< Ruts 4 >
1 Men Boas var gått op til byporten og hadde satt sig der. Da kom løseren som Boas hadde talt om, nettop forbi, og Boas sa: Kom hit og sett dig her, min venn! Og han kom og satte sig.
১তাৰ পাছত, বোৱজে বৈৎলেহেম নগৰৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল; এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰূথক তেওঁ কৈছিল, সেই ব্যক্তি জন বাটেদি আহি আছিল; তেতিয়া বোৱজে তেওঁক নাম কাঢ়ি মাতি ক’লে, “ইয়ালৈ আহি বহাচোন।” পাছত তেওঁ তাতে আহি বহিল।
2 Så kalte han til sig ti menn av byens eldste og sa: Sett eder her! Og de satte sig.
২তেতিয়া বোৱজে নগৰৰ বৃদ্ধ সকলৰ মাজৰ দহজনক মাতি আনি ক’লে, “আপোনালোক এই ঠাইতে বহ’ক।” তেতিয়া তেওঁলোক আহি সেই ঠাইতে বহিল।
3 Derefter sa han til løseren: Den aker som tilhørte vår bror Elimelek, har No'omi solgt, hun som er kommet tilbake fra Moabs land.
৩তেতিয়া বোৱজে সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনক ক’লে, “আমাৰ ভাই ইলীমেলকৰ যি মাটিডোখৰ আছিল, সেই ডোখৰ মাটি মোৱাব দেশৰ পৰা ঘূৰি অহা নয়মীয়ে বেচিব খুজিছে৷
4 Og jeg tenkte jeg vilde la dette komme til din kunnskap og si: Kjøp den i overvær av dem som sitter her, og av mitt folks eldste! Vil du innløse den, sa gjør det; men hvis ikke, så si mig det, sa jeg kan vite det! For det er ingen til å innløse den uten du og efter dig jeg selv. Han svarte: Jeg vil innløse den.
৪এই হেতুকে মই তোমাক এই কথা জনাব খুজিছোঁ যে, আমাৰ সন্মুখত বহি থকা ব্যক্তিসকলৰ আৰু মোৰ জাতিৰ বৃ্দ্ধসকলৰ আগত তুমি সেই মাটি ডোখৰ কিনি লোৱা৷ তুমি যদি মুক্ত কৰা, তেন্তে কৰা৷ কিন্তু যদি নকৰা, তেন্তে মোক কোৱা, মই জানিব খুজিছোঁ। কিয়নো মুক্ত কৰিবলৈ তোমাতকৈ ওচৰ-সম্পৰ্কীয় আন কোনো ব্যক্তি নাই, কিন্তু তোমাৰ পাছত মইহে আছোঁ।” তেতিয়া সেই ব্যক্তি জনে ক’লে, “মই মুক্ত কৰিম।”
5 Da sa Boas: Når du kjøper akeren av No'omi, kjøper du den også av moabittinnen Rut, den avdødes hustru, for å opreise den avdødes navn på hans arvelodd.
৫তেতিয়া বোৱজে ক’লে, “তুমি যিদিনা নয়মীৰ হাতৰ পৰা মাটি ডোখৰ কিনিবা, সেইদিনা তুমি মৃতজনৰ বংশৰ নাম জীয়াই ৰাখিবলৈ তেওঁৰ মোৱাবীয়া পত্নী ৰূথকো গ্ৰহণ কৰিব লাগিব৷”
6 Løseren svarte: Jeg kan ikke innløse den for mig, for da vilde jeg ødelegge min egen arvelodd; innløs du for dig det jeg skulde løse, for jeg kan ikke innløse det.
৬তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তেনেহ’লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰোঁ; তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰোঁ।”
7 I gamle dager var det skikk i Israel ved innløsning og bytte at den ene part til stadfestelse av saken drog sin sko av og gav den til den andre; dette gjaldt som bekreftelse i Israel.
৭ইস্ৰায়েলৰ মাজত মুক্ত কৰা আৰু সলোৱাৰ এনে ৰীতি-নীতি প্ৰচলিত আছিল, এই ৰীতি স্থিৰ কৰিবলৈ এজনে নিজৰ জোতা সোলোকাই আন জনক দিয়ে, এইদৰে ইস্ৰায়েলৰ মাজত সাক্ষীস্বৰূপ চৰ্ত আছিল।
8 Derfor sa løseren til Boas: Kjøp du det! Og med det samme drog han sin sko av.
৮সেয়ে তেওঁৰ ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তুমি নিজে কিনি লোৱা।” এইদৰে কৈ, তেওঁ নিজৰ জোতা সোলোকাই দিলে।
9 Da sa Boas til de eldste og alt folket: I er idag vidner på at jeg har kjøpt av No'omi alt det som tilhørte Elimelek, og alt som tilhørte Kiljon og Mahlon.
