< Jeremias 31 >
1 På den tid, sier Herren, vil jeg være alle Israels ætters Gud, og de skal være mitt folk.
১“সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
2 Så sier Herren: Det folk som er undkommet fra sverdet, har funnet nåde i ørkenen; jeg vil gå og føre Israel til ro.
২যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
3 Fra det fjerne har Herren åpenbaret sig for mig: Ja, med evig kjærlighet har jeg elsket dig; derfor har jeg latt min miskunnhet mot dig vare ved.
৩যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
4 Ennu en gang vil jeg bygge dig, og du skal bli bygget, du jomfru, Israel! Ennu en gang skal du pryde dig med dine trommer og gå ut i dansen med de glade.
৪হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
5 Ennu en gang skal du plante vingårder på Samarias fjell; de som planter dem, skal også ta dem i bruk.
৫তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।
6 For det kommer en dag da vektere skal rope på Efra'ims fjell: stå op og la oss dra op til Sion, til Herren vår Gud!
৬কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
7 For så sier Herren: Juble over Jakob med glede og rop med fryd over det ypperste blandt folkene! La lovsang lyde og si: Herre, frels ditt folk, dem som er igjen av Israel!
৭কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
8 Se, jeg fører dem fra landet i nord og samler dem fra jordens ytterste ende; blandt dem er det både blinde og halte, både fruktsommelige og fødende; som en stor skare skal de komme hit tilbake.
৮চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
9 Med gråt skal de komme og med ydmyke bønner, og jeg vil lede dem; jeg vil føre dem til rinnende bekker på en jevn vei, hvor de ikke skal snuble; for jeg er blitt en far for Israel, og Efra'im er min førstefødte.
৯তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
10 Hør Herrens ord, I folk, og forkynn det på øene langt borte og si: Han som adspredte Israel, skal samle det og vokte det, som en hyrde vokter sin hjord.
১০হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
11 For Herren har fridd Jakob ut og løst ham av dens hånd som var sterkere enn han.
১১কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
12 Og de skal komme og synge med fryd på Sions berg, og de skal strømme til Herrens gode ting, til korn og til most og til olje og til unge får og okser, og deres sjel skal være som en vannrik have, og de skal ikke vansmekte mere.
১২তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
13 Da skal jomfruer glede sig i dans, og unge og gamle skal glede sig sammen, og jeg vil vende deres klage til fryd og trøste dem og glede dem efter deres sorg.
১৩তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
14 Og jeg vil vederkvege prestene med det fete, og mitt folk skal mettes med mine gode ting, sier Herren.
১৪আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
15 Så sier Herren: En røst høres i Rama, veklage, bitter gråt; Rakel gråter over sine barn; hun vil ikke la sig trøste over sine barn, for de er ikke mere til.
১৫যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
16 Så sier Herren: Hold op med din gråt, og la ikke dine øine felle tårer mere! Du skal få lønn for ditt arbeid, sier Herren, og de skal vende tilbake fra fiendens land.
১৬যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
17 Og det er håp for din fremtid, sier Herren, og barna skal vende tilbake til sitt land.
১৭তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
18 Jeg har hørt Efra'im klage: Du har tuktet mig, ja, jeg blev tuktet som en utemmet kalv; omvend mig du, så blir jeg omvendt, du er jo Herren min Gud.
১৮“মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
19 For efterat jeg har vendt mig bort fra dig, angrer jeg, og efterat jeg har fått forstand, slår jeg mig på lenden; jeg blues, ja, jeg skammer mig, for jeg bærer min ungdoms skam.
১৯নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
20 Er da Efra'im en så dyrebar sønn for mig eller mitt kjæreste barn, siden jeg ennu må komme ham i hu, enda jeg så ofte har talt mot ham? Derfor røres mitt hjerte av medynk med ham, jeg må forbarme mig over ham, sier Herren.
২০ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
21 Reis dig merkestener, sett dig veivisere, gi akt på den banede vei, den vei du gikk! Vend tilbake, du jomfru, Israel, vend tilbake til dine byer her!
২১তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
22 Hvor lenge vil du vanke omkring, du frafalne datter? For Herren skaper noget nytt i landet: Kvinnen skal stadig være om mannen.
২২হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
23 Så sier Herren, hærskarenes Gud, Israels Gud: Ennu en gang skal de si så i Juda land og i dets byer, når jeg gjør ende på deres fangenskap: Herren velsigne dig, du rettferdighets bolig, du hellige berg!
২৩ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
24 Og Juda med alle sine byer skal bo der sammen som jordbrukere og omvandrende hyrder.
২৪কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।
25 For jeg vil kvege den trette sjel, og hver vansmektende sjel vil jeg mette.
২৫কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
26 Ved dette våknet jeg og så mig om, og jeg fant at min søvn hadde vært herlig.
২৬ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
27 Se, dager kommer, sier Herren, da jeg vil tilså Israels land og Judas land med menneskers sæd og med dyrs sæd.
২৭যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
28 Og likesom jeg har våket over dem for å rykke op og for å rive og bryte ned og ødelegge og plage dem, således vil jeg også våke over dem for å bygge og plante, sier Herren.
২৮তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
29 I de dager skal de ikke mere si: Fedrene åt sure druer, og barnas tenner blev såre.
২৯সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
30 Men enhver skal dø for sin egen misgjernings skyld; hvert menneske som eter sure druer, han skal selv få såre tenner.
৩০কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
31 Se, dager kommer, sier Herren, da jeg vil oprette en ny pakt med Israels hus og med Judas hus,
৩১যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
32 ikke som den pakt jeg oprettet med deres fedre på den dag da jeg tok dem ved hånden for å føre dem ut av Egyptens land, den pakt med mig som de brøt, enda jeg var deres ektemann, sier Herren;
৩২মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
33 men dette er den pakt jeg vil oprette med Israels hus efter de dager, sier Herren: Jeg vil gi min lov i deres sinn og skrive den i deres hjerte, og jeg vil være deres Gud, og de skal være mitt folk;
৩৩“কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
34 og de skal ikke mere lære hver sin næste og hver sin bror og si: Kjenn Herren! For de skal alle kjenne mig, både små og store, sier Herren; for jeg vil forlate deres misgjerning og ikke mere komme deres synd i hu.
৩৪তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
35 Så sier Herren, som satte solen til lys om dagen og lover for månen og stjernene, så de lyser om natten, han som oprører havet så dets bølger bruser - Herren, hærskarenes Gud, er hans navn:
৩৫যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
36 Dersom disse lover ikke lenger står ved makt for mitt åsyn, sier Herren, da skal også Israels ætt ophøre å være et folk for mitt åsyn alle dager.
৩৬“যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
37 Så sier Herren: Dersom himmelen kan måles der oppe, og jordens grunnvoller utforskes der nede, da vil også jeg forkaste all Israels ætt for alt det de har gjort, sier Herren.
৩৭যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
38 Se, dager kommer, sier Herren, da byen skal bygges for Herren, fra Hananels tårn like til Hjørneporten,
৩৮যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
39 og målesnoren skal gå videre rett frem over Gareb-haugen, og så skal den vende sig til Goa,
৩৯তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
40 og hele dalen med de døde kropper og asken, og alle markene like til Kedrons bekk, til Hesteportens hjørne mot øst, skal være hellige for Herren. Der skal aldri mere rykkes noget op eller brytes noget ned.
৪০আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”