< Jeremias 46 >

1 Herrens ord som kom til profeten Jeremia um heidningefolki.
জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
2 Um Egyptarland. Um heren til Farao Neko, Egyptarlands-kongen, som stod burtmed Fratelvi, attmed Karkemis, og som Nebukadressar, Babel-kongen, vann på i det fjorde styringsåret åt Jojakim Josiason, kongen i Juda.
মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়:
3 Bu til skjoldarne, dei små og dei store, og far ut i striden!
তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।
4 Beit hestarne fyre og set dykk upp, ridarar, og fylk dykk hjelmbune! Kvet spjoti blanke, tak brynja på!
হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা।
5 Kvi ser eg slikt: hugbrotne hopar dei undan, kjemporne deira vert krasa, dei flyr og ser ikkje attende; rædsla rundt ikring, segjer Herren.
মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে; তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস।
6 Den lettføygde kann ikkje fly ifrå, og kjempa slepp ikkje undan. Der nord, attmed Fratelvi, snåvar dei og fell.
বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে; উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে।
7 Kven er det som stig upp likeins som Nilelvi med bårande vatn som i ei å?
যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?
8 Egyptarland stig upp likeins som Nilelvi med bårande vatn som i ei å. Det segjer: «Eg vil stiga upp og breida meg utyver landi, i øyde vil eg leggja byar og dei som i deim bur.
মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’
9 Kom uppetter, de hestar, og far rasande fram, de vogner! Kjemporne skal leggja av stad: Ætiopar og putarar som ber skjoldar, og ludarar som hev bogar å spenna.
হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক।
10 For dette er ein dag åt Herren, Herren, allhers drott, ein hemndag til å hemna seg på uvenerne sine. Då skal sverdet eta og verta mett og drikka seg drukke av blodet deira. For ei offerslagting held Herren, Herren, allhers drott, i Norderlandet attmed Fratelvi.
১০কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।
11 Far upp til Gilead og få deg balsam, du møy, Egyptarlands dotter! Til inkjes brukar du lækjeråder i mengd; det bid ikkje plåster for deg.
১১হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।
12 Folkeslag frettar skammi di, og jordi er full av naudropi dine. For ei kjempa snåvar i ei onnor, dei fell båe saman.»
১২জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।
13 Det ordet som Herren tala til profeten Jeremia um det, at Nebukadressar, Babel-kongen, skulde koma og slå Egyptarlandet:
১৩বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
14 Kunngjer det i Egyptarland og lat det frettast i Migdol, og lat det frettast i Nof og Tahpanhes! Seg: «Gakk fram og bu deg til! For sverdet hev ete alt ikring deg.»
১৪“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”
15 Kvi er din sterke støypt ned? Han kunde ikkje standa seg, for Herren støytt burti honom.
১৫তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।
16 Han fekk mange til å snåva, so den eine dett uppå den andre, og dei sagde: «Upp og lat oss snu attende til folket vårt, og til fødelandet vårt, undan det herjande sverdet!»
১৬তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”
17 Då ropar dei: «Farao, Egyptarlands-kongen, er berre ståket; han let den høvelege tidi fara frå seg.»
১৭তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
18 So sant som eg liver, segjer kongen - Herren, allhers drott, er namnet hans -: Lik Tabor millom fjelli og lik Karmel burtmed havet skal han koma.
১৮বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”
19 Få deg bunad til langferd, du busitjande Egyptarlands dotter! For Nof skal verta ei audn, so ingen kann bu der.
১৯হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।
20 Ei ovgild kviga er Egyptarland - ein klegg kjem nordanfrå, kjem gjer han.
২০মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।
21 Leigde hermenner, som gjødkalvar hjå henne, dei og snur og flyr alle i hop, stanar ikkje; for ulukkedagen er komen yver deim, den tidi dei vert heimsøkte.
২১তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।
22 Røysti hennar er liksom av skridande ormen. For med ein her skrid dei fram, og med øksar kjem dei mot henne likeins som vedhoggarar.
২২পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।
23 Dei høgg ned hennar skog, segjer Herren; for han er ikkje til å finna seg fram igjenom; for dei er fleire enn engsprettor, det er ikkje tal på deim.
২৩যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।
24 Egyptarlands dotter vert til skammar; ho vert gjevi i henderne på eit norderlendskt folk.
২৪মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”
25 Herren, allhers drott, Israels Gud, segjer: Sjå eg heimsøkjer Amon frå No og Farao og Egyptarland og gudarne og kongarne der, både Farao og dei som lit på honom,
২৫ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
26 Og eg gjev deim i henderne på deim som ligg deim etter livet, i henderne på Nebukadressar, Babel-kongen, og i henderne på tenarane hans. Men etter det skal landet vera byggt i fred liksom i gamle dagar, segjer Herren.
২৬আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
27 Men ottast ikkje, du min tenar Jakob, og ræddast ikkje, Israel! For sjå, eg frelser deg ut or burtlengste land, og avkjømet ut or utlægdi. Og Jakob skal koma tilbake og liva i ro og fred, og ingen skal skræma honom.
২৭“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
28 Ottast ikkje, du min tenar Jakob, segjer Herren; for eg er med deg. For eg vil gjera ende på alle dei folki som eg hev drive deg til. Men deg vil eg ikkje gjera ende på, men aga deg med måte, men reint utan refsing kann eg ikkje lata deg vera.
২৮যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”

< Jeremias 46 >