৯তাৰ পাছত বোৱজে বৃদ্ধ সকলক আৰু আটাই লোকসকলক ক’লে, “ইলীমেলকৰ যি যি আছিল, আৰু কিলিয়োন আৰু মহলোনৰ যি যি আছিল, সেই সকলোকে মই নয়মীৰ হাতৰ পৰা কিনিলোঁ; আজি তোমালোক ইয়াৰ সাক্ষী থ’লো।
10 Også moabittinnen Rut, Mahlons enke, har jeg vunnet mig til hustru for å opreise den avdødes navn på hans arvelodd, så den avdødes navn ikke skal bli utryddet blandt hans brødre og i hans hjemsteds port; det er I vidner på idag.
১০আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়, সেইবাবে মৃতলোকৰ অধিকাৰত তেওঁৰ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্য্যাস্বৰূপে মহলোনৰ ভাৰ্যা মোৱাবীয়া ৰূথকো কিনিলোঁ; আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ’ল।”
11 Og alt folket som var i porten, og de eldste sa: Ja, det er vi vidner på. Herren la den kvinne som nu drar inn i ditt hus, bli som Rakel og Lea, de to som bygget Israels hus, og gid du må bli en mektig mann i Efrata og få en navnkundig sønn i Betlehem!
১১নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।
12 Ditt hus bli som Peres' hus - han som Tamar fødte Juda - ved de efterkommere som Herren vil gi dig med denne unge kvinne!
১২যিহোৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই, তামাৰৰ পৰা যিহূদালৈ জন্মা পেৰচৰ বংশৰ দৰে হওক।”
13 Så tok Boas Rut hjem til sig, og hun blev hans hustru, og han gikk inn til henne; og Herren gav henne livsfrukt, og hun fødte en sønn.
১৩বোৱজে ৰূথক বিবাহ কৰি তেওঁৰ ভাৰ্যা ৰূপে গ্রহণ কৰিলে আৰু বোৱজে তেওঁৰ লগত শয়ন কৰাৰ পাছত তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিলে।
14 Da sa kvinnene til No'omi: Lovet være Herren, som ikke lot dig fattes en løser idag, og han bli navnkundig i Israel!
১৪পাছত এই বাতৰি পাই, মহিলাসকলে নয়মীক ক’লে, “ধন্য যিহোৱা, তেওঁ আজি তোমাক ওচৰ সম্পৰ্কীয় কোনো নথকাকৈ অকলশৰে ৰখা নাই; এই সন্তানটিৰ নামো ইস্ৰায়েলৰ মাজত প্ৰখ্যাত হওক।
15 Han skal bli din sjels trøster og din alderdoms forsørger; for din sønnekone, som har dig kjær, har født ham, hun som er mere for dig enn syv sønner.
১৫ই তোমাৰ জীৱন পুনৰ প্ৰতিষ্ঠা কৰিব, আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হ’ব, কাৰণ তোমাক প্ৰেম কৰোঁতা, আৰু তোমাৰ সাতজন পুত্ৰতকৈও উত্তম যি তোমাৰ বোৱাৰী তেওঁ ইয়াক প্ৰসৱ কৰিলে।”
16 Og No'omi tok barnet og la ham i sitt fang, og hun blev hans fostermor.
১৬তেতিয়া নয়মীয়ে ল’ৰাটিক নিজৰ কোলাত ল’লে, আৰু তেওঁ তাৰ ধাই মাতৃস্বৰূপ হ’ল।
17 Og grannekonene gav ham navn og sa: No'omi har fått en sønn! De kalte ham Obed; han blev far til Isai, Davids far.
১৭পাছত নয়মীৰ এটি পুত্ৰ জন্মিল, এই বুলি তেওঁৰ ওচৰ-চুবুৰীয়া মহিলাসকলে তাৰ নাম ওবেদ হ’ল। তেওঁ দায়ুদৰ ককাক, অৰ্থাৎ যিচয়ৰ বাপেক।
18 Dette er Peres' efterkommere: Peres fikk sønnen Hesron,
১৮এয়ে পেৰচৰ বংশাৱলী: পেৰচৰ পুতেক হিষ্ৰোণ,
19 og Hesron fikk sønnen Ram, og Ram fikk sønnen Amminadab,
১৯হিষ্ৰোণৰ পুতেক ৰাম, ৰামৰ পুতেক অম্মীনাদব,
20 og Amminadab fikk sønnen Nahson, og Nahson fikk sønnen Salma,
২০অম্মীনাদবৰ পুতেক নহচোন, নহচোনৰ পুতেক চলমোন,
21 og Salmon fikk sønnen Boas, og Boas fikk sønnen Obed,
২১চলমোনৰ পুতেক বোৱজ, বোৱজৰ পুতেক ওবেদ,
22 og Obed fikk sønnen Isai, og Isai fikk sønnen David.
২২ওবেদৰ পুতেক যিচয়, যিচয়ৰ পুতেক দায়ুদ।