< Salmenes 66 >
1 Til songmeisteren; ein song, ein salme. Ropa fagnadrop for Gud, all jordi!
১হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
2 Syng ut hans namns æra, gjev honom æra til hans pris!
২তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
3 Seg til Gud: «Kor skræmelege dine verk er! For di store magt skuld må dine fiendar gjøla for deg.
৩তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
4 All jordi skal tilbeda deg og syngja deg lov, dei skal syngja um ditt namn.» (Sela)
৪গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। (চেলা)
5 Kom og sjå Guds gjerningar! Skræmeleg er han i gjerning mot menneskjeborni.
৫আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।
6 Han gjorde havet um til turrlende, gjenom elvi gjekk dei til fots; der gledde me oss i honom.
৬তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
7 Han råder med sitt velde æveleg, hans augo gjæter heidningarne; dei tråssuge må ikkje upphøgja seg. (Sela)
৭তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিবোৰলৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। (চেলা)
8 De folk, lova vår Gud, og lat røysti av hans lovsong verta høyrd!
৮হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
9 han som heldt vår sjæl i live, og ikkje let vår fot vera ustød.
৯যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
10 For du prøvde oss, Gud, du reinsa oss, som dei reinsar sylv.
১০কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
11 Du førde oss inn i eit garn, du lagde ei tyngjande byrd på våre lender.
১১তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
12 Du let menneskje fara yver vårt hovud, me kom i eld og vatn - men du førde oss ut til uppkveikjing.
১২তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
13 Eg vil ganga inn i ditt hus med brennoffer; eg vil gjeva deg det eg hev lova,
১৩মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
14 det som gjekk yver mine lippor, og som munnen min tala ut då eg var i naud.
১৪মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
15 Brennoffer av feite sauer vil eg ofra til deg med eim av verar, eg vil ofra både uksar og bukkar. (Sela)
১৫মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। (চেলা)
16 Kom og høyr, so vil eg fortelja, alle de som ottast Gud, kva han hev gjort for mi sjæl.
১৬হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
17 Til honom ropa eg med min munn, og lovsong var på tunga mi.
১৭মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
18 Hadde eg stila på urett i mitt hjarta, vilde Herren ikkje høyra.
১৮যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
19 Men Gud hev høyrt, han lydde på mi bønerøyst.
১৯কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
20 Lova vere Gud, som ikkje viste mi bøn ifrå seg og ikkje tok frå meg si miskunn!
২০ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।