni beekna;
৯তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
10 akkanumas seerri ejjitootaa fi dhiirota dhiira wajjin sagaagalaniif, warra garba daldalanii fi warra soba dubbataniif, warra sobaan dhugaa baʼanii fi warra barsiisa dhugaatiin morman hundumaaf akka tumame ni beekna;
১০ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,
11 kunis wangeela ulfina qabeessa kan Waaqa eebbifamaa irraa imaanaa natti kenname sana wajjin walii gala.
১১পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
12 Waan inni tajaajila isaatiif na filatee akka nama amanamaatti na lakkaaʼeef, ani Gooftaa keenya Kiristoos Yesuus isa jabina naa kenne sana nan galateeffadha.
১২যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
13 Ani kanaan dura nama nama arrabsu, kan nama ariʼatuu fi kan nama miidhu taʼu iyyuu sababii ani wallaalummaa fi amantii dhabuun waan kana hojjedheef araara argadhe.
১৩যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
14 Ayyaanni Gooftaa keenyaas amantii fi jaalala Kiristoos Yesuusiin argamu wajjin baayʼinaan narratti dhangalaafame.
১৪কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্ট যীচুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্যৰূপে দিয়া হ’ল৷
15 Dubbiin, “Kiristoos Yesuus cubbamoota fayyisuudhaaf gara addunyaa dhufe” jedhu sun amanamaa dha; namni hundinuus kana fudhachuu qaba; cubbamoota sana keessaas cubbamaan cubbamoota hunda caalu ana.
১৫পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
16 Taʼus sababuma kanaaf Yesuus Kiristoos akka ani warra jireenya bara baraa argachuuf isatti amananiif fakkeenya taʼuuf ana nama cubbamoota hunda caalaa cubbamaa taʼeen obsa isaa kan dhuma hin qabne sana mulʼisuuf jedhee naa araarame. (aiōnios )
১৬এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷ (aiōnios )
17 Egaa Mootii bara baraa, isa hin duune, isa ijatti hin mulʼanne Waaqa tokkicha sanaaf bara baraa hamma bara baraatti ulfinnii fi galanni haa taʼu. Ameen. (aiōn )
১৭এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন। (aiōn )
18 Yaa ilma koo Xiimotewos, akkuma raajii kanaan dura waaʼee kee dubbatame sanaatti, akka ati lola gaarii loltuuf ani ajaja kana siifin kenna;
১৮মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
19 waan kanas amantii fi qalbii qajeelaa qabaachuudhaan godhi. Namoonni tokko tokko waan kana gochuu didanii amantii isaanii balleessaniiru.
১৯আৰু তুমি যেন বিশ্ৱাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা৷ কোনো কোনো লোকে সেই বিশ্ৱাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ’ল।
20 Himenewoosii fi Iskindiroos warri ani akka isaan Waaqa arrabsuu dhiisuu barataniif dabarsee Seexanatti kenne sun isaan keessatti argamu.
২০তেওঁলোকৰ ভিতৰত হুমিনায় আৰু আলেকজেন্দাৰ নামৰ দুজনো আছে৷ এওঁলোকে যেন নিন্দা কৰিবলৈ পুণৰ নিশিকে, তাৰ বাবে মই এওঁলোকক চয়তানৰ হাতত সমর্পণ কৰি দিলোঁ৷