< Esaias 52 >

1 Våkn op, våkn op, iklæ dig din styrke, Sion! Klæ dig i ditt høitidsskrud, Jerusalem, du hellige stad! For ingen uomskåren eller uren skal mere komme inn i dig.
হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
2 Ryst støvet av dig, stå op, ta sete, Jerusalem! Gjør dig løs fra båndene om din hals, du fangne Sions datter!
হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া।
3 For så sier Herren: For intet blev I solgt, og uten penger skal I bli gjenløst.
কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।”
4 Ja, så sier Herren, Israels Gud: I sin første tid drog mitt folk ned til Egypten for å bo der som fremmed, og siden undertrykte Assur det uten nogen rett.
কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল।
5 Og nu, hvad skal jeg gjøre her? sier Herren; for mitt folk er ført bort for intet, dets herskere brøler, sier Herren, og hele dagen igjennem blir mitt navn spottet.
এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।”
6 Derfor skal mitt folk lære å kjenne mitt navn; derfor skal det på den dag lære å kjenne at jeg er den som sier: Se, her er jeg!
সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।”
7 Hvor fagre er på fjellene dens føtter som kommer med gledesbud, som forkynner fred, som bærer godt budskap, som forkynner frelse, som sier til Sion: Din Gud er blitt konge!
যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!
8 Hør! Dine vektere opløfter sin røst, de jubler alle sammen; for like for sine øine ser de at Herren vender tilbake til Sion.
শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।
9 Bryt ut og juble alle sammen, Jerusalems ruiner! For Herren trøster sitt folk, han gjenløser Jerusalem.
যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
10 Herren avdekker sin hellige arm for alle folkenes øine, og alle jordens ender får se vår Guds frelse.
১০যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
11 Avsted, avsted! Dra ut derfra! Rør ikke ved noget urent! Dra ut derfra! Rens eder, I som bærer Herrens kar!
১১তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
12 For I skal ikke dra ut i hast og ikke fare bort som flyktninger; for Herren går foran eder, og Israels Gud slutter eders tog.
১২কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।
13 Se, min tjener skal gå frem med visdom; han skal bli opløftet og ophøiet og være meget høi.
১৩চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব।
14 Likesom mange blev forferdet over ham - så ille tilredt var han at han ikke så ut som et menneske, og hans skikkelse ikke var som andre menneskebarns -
১৪তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল-
15 således skal han få mange folkeferd til å fare op, for ham skal konger lukke sin munn; for det som ikke var fortalt dem, det har de sett, og det de ikke hadde hørt, det har de fornummet.
১৫সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।

< Esaias 52 >