< 1 Samuels 18 >
1 Då han hadde tala ut med Saul, lagde Jonatan stor elsk på David, og Jonatan elska honom som seg sjølv.
১দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
2 Saul tok honom til seg den dagen og let honom ikkje venda heim att til far sin.
২চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
3 Jonatan gjorde fostbrorlag med David, av di han elska honom som seg sjølv.
৩তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
4 Jonatan tok av seg kappa han bar og gav til David, og våpnkjolen sin, ja jamvel sverdet sitt og bogen sin og beltet sitt gav han honom.
৪যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
5 David drog i herferd. Kvar helst Saul sende honom, hadde han lukka med seg. Og Saul sette honom yver krigsheren. Han var vel umtykt av heile folket, endå til av tenarane åt Saul.
৫চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
6 Då dei kom heim, etter David hadde felt filistaren, gjekk kvendi ut frå alle byar i Israel, med song og dans, til å møta kong Saul med trummor, fagnadrop og triangel.
৬পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
7 Kvendi trødde dansen og song: «Tusund tynte kong Saul, men David tie tusund.»
৭মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
8 Då vart Saul brennande harm. Han mislika dei ordi og sagde: «David hev dei gjeve ti tusund; meg hev dei gjeve tusund! No vantar det honom berre kongedømet!»
৮তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
9 Og Saul såg jamleg med skakkauga på David frå den dagen.
৯সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
10 Dagen etter kom den vonde åndi frå Gud yver Saul. Og han rasa i huset sitt. David spela på harpa, som han kvar dag gjorde. Saul hadde eit spjot i handi.
১০তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
11 Saul kasta spjotet og tenkte: «Eg rennar spjotet gjenom David og inn i veggen!» Men David bøygde seg undan, tvo vendor.
১১চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
12 Saul vart rædd David, av di Herren var med honom, samstundes som han hadde vike frå Saul.
১২চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
13 Saul fekk honom då burt frå seg, med di han sette honom til herførar: han førde herfolket både ut og heim.
১৩সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
14 David hadde lukka med seg all stad: Herren var med honom.
১৪আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
15 Då Saul såg at han hadde so stor ei lukka, fekk han rædsla for honom.
১৫চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
16 Men heile Israel og Juda elska David; for han førde deim både ut og heim.
১৬কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
17 Saul sagde med David: «Her er eldste dotter mi, Merab; henne gjev eg deg til kona. Berre te deg som ein dugande kar, og før striden for Herren!» Saul tenkte: «Ikkje for mi hand skal han falla, men for filistarane.»
১৭চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
18 David svara Saul: «Kven er eg? og kva er ætti mi, farsætti mi i Israel, sidan eg skal verta måg til kongen.»
১৮দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
19 Men då tidi kom at David skulde gifta seg med Merab, dotter åt Saul, gifte han henne med Adriel frå Mehola.
১৯কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
20 Med Mikal Saulsdotter hadde huglagt David. Saul fekk vita det, og han lika det godt;
২০তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
21 for Saul tenkte: «Eg skal gjeva henne åt honom, soleis at ho vert til ei snara for honom, so han fell for filistarhand.» Saul sagde med David: «Andre venda kann du verta mågen min.»
২১চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
22 Og Saul baud folki sine: «Kviskra dette ordet i øyra på David: «Kongen likar deg godt, alle folki hans er glad i deg; no må du verta måg til kongen!»»
২২আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
23 Då folki åt Saul sagde dette med David, svara han: «Tykkjer de det er so lite å vera kongsmåg? eg er då berre ein ring og fatig kar.»
২৩সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
24 Tenarane åt Saul fortalde honom det: «So og so sagde David.»
২৪পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
25 Saul sagde: «Soleis skal de segja med David: «Kongen krev ikkje onnor festargåve enn hundrad huvehold av filistarar; for kongen vil hava hemn yver fiendarne sine.»» Saul vonast fella David med filistarhand.
২৫তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
26 Tenarane hans melde desse ordi til David; og David lika godt å verta kongsmåg. Fyrr tidi var ute,
২৬যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
27 reis han upp og gjekk av stad med sveinarne sine og gav tvo hundrad filistarar banehogg. Og David førde huveholdi deira med seg og lagde fullt tal fram for kongen, so han kunde verta kongsmåg. So gav Saul honom Mikal til kona.
২৭সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
28 Saul såg og skyna at Herren var med David. Mikal Saulsdotter elska honom.
২৮চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
29 Men Saul vart stendigt meir og meir rædd David. So vart Saul uvenen åt David for heile livet.
২৯পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
30 Men filistarfyrstarne for i herferd. Og so tidt det for ut, hadde David meir lukka med seg enn hermennerne åt Saul. Og namnet hans vart høgvyrdt.
৩০তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।