< Salmenes 40 >
1 Til sangmesteren; av David; en salme. Jeg bidde på Herren; da bøide han sig til mig og hørte mitt rop.
১মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।
2 Og han drog mig op av fordervelsens grav, av det dype dynd, og han satte mine føtter på en klippe, han gjorde mine trin faste.
২তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
3 Og han la i min munn en ny sang, en lovsang for vår Gud. Mange ser det og frykter og setter sin lit til Herren.
৩তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
4 Salig er den mann som setter sin lit til Herren og ikke vender sig til overmodige og til dem som bøier av til løgn.
৪ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে; যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
5 Herre min Gud, du har gjort dine undergjerninger og dine tanker mangfoldige imot oss; intet er å ligne med dig; vil jeg kunngjøre og utsi dem, da er de flere enn at de kan telles.
৫হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
6 Til slaktoffer og matoffer har du ikke lyst - du har boret ører på mig - brennoffer og syndoffer krever du ikke.
৬তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
7 Da sa jeg: Se, jeg kommer; i bokrullen er mig foreskrevet;
৭তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ; পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।
8 å gjøre din vilje, min Gud, er min lyst, og din lov er i mitt hjerte.
৮হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
9 Jeg har budskap om rettferdighet i en stor forsamling; se, jeg lukket ikke mine leber; Herre, du vet det.
৯মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
10 Din rettferdighet skjulte jeg ikke i mitt hjerte, jeg kunngjorde din trofasthet og din frelse; jeg dulgte ikke din miskunnhet og din sannhet for en stor forsamling.
১০তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
11 Du, Herre, vil ikke lukke din barmhjertighet for mig; din miskunnhet og din sannhet vil alltid vokte mig.
১১হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
12 For trengsler uten tall har omspent mig, mine misgjerninger har grepet mig, så jeg ikke kan se; de er flere enn hårene på mitt hode, og mitt hjerte har sviktet mig.
১২কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।
13 La det behage dig, Herre, å utfri mig! Herre, skynd dig å hjelpe mig!
১৩হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।
14 La alle dem bli til skam og spott som står mig efter livet og vil rive det bort! La dem som ønsker min ulykke, vike tilbake og bli til skamme!
১৪যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
15 La dem som sier til mig: Ha, ha! forferdes over sin skjensel.
১৫যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।
16 La alle dem som søker dig, fryde og glede sig i dig! La dem som elsker din frelse, alltid si: Høilovet være Herren!
১৬কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।”
17 For jeg er elendig og fattig; Herren vil tenke på mig. Du er min hjelp og min frelser; min Gud, dryg ikke!
১৭কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।