< Salomos Ordsprog 10 >
1 Ordtøke av Salomo. Ein vis son er til gleda for far sin, men ein dårleg son er mor si til sorg.
১চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
2 Ragn-fegne skattar gagnar inkje, men rettferd frelser frå dauden.
২দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
3 Herren let ikkje rettferdig mann hungra, men giren hjå gudlause viser han burt.
৩যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
4 Lat-hand skaper armod, men strevsam hand gjer rik.
৪এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
5 Ein klok son sankar um sumaren, ein skjemdar-son søv um hausten.
৫গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
6 Velsigningar kjem yver hovudet på den rettferdige, men munnen åt dei gudlause gøymer vald.
৬সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
7 Minnet um den rettferdige ert til velsigning, men namnet åt dei gudlause morknar.
৭সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
8 Den vise tek imot påbod, men gapen gjeng til grunns,
৮যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
9 den som ferdast i uskyld, ferdast trygt, men den som gjeng krokvegar, skal verta kjend.
৯যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
10 Den som blinkar med auga, valdar vondt, men gapkjeften gjeng til grunns.
১০চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
11 Rettferdig manns munn er ei livsens kjelda, men munnen åt gudlause gøymar vald.
১১সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
12 Hat yppar trætta, men kjærleik breider yver alle brot.
১২ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
13 På vitug manns lippor er visdom å finna, men riset høver åt ryggen på dåren.
১৩সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
14 Dei vise gøymer kunnskapen sin, men or narremunn kann ein venta fåre.
১৪জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
15 Rikmanns eiga er hans faste by; fatigfolks ulukka er deira armod.
১৫ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
16 Det den rettferdige tener, gjeng til liv, det den gudlause vinn, gjeng til synd.
১৬সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
17 Den som på tukt tek vare, gjeng til livet, men den fer vilt som ikkje agtar age.
১৭যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
18 Den som løyner hat, hev ljugarlippor, og den som breider ut baktale, er ein dåre.
১৮যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
19 Der d’er mange ord, vil synd ikkje vanta, men den som set lås for lipporn’, er klok.
১৯অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
20 Rettferdig manns tunga er utvalt sylv, men gudløysings vit er lite verdt.
২০যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
21 Rettferdig manns lippor læskar mange, men dårarne døyr for dei vantar vit.
২১সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
22 D’er Herrens velsigning som gjer rik, og eige stræv legg inkje til.
২২যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
23 Dåren finn moro i skjemdarverk, men den vituge mannen i visdom.
২৩দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
24 Det den ugudlege gruar for, kjem yver han, og det rettferdige ynskjer, vert deim gjeve.
২৪দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
25 Der stormen hev fare, er den gudlause burte, men den rettvise stend på æveleg grunn.
২৫দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
26 Som edik er for tennerne og røyk for augo, so er letingen for den som sender han.
২৬দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
27 Otte for Herren lengjer livet, men gudløysings år vert stytte.
২৭যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
28 Rettferdige kann venta gleda, men voni åt gudlause vert til inkjes.
২৮সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
29 Herrens veg er vern for den skuldfri, men øydeleggjing for illgjerningsmenner.
২৯যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
30 Rettferdig mann skal aldri rikkast, men gudlause skal ei få bu i landet.
৩০যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
31 Rettferdig manns munn ber visdoms frukt, men avskori vert den falske tunga.
৩১যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
32 Rettferdig manns lippor søkjer hugnad, men munnen på gudlause berre fals.
৩২যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।